Fact Check: অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নামত ভাইৰেল হোৱা টুইট ভুৱা

বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নামত বিদ্যালয় বন্ধ সন্দৰ্ভত ভাইৰেল হোৱা পোষ্টটো ভুৱা। ড. হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল @himantabiswa হে, @Himantabiswa নহয়।

Fact Check: অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নামত ভাইৰেল হোৱা টুইট ভুৱা

গুৱাহাটী (বিশ্বাস নিউজ): অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ এটা মনেসজা টুইটাৰ একাউণ্টৰ এটা স্ক্ৰীণশ্বট সামাজিক মাধ্যমত শেহতীয়াকৈ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। ভাইৰেল পোষ্টটোত প্ৰকাশিত তথ্য অনুসৰি, ছেপ্তেম্বৰৰ পৰা অসমৰ বিদ্যালয়সমূহ খোল নাখায়। ৰাজ্যত ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহা বাবে নৱেম্বৰ মাহলৈ অসমৰ বিদ্যালয়বোৰ খোলাৰ সময় পিছুৱাই দিয়া হৈছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি এই টুইট মুখ্যমন্ত্ৰীগৰাকীৰ একাউণ্টৰ পৰা কৰা হোৱা নাই। গতিকে তেওঁৰ নামত ভাইৰেল কৰা পোষ্টটো ভুৱা।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰী কাশ্যপ এম মণিকাই Facebook Teacher Group নামৰ এটা ফেচবুক গ্ৰুপত অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি এই টুইটটো সঁচা নে মিছা প্ৰশ্ন কৰিছে। ইয়াৰ উপৰি উল্লেখিত স্ক্ৰীণশ্বটটো বিভিন্ন হোৱাটছএপ্প গ্ৰুপতো শ্বেয়াৰ হৈছে। এই স্ক্ৰীণশ্বটটোত লিখা হৈছে – This is an important announcement that schools are not going to open from September. It is postponed to November as Covid cases in the state are not yet controlled, further details will be announced. 26 আগষ্ট 21 তাৰিখে 22:05  বজাত এই পোষ্টটো কৰা বুলি উল্লেখ কৰা হৈছে। ইয়াৰ অসমীয়া অনুবাদ – এটা গুৰুত্বপূৰ্ণ ঘোষণা যে ছেপ্টেম্বৰৰ পৰা বিদ্যালয়বোৰ খোলা নহ’ব। ৰাজ্যখনত কোভিডৰ সংক্ৰমণ এতিয়াও নিয়ন্ত্ৰণ নোহোৱা বাবে বিদ্যালয় খোলাৰ সময় নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছে, অধিক বিৱৰণ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব।

অনুসন্ধান

বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টৰ সত্যতা পৰীক্ষা কৰিছিল, যাৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ আছে। আমি টুইটাৰত এই নামৰ (@Himantabiswa) কোনো একাউণ্ট পোৱা নাছিলো। অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰকৃত একাউণ্ট @himantabiswa টোৰ সৈতে এই ভাইৰেল স্ক্ৰীণশ্বটটোৰ টুইটাৰ হেণ্ডেলটোৰ যথেষ্ট সাদৃশ্য আছে।

বিশ্বাস নিউজে এই ভাইৰেল স্ক্ৰীণশ্বট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ জনসম্পৰ্ক কোষৰ বিষয়াৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ লগতে আমাক কৈছিল যে এয়া সম্পূৰ্ণ ভুৱা আৰু এই ভুৱা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিষয়ে অসম আৰক্ষীক অভিযোগ দিয়া হৈছে।

তথ্য পৰীক্ষা দলটোৱে অনুসন্ধানকালত বিশ্বাস নিউজে জানিব পাৰিছিল যে এই ভাইৰেল স্ক্ৰীণশ্বট সন্দৰ্ভত স্পষ্টীকৰণেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেৰিফাইড একাউণ্টৰ পৰা এটা পোষ্ট কৰা হৈছে। এই পোষ্ট তলত চাব পাৰিব। –

এই স্পষ্টীকৰণ মুখ্যমন্ত্ৰীগৰাকীৰ ভেৰিফাইড ফে’চবুক একাউণ্টৰ পৰাও দিয়া হৈছে, যিটো তলত চাব পাৰিব – 

https://www.facebook.com/himantabiswasarma/photos/a.10153349589338983/10158721860708983/

ইফালে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান টাইমছ নাওৱে প্ৰকাশ কৰা এই প্ৰতিবেদন অনুসৰি ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অশমৰ বিদ্যালয় মহাবিদ্যালয়সমূহ মুকলি কৰা হ’ব।

যেতিয়া আমি ফেচবুকত অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী মণিকা এম কাশ্যপৰ ফেচবুক প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে ব্যৱহাৰকাৰীজন নগাওঁৰ লোক। ব্যৱহাৰকাৰীগৰাকীৰ একাউণ্ট লক কৰি ৰখা বাবে আমি বিশেষ তথ্য লাভ নকৰিলো।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ নামত বিদ্যালয় বন্ধ সন্দৰ্ভত ভাইৰেল হোৱা পোষ্টটো ভুৱা। ড. হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল @himantabiswa হে, @Himantabiswa নহয়।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস