X
X

Fact-Check: বিভ্ৰান্তিকৰ দাবীৰ সৈতে ভোজপুৰী অভিনেত্ৰী আকাংক্ষা দুবেৰ পুৰণি ভিডিঅ’ ভাইৰেল হৈ আছে

  • By: Ashish Maharishi
  • Published: Apr 11, 2023 at 09:45 AM
  • Updated: Jul 13, 2023 at 12:18 PM

নতুন দিল্লী (বিশ্বাস নিউজ): বাৰাণসীৰ এখন হোটেলৰপৰা ভোজপুৰী অভিনেত্ৰী আকাংক্ষা দুবেৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰেপৰা তেওঁৰ বিভিন্ন ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এতিয়া আকাংক্ষা দুবে আৰু সমৰ সিঙৰ মাজত হোৱা কথোপকথনৰ এখন পুৰণি ভিডিঅ’ ভাইৰেল হৈ আছে এই দাবীৰ সৈতে যে এইখন অভিনেত্ৰী গৰাকীৰ মৃত্যুৰ ঠিক আগমুহূৰ্তৰ লাইভ ভিডিঅ’ হয়।

বিশ্বাস নিউজে ভাইৰেল হোৱা পোষ্টৰ ফেক্ট-চেক কৰি চোৱাৰ পাছত গম পাইছে যে এয়া বিভ্ৰান্তিকৰ দাবী হয়। আকাংক্ষা দুবেৰ মৃতদেহ 26 মাৰ্চ তাৰিখে বাৰাণসীৰ এখন হোটেলৰ ৰূমৰপৰা উদ্ধাৰ হৈছিল। আকাংক্ষা দুবেৰ মাতৃৰ অভিযোগৰ ভিত্তিত ভোজপুৰী গায়ক সমৰ সিঙ তথা এই গায়কৰ ভ্ৰাতৃ সঞ্জয় সিঙৰ বিৰুদ্ধে এটা গোচৰ নথিভুক্ত কৰা হৈছে।

দাবী:

ফেচবুক পেজ Varal News-এ 27 মাৰ্চ তাৰিখে এখন ভিডিঅ’ আপলোড কৰিছিল এই কেপচনৰ সৈতে, “Akanksha Dubey live Samar Singh Akanksha Dubey live death some time ago.” (অৰ্থাত, আকাংক্ষা দুবে লাইভ সমৰ সিঙ লাইভ মৃত্যুৰ কিছু সময় পূৰ্বে)। এই ভিডিঅ’ক সত্য বুলি ভাবি অন্যান্য ইউজাৰেও এইটোক ভাইৰেল কৰি আছে। এই পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পৰা যাব।

তদন্ত:

ভাইৰেল হোৱা পোষ্টত ব্যৱহাৰ কৰা ভিডিঅ’ৰ সত্যতা পৰীক্ষা কৰি চোৱাৰ কাৰণে বিশ্বাস নিউজে প্ৰথমতে ভিডিঅ’টোক স্কেন কৰি চাইছে। সেই ভিডিঅ’ত এইটো শুনিবলৈ পোৱা গৈছে যে, আকাংক্ষা দুবে কৈ আছে তেওঁ ‘মিট্টি’ বোলছবিৰ শ্বুটিঙৰ কাৰণে সোনভদ্ৰাত আছে। অৱশ্যে, তেওঁৰ মৃত্যুৰ পাছত সংবাদ মাধ্যমত প্ৰকাশ হোৱা শেহতীয়া বাতৰি অনুসৰি গম পোৱা গৈছে যে, আকাংক্ষা দুবে এখন বোলছবিৰ কাৰণে বাৰাণসীত শ্বুটিং কৰি আছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হ’ল যে ভাইৰেল হোৱা ভিডিঅ’টো পুৰণি হয়।

অনুসন্ধান চলাই থাকোঁতে আচল ভিডিঅ’টো ইউটিউবত পোৱা গৈছিল। সেইখন 22 জানুৱাৰী, 2022 তাৰিখে আপলোড কৰা হৈছিল। এই ভিডিঅ’ক হে এই বুলি ভাইৰেল কৰা হৈ আছে যে এয়া তেওঁৰ মৃত্যুৰ আগমুহূৰ্তৰ হয়।

তদন্তক আগবঢ়াই লৈ যাওঁতে 26 মাৰ্চ তাৰিখে দৈনিক জাগৰণৰ ই-পেপাৰত প্ৰকাশ পোৱা এটা বাতৰি পোৱা গ’ল। সেই বাতৰিত কোৱা হৈছে যে, আকাংক্ষা আছিল সাৰনাথৰ বুদ্ধ চিটি কলোনীত অৱস্থিত হোটেল সোমেন্দ্ৰৰ 105 নম্বৰ ৰুমত। আৰক্ষী তদন্তত গম পোৱা গৈছে যে ভোজপুৰী গায়ক সমৰ সিঙৰ সৈতে তেওঁ প্ৰেমৰ সম্পৰ্কত আবদ্ধ আছিল। আকাংক্ষা এই কথাক লৈ দুখত আছিল যে কেই দিন মান ধৰি তেওঁলোক দুয়োৰ মাজত কোনো কথা-বতৰা হোৱা নাছিল।

27 মাৰ্চ তাৰিখে Jagran.com-ত প্ৰকাশ পোৱা উল্লেখ কৰা হৈছে যে, সমৰ সিঙ আৰু তেওঁৰ ভ্ৰাতৃ সঞ্জয় সিঙৰ নামত সাৰনাথ আৰক্ষী থানাত আকাংক্ষা দুবেৰ মাতৃ মধু দুবেৰ অভিযোগৰ ভিত্তিত 306 ধাৰাৰ অধীনত এখন গোচৰ নথিভুক্ত কৰা হৈছে।

অনুসন্ধান কৰি থাকোঁতে আকাংক্ষা দুবেৰ মৃত্যুৰ বাতৰি সম্বন্ধীয় এটা ভিডিঅ’ NDTV-ৰ ইউটিউব চেনেলত পোৱা গৈছিল। তাত এজন আৰক্ষী বিষয়াৰ মুখত এই কথা শুনিবলৈ পোৱা গৈ আছে যে, আকাংক্ষা দুবে বাৰাণসীৰ এখন হোটেলৰ 105 নম্বৰ ৰুমত আত্মহত্যা কৰিছে।

বিশ্বাস নিউজে ইয়াৰ পাছত দৈনিক জাগৰণ, বাৰাণসীৰ অপৰাধ সাংবাদিক দীনেশ সিঙৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ হে আকাংক্ষা দুবেৰ মৃত্যু সম্বন্ধীয় বাতৰি কৰিছিলে। তেওঁৰ সৈতে আমি ভাইৰেল হোৱা ভিডিঅ’টো শ্বেয়াৰ কৰিছিলোঁ। তেওঁ স্পষ্ট ভাৱে কৈছে যে, ভাইৰেল হোৱা ভিডিঅ’টো আকাংক্ষা দুবেৰ মৃত্যুৰ আগমুহূৰ্তৰ লাইভ ভিডিঅ’ নহয়, এয়া এটা পুৰণি ভিডিঅ’ হয়।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত গম পোৱা গৈছে যে ভাইৰেল হোৱা পোষ্ট বিভ্ৰান্তিকৰ হয়। যিটো ভিডিঅ’ক ভাইৰেল কৰা হৈ আছে সেইটো এবছৰ আগৰ ভিডিঅ’ হয়।

  • Claim Review : আকাংক্ষা দুবেৰ মৃত্যুৰ আগমুহূৰ্তত তেওঁৰ সৈতে সমৰ সিঙৰ লাইভ ভিডিঅ’
  • Claimed By : Fb page: Varal News
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later