X
X

Fact Check: UAE-ত বেংক অৱ বৰোডাৰ শাখা বন্ধ কৰি দিয়াৰ লগত আডানী বিতৰ্কৰ কোনো সম্বন্ধ নাই

  • By: Pragya Shukla
  • Published: Mar 14, 2023 at 12:22 PM
  • Updated: Jul 13, 2023 at 12:14 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। হিণ্ডেনবাৰ্গ ৰিপোৰ্টৰ পাছত সমস্যাত পৰি যোৱা আডানী গোটক বেংক অৱ বৰোডাই আগলৈ ঋণ দিব বুলি বাতৰি ওলোৱাৰ পাছত ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে। য’ত দেখা পোৱা গৈ আছে যে বেংক অৱ বৰোডাৰ এখন শাখাৰ বাহিৰত মানুহে শাৰী পাতি থিয় হৈ আছে। ছবিখনক লৈ এই দাবী কৰা হৈ আছে যে, আডানী গোটক বেংক অৱ বৰোডাই ঋণ দি থাকিব বুলি ঘোষণা কৰাৰ পাছত সংযুক্ত আৰব আমিৰশ্বাহীত এই বেংকৰ অল আইন শাখাত মানুহে নিজৰ একাউণ্ট বন্ধ কৰিবলৈ আৰম্ভ কৰিছে।

বিশ্বাস নিউজৰ তদন্তত এই দাবী মিছা বুলি গম পোৱা গৈছে। ভাইৰেল হোৱা ছবিখন সংযুক্ত আৰব আমিৰশ্বাহীৰ হে হয়, কিন্তু ইয়াৰ লগত যি দাবী কৰা হৈ আছে সেয়া মিছা হয়। বেংক অৱ বৰোডাই সংযুক্ত আৰব আমিৰশ্বাহীত অৱস্থিত অল আইন শাখা বন্ধ কৰিব বুলি এবছৰ আগতেই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই শাখা 22 মাৰ্চ 2023-ৰ পাছত সক্ৰিয় হৈ নাথাকিব। সেই বাবে হে ইয়াত একাউণ্ট থকা মানুহে নিজৰ-নিজৰ একাউণ্ট বন্ধ কৰিবলৈ বা একাউণ্ট স্থানান্তৰ কৰাবলৈ বেংকৰ শাখাত গৈ আছে আৰু ভাইৰেল হোৱা ছবিখনো সেই প্ৰক্ৰিয়াৰে হয়। ইয়াৰ লগত আডানী প্ৰসংগক যুক্ত কৰি ছবিখনক ভাইৰেল কৰা হৈ আছে।

কি ভাইৰেল হৈ আছে?

ছ’চিয়েল মিডিয়া ইউজাৰ ‘Zara Hindustani’-এ ভাইৰেল ছবিখন (আৰ্কাইভ লিংক) শ্বেয়াৰ কৰি লিখিছে, “আডানীৰ প্ৰতাৰণাৰ কথা ফাদিল হোৱাৰ পাছত বেংক অৱ বৰোডা (BOB) Al Ain (অল এন) শাখা, UAE (সংযুক্ত আৰব আমিৰশ্বাহী)-ত বেংক অৱ বৰোডা, অল এন শাখাত নিজৰ-নিজৰ একাউণ্ট বন্ধ কৰাৰ কাৰণে দীঘলীয়া শাৰী পাতি থিয় হৈ থকা মানুহক দেখা পোৱা গৈ আছে… এইবোৰ এই বাবে হৈ আছে যে, ইযাৰ CEO এই মন্তব্য কৰিছে, বেংক অৱ বৰোডাই আডানী কোম্পানীসমূহক ফাণ্ড দি থাকিব… আজি এইবোৰ এই বাবে হৈ আছে যে, অপৰাধীসকলক সংসদত নিৰ্বাচিত কৰাৰ বাবে এনেকুৱা বাস্তৱ পৰিণাম দেখা পোৱা গৈ আছে।”

কেইজনমান অন্যান্য ইউজাৰে এই ছবিক উক্ত দাবীৰ দৰে আৰু ইয়াৰ লগত মিল থকা দাবীৰ সৈতে শ্বেয়াৰ কৰিছে।

চিপিআই-এম নেতা নীলোৎপল বসুও এই ছবিখনক (আৰ্কাইভ লিংক) এই একে দাবীৰ সৈতে শ্বেয়াৰ কৰিছে। টুইটাৰ ইউজাৰসকলেও এই ছবিখনক একে দাবীৰ সৈতে আগপিছ নভবাকৈ শ্বেয়াৰ কৰি আছে।

তদন্ত

বেংক অৱ বৰোডা আনুষ্ঠানিক ভাৱে টুইটাৰত আছে। ছাৰ্চ কৰি থাকোঁতে আমি 26 ফেব্ৰুৱাৰী তাৰিখে বেংকৰ হেণ্ডলৰপৰা কৰা এটা টুইট পাইছোঁ। তাত কোৱা হৈছে যে, বেংক অৱ বৰোডাই এবছৰ আগতে এই ঘোষণা কৰিছিল যে ব্যৱসায়িক কাৰণত এই বেংকে সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)-ৰ অল আইএন শাখা বন্ধ কৰিব বুলি ঘোষণা কৰিছিল আৰু এই ক্ষেত্ৰত ইউএই-ৰ চেণ্ট্ৰাল বেংকৰপৰা অনুমোদনো পোৱা গৈছে। 20 জানুৱাৰী 2023-ত এই সন্দৰ্ভত গ্ৰাহকৰ বাবে জাননী দিয়াৰ পাছত 22 মাৰ্চ 2023-ত এই শাখা বন্ধ কৰি দিয়া হ’ব।

গ্ৰাহক সেৱাত কোনো বাধা যেন নপৰে তাৰ বাবে এই শাখাৰ আটাইবোৰ একাউণ্টক আবু ধাবি শাখাত স্থানান্তৰ কৰা হৈ আছে। কোনো গ্ৰাহকে যদি 22 মাৰ্চ 2023-ৰ ভিতৰত নিজৰ একাউণ্ট বন্ধ কৰিব বিচাৰে, তেন্তে তাৰ বাবে তেওঁক অতিৰিক্ত কোনো ধন পৰিশোধ কৰিব নালাগে। আমি গ্ৰাহকসকলোলৈ আৱেদন জনাই আছোঁ যে, এই বিষয় ছ’চিয়েল মিডিয়াত যিবোৰ মিছা বা ভুৱা তথ্য প্ৰচাৰ কৰা হৈ আছে সেইবোৰ তেওঁলোকে যেন বিশ্বাস নকৰে।

ফেচবুক ছাৰ্চ কৰি আমি ‘Riz Qureshi’ নামৰ এজন ব্যক্তিৰ প্ৰোফাইল পাইছোঁ। য’ত তেওঁ বেংক অৱ বৰোডাৰ ফালৰপৰা প্ৰকাশ কৰা মন্তব্য আৰু অল আইন শাখাৰ বাহিৰত উপস্থিত মানুহৰ ভীৰৰ ছবি প্ৰকাশ কৰিছে।

তেওঁ এয়া শ্বেয়াৰ কৰি লিখিছে যে, সংযুক্ত আৰব আমিৰশ্বাহীত বেংক অৱ বৰোডাৰ অল আইন শাখা এতিয়া বন্ধ হোৱাৰ পাছত আবু ধাবিত স্থানান্তৰিত হৈ আছে আৰু ইয়াৰ লগত আডানী বিতৰ্কৰ কোনো সম্বন্ধ নাই।

ভাইৰেল ছবিখনক লৈ আমি দুবাইত অৱস্থিত গল্ফ নিউজৰ প্ৰাক্তন সম্পাদক ববি নকৱিৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ নিশ্চিত কৰি কৈছে, “বেংক অৱ বৰোডাৰ শাখা পৰিচালন সম্বন্ধীয় কাৰণত বন্ধ হৈ আছে। সেই বাবে বেংকে গ্ৰাহকসকলোলৈ এই আৱেদন জনাই কৈছে যে, তেওঁলোকে বিচাৰিলে নিজৰ একাউণ্ট বন্ধ কৰি দিব পাৰে বা আবু ধাবুত অৱস্থিত বেংকৰ শাখাত নিজৰ একাউণ্ট স্থানান্তৰ কৰাব পাৰে। ইয়াৰ লগত আডানী বিতৰ্কৰ কোনো সম্বন্ধ নাই।”

মন কৰিবলগীয়া কথা যে, হিণ্ডেনবাৰ্গ ৰিপোৰ্ট ওলোৱাৰ পাছত বজাৰ পুঁজিকৰণৰ ক্ষেত্ৰত আডানী গোটৰ পতন হৈ থকাৰ মাজতে বেংক অৱ বৰোডাৰ চিইঅ’ সঞ্জীৱ চডঢা কৈছিলে যে তেওঁলোকে আডানীৰ শ্বেয়াৰ উঠা-নমাক লৈ চিন্তা কৰা নাই লগতে আডানী গোটে যদি লোন ল’ব বিচাৰে, তেন্তে তেওঁলোকক নিয়ম মানি ঋণ দিয়া যাব পাৰে।

ভাইৰেল ছবিক মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা ইউজাৰ-ক ফেচবুকত প্ৰায় দুই হেজাৰ মানুহে ফলো কৰে।

উপসংহাৰ: সংযুক্ত আৰব আমিৰশ্বাহীত বেংক অৱ বৰোডাৰ অল-আইন শাখাক পৰিচালন সম্বন্ধীয় সমস্যাৰ কাৰণত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই শাখা 2023-ৰ মাৰ্চৰপৰা বন্ধ হৈ যাব আৰু সেই বাবে বেংকে গ্ৰাহকসকলোলৈ এই জাননী দিছিল যে গ্ৰাহকসকলে নিজৰ একাউণ্ট বন্ধ কৰিব পাৰে বা বেংকৰ আবু ধাবি শাখাত নিজৰ একাউণ্ট স্থানান্তৰিত কৰিব পাৰে। শাখাৰ বাহিৰত থকা মানুহৰ ভীৰৰ ছবি এই প্ৰক্ৰিয়াৰে হয়। ইয়াৰ লগত আডানীৰ প্ৰসংগ যুক্ত কৰি ছবিখনক ভাইৰেল কৰা হৈ আছে।

  • Claim Review : আডানী গোটক বেংক অৱ বৰোডাই লোন দিব বুলি ঘোষণা কৰাৰ পাছত UAE-ত মানুহে নিজৰ একাউণ্ট বন্ধ কৰিবলৈ আৰম্ভ কৰিছে।
  • Claimed By :  FB User-Zara Hindustani
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next page

Post saved! You can read it later