X
X

Fact Check: এলভিছ যাদবৰ লগত থকা বিৰাট কহলিৰ ছবিখন এডিট কৰা, যিটো ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ হৈ আছে

নিউ দিল্লী বিশ্বাস নিউজ- এলভিছ যাদব বিগ বছ অটিট ছিজন 2 ৰ বিজয়ী হিচাপে স্বীকৃতি লাভ কৰাৰ পিছৰ পৰায়ে, তেঁওৰ লগত জড়িত কিছুমান  ভুৱা দাবি সামাজিক মাধ্যমৰ প্লেটফৰ্মত বিয়পি পৰিছে। ইয়াৰ মাজত, এখন ছবি য’ত এলভিছ যাদবক ক্ৰিকেটাৰ বিৰাট কহলিৰ কাষতে থিয় হই থকা দেখা যায়, এয়া উল্লেখযোগ্য হৈ পৰিছে। এডিট কৰা ছবিখনত তেঁওলোকক বিগ বছ অ’টিটি ছিজন 2ৰ ট্ৰফি ধৰি থকা অৱস্থাত দেখা গৈছে। ছবিৰ লগত দাবি কৰা হৈছে যে, যাদবে তেঁও বিগ বছ অ’টিটিত জয় লাভ কৰাৰ পাছত কহলিক লগ কৰিছে।

তদন্ত প্ৰক্ৰিয়াত বিশ্বাস নিউজে এই তথ্য গম পালে যে, ভাইৰাল পোষ্টখন ভুৱা। সামাজিক মাধ্যমত ঘুৰি ফুৰা কহলি আৰু এলভিছ যাদবৰ ছবিখন প্ৰকৃততে ডিজিটাল প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা এখন ছবি আৰু ইয়াৰ কোনো সত্যতা নাই।

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী বাবলু বাবু যাদব-এ ভাইৰাল পোষ্টখন 23 আগষ্ট 2023-ত এই কেপশ্বনৰ সৈতে পোষ্ট কৰিছিল যে, “বিগ বছত বিজয়ী হোৱাৰ পাছত এলভিছ যাদবে বিৰাট কহলিক লগ কৰিছে…ছিছটেম যিজনে থাকিব বিছাৰে ছিছটেমৰ বাবে থাকিব লাগিব!!”

পোষ্টৰ আৰ্কাইভ লিঙ্ক ইয়াত চাওক

 তদন্ত

দাবিৰ সত্যতা জানিবলৈ, বিশ্বাস নিউজে সম্পৰ্কিত কিৱাৰ্ডৰ জৰিয়তে এটা গুগ’ল ছাৰ্ছ কৰিলে। বিৰাট কহলি আৰু এলভিছ যাদবৰ সাক্ষাৎৰ কোনো যথাৰ্থ তথ্য দিব পৰা কোনো সংবাদ পোৱা নগ’ল। 

বিশ্বাস নিউজে পৰৱৰ্তী পৰ্যায়ত বিৰাট কহলিৰ অফিছিয়াল সামাজিক মাধ্যম একাউন্টৰ পৰীক্ষণ কৰিলে। কহলিৰ সামাজিক মাধ্যমত সক্ৰিয় উপস্থিতিৰ কথা মন কৰিলে এয়া অত্যন্ত যুক্তিসঙ্গত যে, এলভিছ যাদবৰ লগত সাক্ষাৎ প্ৰকৃততে হোৱা হলে, এই সন্দৰ্ভত তথ্যসমূহ তেঁও তাত শ্বেয়াৰ কৰিলেহেঁতেন। কিন্তু তেঁওৰ একাউন্টত এনে কোনো সাক্ষাৎৰ তথ্য পোৱা নগ’ল। 

ইয়াৰ পিছত, এলভিছ যাদবৰ সামাজিক মাধ্যম হেণ্ডেলৰ এটা বিস্তৃত পৰীক্ষণ কৰা হ’ল। এজন সামাজিক মাধ্যমৰ ইনফ্লুয়েঞ্চাৰ হিচাপে, যাদবে এনে এখন ঘটনা পোষ্ট কৰাৰ সম্ভাৱনা খুব বেছি। তথাপিও এনে কোনো সাক্ষাৎৰ দাবি প্ৰমানিত কৰা কোনো পোষ্ট তাত নাছিল। 

বিশ্বাস নিউজে পৰৱৰ্তী পৰ্যায়ত, গুগ’ল লেঞ্চৰ সহায়ত ট্ৰফিৰ সৈতে এলভিছ যাদবৰ ছবিসমূহ উলিওৱাৰ চেষ্টা কৰিলে। আমি ভাইৰাল ছবিৰ লগত মিল থকা বহুত ছবি তাত পালো। আমি এলভিছৰ একে নিচিনা ছবি ডিজিটাল ক্ৰিয়েটৰ, প্ৰযোজক আৰু লেখক চিত্ৰাংশ জৈন আৰু ইউটিউবাৰ অজয় ঘুদৈয়া আকা অজ্জু 0008 ৰ লগতও পালো। এই ছবিখন বিৰাট কহলিক যুক্ত কৰি এডিট কৰা হৈছে। আমি যদিও বিৰাট কহলি আৰু এলভিছ যাদবৰ একেলগে থকা কোনো ছবি নাপালো। আনকি ভাইৰাল পোষ্টৰ কমেন্ট বিভাগতও বহুত মানুহে এই ভাইৰাল ছবিখনক এডিট কৰা বুলি কৈছে।  

আমি দৈনিক জাগৰণৰ খেল বিভাগৰ সম্পাদক অভিষেক ত্ৰিপাঠিৰ লগত এই সন্দৰ্ভত কথা পাতিলো। তেঁও ছবিখন এডিট কৰা বুলি কৈছে আৰু এনে কোনো সাক্ষাৎৰ বিষয়ে জ্ঞাত হোৱাৰ কথা অস্বীকাৰ কৰিছে। 

শেষত, আমি ভাইৰাল হোৱা এডিট কৰা ছবি শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীজনৰ বিষয়ে তদন্ত কৰিলো। এয়া গম পোৱা গ’ল যে, ব্যৱহাৰকাৰীজনৰ বিহাৰ ইমামগঞ্জৰ বাসিন্দা, আৰু তেঁও ফেচবুকত এপ্ৰিল 2022 ৰ পৰা সক্ৰিয় হৈ আছে। 

উপসংহাৰ:  বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল পোষ্টত কৰা দাবি অসত্য। বিৰাট কহলি আৰু এলভিছ যাদবৰ ভাইৰাল হোৱা ছবিখন এডিট কৰা।   

  • Claim Review : বিগ বছত বিজয়ী হোৱাৰ পিছত এলভিছ যাদবে বিৰাট কহলিক সাক্ষাৎ কৰিলে
  • Claimed By : এফবি ব্যৱহাৰকাৰী গায়ক টুনটুন যাদব
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later