X
X

ফেক্ট চেক: কানাডিয়ান পৰিবহন মন্ত্ৰীদপ্তৰে উৰাজাহাজত আনভেকচিনেটেড চেকশ্বন-ৰ দাবি উত্থাপন কৰা নাই, বিভ্ৰান্তিকৰ দাবি ভাইৰাল হৈ আছে

ভাইৰাল হোৱা দাবিটো বিশ্বাস নিউজৰ তদন্তত ভুল বুলি প্ৰমানিত হৈছে।কানাডিয়ান পৰিবহন মন্ত্ৰীদপ্তৰে এনে ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই। ভাইৰাল হোৱা ছবিখন এডিটিং চফ্টৱেৰৰ জৰিয়তে বনোৱা হৈছে।

  • By: Pragya Shukla
  • Published: May 28, 2022 at 10:56 AM
  • Updated: Jul 13, 2023 at 12:15 PM

নিউ দিল্লি (বিশ্বাস নিউজ) : সামাজিক মাধ্যমত এটা ষ্ক্ৰীণচট ভাইৰাল হৈ আছে এই দাবিৰ সৈতে যে “কানাডিয়ান পৰিবহন মন্ত্ৰীদপ্তৰে উৰাজাহাজৰ এটা পৃথক অংশত এডখৰ ঠাই আনভেকচিনেটেড চেকশ্বন বুলি প্ৰস্তুত কৰিবলৈ লইছে।.” ভাইৰাল হোৱা দাবিটো বিশ্বাস নিউজৰ তদন্তত ভুল বুলি প্ৰমানিত হৈছে। কানাডিয়ান পৰিবহন মন্ত্ৰীদপ্তৰে এনে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। চিটিভি নিউজে এনে কোনো আৰ্টিকল প্ৰকাশ কৰা নাই। ভাইৰাল হোৱা ছবিখন এডিটিং চফ্টৱেৰৰ মাধ্যমে প্ৰস্তুত কৰা হৈছে।

দাবি :

এজন ব্যৱহাৰকাৰী জোনে ছবিখন টুইটাৰত শ্বেয়াৰ কৰিছে, তেঁও কইছে: “বাছৰ পিছফাললৈ যোৱা, লেতেৰা প্ৰতিষেধক নলোৱা ব্যক্তিহঁত!”

তদন্ত :

ভাইৰাল হোৱা দাবিটোৰ সত্যতা জানিবলৈ আমি চিটিভি নিউজৰ ওৱেবচাইট আৰু সামাজিক মাধ্যমৰ একাউণ্ট ষ্কেন কৰিবলৈ আৰম্ভ কৰিলো। কিন্তু ভাইৰাল হোৱা দাবিৰ লগত জড়িত একো তথ্য নাপালো।আমি ৱেবেক আৰ্কিভ-ৰ জৰিয়তে ওৱেবচাইট বিচাৰিলো, কিন্তু ভাইৰাল হোৱা দাবি সন্দৰ্ভত একো খবৰ নাপালো।

ইয়াৰ পিছত, আমি গুগলত বিভিন্ন কি-ৱাৰ্ডৰ সহায়ত বিছাৰিলো আৰু অগনিত কানাডিয়ান নিউজ ওৱেবচাইটত বিছাৰিলো, কিন্তু আমি ক’তো এনে খবৰ দেখা নাপালে।

তদন্ত আগবঢ়াই লই যাঁওতে, আমি চিটিভি নিউজত প্ৰকাশ হোৱা এখনি আৰ্টিকলৰ লগত ভাইৰাল হোৱা ষ্ক্ৰীণচটটো তুলনা কৰি চালো। এই প্ৰক্ৰিয়াত আমি গম পালো যে, ভাইৰাল হোৱা ষ্ক্ৰীণচটৰ পেটাৰ্ন আৰু হাতৰ আখৰ চিটিভি নিউজত প্ৰকাশ পোৱা খবৰতকৈ ভালেমান পৃথক।

অধিক তথ্যৰ বাবে আমি ই-মেইল যোগে কানাডিয়ান পৰিবহণ মন্ত্ৰীদপ্তৰৰ লগত যোগাযোগ কৰিলো। মন্ত্ৰীদপ্তৰে এইদৰে উত্তৰ দিলে যে “এটা ফেডাৰেল নিয়ন্ত্ৰিত পৰিবহন ব্যৱস্থাত প্ৰতিষেধক নলোৱা যাত্ৰীৰ বাবে বিশেষ ঠাই ৰখাৰ ব্যৱস্থা কৰা নাই আৰু এনে কোনো প্ৰস্তাব বিৱেচণাও কৰা নাই।”

তদন্তৰ শেষ পৰ্যায়ত বিশ্বাস নিউজে এটা বেকগ্ৰাউণ্ড চেক কৰিলে, সেই প্ৰ’ফাইটোত যিটোৰ পৰা এই ভাইৰাল হোৱা পোষ্টটো শ্বেয়াৰ কৰা হৈছে। আমি গম পালো যে সেই ব্যৱহাৰকাৰীজনক 4,554 মানুহে অনুসৰণ কৰে। আৰু উক্ত ব্যৱহাৰকাৰীজন টুইটাৰত ফেব্ৰুৱাৰী 2009 ৰ পৰা সক্ৰিয়।

নিষ্কৰ্ষঃ ভাইৰাল হোৱা দাবিটো বিশ্বাস নিউজৰ তদন্তত ভুল বুলি প্ৰমানিত হৈছে।কানাডিয়ান পৰিবহন মন্ত্ৰীদপ্তৰে এনে ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই। ভাইৰাল হোৱা ছবিখন এডিটিং চফ্টৱেৰৰ জৰিয়তে বনোৱা হৈছে।

  • Claim Review : পৰিবহন মন্ত্ৰীদপ্তৰে উৰাজাহাজৰ এটা পৃথক অংশত টিকাবিহীন চেকশ্বন বনোৱাৰ কথা ভাবিছে
  • Claimed By : দা মিচটেৰি
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next page

Post saved! You can read it later