X
X

ফেক্ট চেক: পোষ্ট এটাত কোৱা হৈছিল যে মূৰৰ বিষত এছপিৰিণৰ তুলনাত আমণ্ডে অধিক ভালকৈ কামত দিয়ে। কথাটো ভুল হয়।

এছপিৰিণৰ তুলনাত আমণ্ড অধিক ভালকৈ কাম কৰে বুলি দাবী কৰা ভাইৰেল পোষ্টটো মিছা হয়। এনেকুৱা কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে, এছপিৰিণৰ সলনি আমণ্ড খালেও চলিব।

  • By: Urvashi Kapoor
  • Published: Apr 30, 2022 at 02:03 PM
  • Updated: May 11, 2022 at 03:33 PM

নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত এইটো পোষ্ট ভাইৰেল হৈছিল যে, এছপিৰিণৰ তুলনাত আমণ্ডে অধিক ভালকৈ কামত দিয়ে। সেই পোষ্টত কোৱা হৈছিল, মূৰৰ বিষ হ’লে 10-12টা আমণ্ড খাব লাগে। পোষ্টটোত এয়াও দাবী কৰা হৈছিল যে, 10-12টা আমণ্ড হ’ল 2টা এছপিৰিণৰ সমান। বিশ্বাস নিউজে বিষয়টো তদন্ত কৰি গম পালে যে, কথাটো মিছা হয়।

দাবী

ছ’চিয়েল মিডিয়া পোষ্টত লিখা আছিল: “মূৰৰ বিষৰ প্ৰতিকাৰ। আপোনাৰ কেতিয়াবা মূৰৰ বিষ হ’লে দুটা এছপিৰিণৰ সমান কামত দিয়া 10-12টা আমণ্ড খাব।”

সেই পোষ্টৰ আৰ্কাইভ হোৱা ভাৰ্ছন  ইয়াত চাবলৈ পোৱা যাব।

তদন্ত

বিশ্বাস নিউজে তদন্ত কৰি গম পালে যে এছপিৰিণ হ’ল ছেলিকাইলেট্স নামৰ মেডিকেশ্বন গ্ৰুপৰ অন্তৰ্গত এটা দৰৱ। যিবোৰ প্ৰাকৃতিক উপাদানৰ কাৰণে জ্বৰ, বিষ, হাত-ভৰি ফুলা, আৰু তেজ গোট বান্ধি যায়, সেই উপাদানৰ উৎপাদন বন্ধ কৰি দি এই দৰৱে কাম কৰি থাকে।

ইয়াৰ পাছতো আমি তদন্ত কৰি থাকোঁতে নেশ্বনেল লাইব্ৰেৰী অৱ মিডিয়াৰ ৱেবচাইটত 2001-ৰ এটা প্ৰতিবেদন  দেখা পালোঁ। য’ত লিখা আছে, এছপিৰিণ হ’ল এটা এচিটাইলেটেড ছেলিকাইলেট, যি ছেলিকাইলেট নামৰ এটা গ্ৰুপৰ অন্তৰ্গত হয়। ইয়াৰ কাম হ’ল, চাইক্ল’-অক্সিজিনেছ (COX) 1 বা 2-ক আক্ৰমণ কৰি প্ৰষ্টেগ্লেডিনৰ উৎপন্ন হোৱা বন্ধ কৰি মূৰৰ বিষ কমই দিয়ে।

আন এটা প্ৰতিবেদন -ত উল্লেখ কৰা হৈছে যে, সকলো প্ৰকাৰ ছেলিকাইট দৰৱক অতি মাত্ৰাত ব্যৱহাৰ কৰিলে মূৰৰ বিষ হ’ব পাৰে।

ইফালে ছিডনী ল’কেল হেল্থ ডিষ্ট্ৰিক্ট, NSW চৰকাৰৰ মতে, আমণ্ডত ছেলিকাইলেট থাকে। এইটো কথা বেলেগ আৰু এটা প্ৰতিবেদন -ৰপৰা জানিব পৰা গৈছে যে। ছেলিচিন হ’ল প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা ছেলিকাইলেট। সেই কাৰণে বহুতে ভাবে যে, আমণ্ড খালে মূৰৰ বিষ বা আনকি মাইগ্ৰেণ একেবাৰে নোহোৱা হৈ যায়।

কিছুমান গৱেষণাত এয়াও কোৱা হৈছে যে, মূৰৰ বিষত আমণ্ড বহুত কামত দিয়ে।

বায়’মেডচেণ্ট্ৰালৰ গৱেষণাত আহাৰ আৰু মূৰৰ বিষৰ মাজত থকা সম্পৰ্কক লৈ বিশ্লেষণ কৰা হৈছে। ইয়াত পঢ়ক।.

কিন্তু উল্লিখিত কোনো এখন গৱেষণাত এইটো কথা ব্যাখ্যা কৰা নাই যে, কেনেকুৱা আহাৰ গ্ৰহণ কৰিলে মূৰৰ বিষ কমিব পাৰে। সেয়ে এইটো কথা প্ৰমাণ কৰাৰ কাৰণে এতিয়াও আৰু গৱেষণা কৰি চাব লাগিব যে, আমণ্ড সঁচাকৈ মূৰৰ বিষ ঠিক কৰিব পাৰে বা মূৰৰ বিষত চিকিৎসাত এছপিৰিণিৰ সলনি আমণ্ড খাব পৰা যাব।

বিশ্বাস নিউজে মহাৰাজা অগ্ৰসেন হস্পিটেল আৰু ড. জুনেজা নিউৰ’ চেণ্টাৰৰ কনছালটেণ্ট নিউৰ’লজিষ্টৰ সৈতে কথা পাতিছে। তেওঁ কৈছে: “এনেকুৱা কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে, এছপিৰিণৰ সলনি আমণ্ড খাব পৰা যাব। এইটো কথা ঠিকেই যে, আমণ্ড এবিধ স্বাস্থ্যকৰ খাদ্য হয়। কিন্তু এনেকুৱা কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে, মূৰৰ বিষত আমণ্ড প্ৰতিকাৰ ব্যৱস্থা হৈ উঠিব পাৰে।”

ফেচবুকত ‘নিউট্ৰিশ্বনিষ্ট আলিজে খট্টক’ (‘Nutritionist Alizay khattak’) নামৰ এটা পেজত সেই পোষ্ট শ্বেয়াৰ কৰা হৈছিল। আমি সেই পেজখন স্কেন কৰিলোঁ আৰু দেখা পালোঁ যে, তাত আহাৰ আৰু পুষ্টি সম্বন্ধীয় অজস্ৰ পোষ্ট আছে। সেই পেজৰ 65 জন অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ এছপিৰিণৰ তুলনাত আমণ্ড অধিক ভালকৈ কাম কৰে বুলি দাবী কৰা ভাইৰেল পোষ্টটো মিছা হয়। এনেকুৱা কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে, এছপিৰিণৰ সলনি আমণ্ড খালেও চলিব।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later