X
X

Fact Check: কৰিণা কাপুৰ খান-এ এক্স ব্যৱহাৰ নকৰে, ক্ৰিকেটৰ বিষয়ে শ্বেয়াৰ কৰা ভাইৰাল পোষ্টখন ফেন পেজৰ মাধ্যমে শ্বেয়াৰ কৰা হৈছে

নতুন দিল্লি(বিশ্বাস নিউজ)। এখন একাউন্টৰ পৰা মাইক্ৰব্লগিং সাইট এক্সত কিছুমান পোষ্ট কৰিণা কাপুৰ খানৰ নামত শ্বেয়াৰ কৰা হৈ আছে। এই পোষ্টসমূহত কৰিণা কাপুৰ খানৰ এখন প্ৰফাইল ছবি দেখা পোৱা যায়, আৰু তাত ব্যৱহাৰকাৰীৰ নাম হিচাপে কৰিণা কাপুৰ খানৰ নাম দেখা গৈছে। এইসমূহ পোষ্টত কিছুমান মন্তব্য অন্তৰ্ভুক্ত হৈ আছে, যেনে, “প্ৰথমত শিৰাজ আৰু এতিয়া শামি, ভাৰতীয় ক্ৰিকেট দলত কি হৈ আছে?” মন্তব্য সমূহত হেছটেগ দিয়া আছে, “উইকেট জিহাদ”। কিছুমান সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই পোষ্টবোৰ কৰিণা কাপুৰ খানে পোষ্ট কৰা বুলি ভাবি, শ্বেয়াৰ কৰি আছে আৰু অন্যান্য ব্যৱহাৰকাৰীসকলৰ পৰা মন্তব্য বিছাৰিছে। একে ধৰণে অন্যান্য সকলেও এই এক্স একাউন্টৰ পৰা এইখন পোষ্ট শ্বেয়াৰ কৰি আছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, কৰিণা কাপুৰ খান এক্স(অতীতৰ টুইটাৰ)-ত সক্ৰিয় নহয়। ভাইৰাল পোষ্টখন তেঁওৰ নামত সৃষ্টি কৰা এখন ফেন পেজৰ পৰা পোষ্ট কৰা হৈছে যি অন্যান্য ব্যৱহাৰকাৰীসকলে শ্বেয়াৰ কৰি আছে। 

দাবি:

এক্স ব্যৱহাৰকাৰী কৰিণা কাপুৰ খান-এ @কৰিণা কেপিএন (আৰ্কাইভ লিঙ্ক)চেপ্টম্বৰৰ 22 তাৰিখে মহম্মদ শামিৰ ছবি পোষ্ট কৰিছে আৰু লিখিছে যে, “প্ৰথমত শিৰাজ আৰু এতিয়া শামি, ভাৰতীয় ক্ৰিকেট দলত কি হৈ আছে? “উইকেট_জিহাদ”  

ফেচবুক ব্যৱহাৰকাৰী ‘ফৰদিন খান‘-এ (আৰ্কাইভ লিঙ্ক) এই পোষ্টখন শ্বেয়াৰ কৰিছে আৰু লিখিছে যে, “‘ছুৰমা’ শামিৰ সন্মুখীন হৈ অস্ট্ৰেলিয়াৰ খেলৈসকল পৰাস্ত হলে, মহম্মদ শামিয়ে তেঁওৰ খামোচ খুলিছে…. কৰিণা কাপুৰৰ এই টুইটত আপোনাৰ মন্তব্য….”

ফেচবুক ব্যৱহাৰকাৰী ‘বিন্দাস হৰিয়ানা নিউজ’-এ (আৰ্কাইভ লিঙ্ক) কৰিণা কাপুৰ খানৰ নামত সৃষ্টি কৰা এক্স একাউন্টৰ মাধ্যমে কৰা পোষ্টৰ অন্য দুটা স্ক্ৰিন শ্বট শ্বেয়াৰ কৰিছে+  

অন্য এজন ব্যৱহাৰকাৰীয়ে(আৰ্কাইভ লিঙ্ক) এই একাউন্টৰ পৰা কৰা পোষ্টখন শ্বেয়াৰ কৰিছে। 

তদন্ত:

এই ভাইৰাল দাবিটো তদন্ত কৰিবলৈ, আমি ভাইৰাল পোষ্ট থকা এক্স একাউন্টখন স্কেন কৰিলো। ‘কৰিণা কাপুৰ খান’-ৰ নামত বনোৱা একাউন্টখন এটা নীলা চিন আছে। একাউন্টৰ আঙ্গিক তথ্যয় এয়া স্পষ্ট কৰিছে যে এয়া এটা ফেন পেজ। এই একাউন্টখন মাৰ্চ 2022-ত প্ৰস্তুত কৰা হৈছিল আৰু ইয়াক 1,17,000 ব্যৱহাৰকাৰীয়ে অনুসৰণ কৰে। 

এই একাউন্টে চেপ্টম্বৰ 2023-ত নীলা চিন লাভ কৰিছে। 

ইয়াৰ পিছত আমি কৰিণা কাপুৰৰ আচল এক্স-একাউন্টখন বিছাৰিলোঁ, কিন্ত এটাও উলিয়াবলৈ সক্ষম নহলো। গুগলত কিৱাৰ্ডৰ জৰিয়তে বিছাৰি থাকোতে, আমি অমৰ উজালা-ত 10 আগষ্ট 2022-ত প্ৰকাশিত হোৱা এখন সংবাদ পালো। তাত লিখা আছে, আমিৰ খান আৰু কৰিণা কাপুৰ খানৰ বোলছবি, লাল সিং চড্ডা-ৰ মুক্তিৰ আগত, সামাজিক মাধ্যমত ইয়াক বৰ্জন কৰাৰ দাবি জনোৱা হৈছে। এই সন্দৰ্ভত কৰিণা কাপুৰে জনসাধাৰণৰ ওপৰত ক্ষোভ উজাৰিছে। বোলছবিখন বৰ্জন কৰাৰ দাবি জনোৱা লোকসকলক তেঁও কৈছে যে, কোনে তেঁওৰ চলচিত্ৰখন চালে বা নাচালে এই বিষয়টো তেঁওৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ নহয়। সাম্প্ৰতিক কালত তেঁও কৈছে যে এনে ঘটনা হৈ থাকে, যাৰ বাবে অভিনেতা অভিনেত্ৰীসকলক বিৰুপ মন্তব্য শুনিবলগীয়া হয়, সেইবাবে তেঁও টুইটাৰ ব্যৱহাৰ নকৰে।

টাইমচ অফ ইণ্ডিয়াত 10 আগষ্ট, 2022-ত প্ৰকাশিত ৰিপোৰ্ট মতে, এয়াও লিখা আছে যে, কৰিণা কাপুৰ খান ইনষ্টাগ্ৰামত সক্ৰিয় হৈ আছে, কিন্তু টুইটাৰত নাই।

এই সন্দৰ্ভত, মুম্বাইৰ অভিজ্ঞ সংবাদদাতা, পৰাগ ছাপেকৰ-এ কয় যে, “কৰিণা কাপুৰ ইনষ্টাগ্ৰামত আছে, কিন্তু এক্স-ত নাই। এয়া তেঁওৰ নামত প্ৰস্তুত কৰা এটা ভুৱা একাউন্ট।”

আকৌ, চনু নিগমৰ ছবিও এক্স-ৰ এটা পেৰ’ডি একাউন্টৰ পৰা পোষ্ট কৰা হৈছিল, যিটো ব্যৱহাৰকাৰীসকলে চনু নিগমৰ নিজৰ একাউন্টৰ পৰা কৰা বুলি ভাবিছিল। এই সন্দৰ্ভত বিশ্বাস নিউজৰ ৰিপোৰ্ট ইয়াত পঢ়িব পাৰিব। 

শেষত, আমি, ফেন পেজৰ দ্বাৰা কৰা পোষ্টৰ স্ক্ৰিন শ্বট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল স্কেন কৰিলোঁ। মুম্বাইত বসবাসকাৰী ব্যৱহাৰকাৰীজনৰ 38,000 অনুসৰণকাৰী আছে। 

উপসংহাৰ: কৰিণা কাপুৰ এক্স-ত সক্ৰিয় নহয়। ভাইৰাল পোষ্টখন তেঁওৰ নামত প্ৰস্তুত কৰা এটা ফেনপেজৰ পৰা শ্বেয়াৰ কৰা হৈছে।

  • Claim Review : কৰিণা কাপুৰ খানে, এক্স-ত শামি শিৰাজ আৰু উইকেট জিহাদৰ বিষয়ে পোষ্ট কৰিছে।
  • Claimed By : এফবি: ব্যৱহাৰকাৰী ফৰদিন খান
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later