X
X

Fact Check: ৰতন টাটাই ৰশিদ খানক 10 কোটি টকা প্ৰদান কৰাৰ ঘোষণা কৰা নাই, ভাইৰাল দাবিটো অসত্য

নতুন দিল্লী(বিশ্বাস নিউজ): সামাজিক মাধ্যমৰ প্লেটফৰ্মবিলাকত 2023 ৰ বিশ্ব কাপ লৈ বহুত মিছা আৰু ভ্ৰমাত্মক মন্তব্য বিস্তৃতভাবে বিয়পি আছে। তাৰ মাজত, এটা প্ৰচলিত পোষ্টত এই তথ্য বিয়পিছে যে, 23 অক্টোৱৰ পাকিস্তান-আফগানিস্তান-ৰ খেল চলি থকা অৱস্থাত, আফগান খেলৈ ৰশিদ খানে ভাৰত মাতাৰ জয় বুলি ধ্বনি দিছিল।

পৰৱৰ্তীকালত, আন্তৰ্জাতিক ক্ৰিকেট কাউঞ্চিলে (ICC)  পাকিস্তানে ৰজু কৰা অভিযোগৰ কাৰণে খানৰ ওপৰত 55 লাখ টকাৰ জৰিমনা বিহিছিল। ভাইৰাল পোষ্টত আৰু লিখা আছে যে, শিল্পপতি ৰতন টাটাই খানৰ ওপৰত বিহা জৰিমনা পৰিশোধ কৰিব আৰু তেঁওক 10 কোটি টকাৰ পুৰষ্কাৰ প্ৰদান কৰিব।

তদন্তৰ পিছত বিশ্বাস নিউজে এই তথ্য লাভ কৰিছে যে, ভাইৰাল দাবি অসত্য। ৰতন টাটাই নিজে এই বিয়পা দাবিবোৰৰ খন্ডন কৰিছে, আৰু তেঁওৰ নামৰ লগত জড়িত সকলো ভুল তথ্যক অস্বীকাৰ কৰিছে।

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী শামশেৰ সিং শিখাৱত, 30 অক্টোৱৰ 2023-ত এই ভাইৰাল লিঙ্ক শ্বেয়াৰ কৰি কেপচনত লিখিছে যে, “সন্মানীয় শ্ৰী শ্ৰী ৰতম টাটা ডাঙৰীয়া…নাই নাই মই ভাৰত ৰত্নৰ বিষয়ে কোৱা নাই। পাকিস্তান-আফগানিস্তান খেলৰ পিছত, আফগান খেলৈ ৰশিদ খানে ভাৰত মাতাৰ জয় বুলি ধ্বনি দিছিল আৰু জয় শ্ৰী ৰাম বুলি শ্ল’গান দিছিল, তেতিয়া পাকিস্তান, যাক সকলো কংগ্ৰেছৰ মানুহে আৰু মগজুৰ বিকাৰগ্ৰস্ত বামপন্থী মানুহে সমৰ্থন কৰে, সিঁহতে আইচিচি-ৰ ওচৰ অভিযোগ কৰিলে আৰু আইচিচি-এ ৰশিদৰ ওপৰত 55 লাখ টকাৰ জৰিমনা বিহিলে। তেতিয়া শ্ৰী ৰতন টাটাই ক’লে যে তেঁও ৰশিদৰ জৰিমনাৰ টকা পৰিশোধ কৰিব আৰু তেঁওক 10 কোটি টকাৰ পুৰষ্কাৰও প্ৰদান কৰিব। এয়া ভাৰতবৰ্ষৰ সময়, এয়াই ভাৰতৰ মহত্ব, জয় জয় জয় শ্ৰী ৰাম ভাৰত মাতা আৰু তেঁওলোকে সদাই ভাৰত মাতাৰ সন্তানক আৰু ৰতন টাটাৰ দৰে প্ৰকৃত ভাৰতীয় তিৰস্কাৰ কৰে আৰু পাকিস্তান, হামাছ, ৰহিঙ্গীয়া আৰু সন্ত্ৰাসবাদীক সমৰ্থন কৰে.”

বিশ্বাস নিউজৰ তদন্ত:

ভাইৰাল দাবিৰ তদন্ত কৰিবলৈ, আমি সংলগ্ন কিৱাৰ্ড ব্যৱহাৰ কৰি গুগল ছাৰ্ছ কৰিলোঁ। ইয়াৰ জৰিয়তে আমি ৰতন টাটাৰ ভেৰিফাইড এক্স হেন্ডেলত এটা পোষ্ট পালো য’ত এই দাবিক সম্পূৰ্ণ অস্বীকাৰ কৰা হৈছে। 30 অক্টোৱৰ 2023-ত ইংৰাজীত পোষ্ট কৰা এই টুইটত এটা হিন্দি অনুবাদ আছিল য’ত লিখা আছিল যে, “মই আইচিচি নাইবা অইন কোনো ক্ৰিকেটিং বডি-ৰ কোনো  খেলৈক কোনো জৰিমনা নাইবা পুৰষ্কাৰৰ বিষয়ে ঘোষনা কৰা নাই। মই কোনোভাবে ক্ৰিকেটৰ লগত যুক্ত নহয়। অনুগ্ৰহ কৰি ৱাটচএপত বিয়পা সংবাদ আৰু ভিডিঅ’ৰ ওপৰত বিশ্বাস নকৰিব যেতিয়ালৈ সেইসমূহ কোনোবা অফিছিয়াল প্লেটফৰ্মৰ পৰা প্ৰকাশ কৰা নহয়।”

তদন্ত কৰি থকা অৱস্থাত, আমি এই দাবি সন্দৰ্ভত দৈনিক জাগৰণৰ ৱেবচাইটত এটা ৰিপ’ৰ্ট পালোঁ, যিখন 30 অক্টোৱৰ 2023-ত প্ৰকাশিত হৈছিল। সেই ৰিপ’ৰ্ট মতে, “জনপ্ৰিয় শিল্পপতি ৰতন টাটাই সাম্প্ৰতিক কালত আইচিচি নাইবা কোনো ক্ৰিকেট অফিছিয়ালৰ লগত তেঁওৰ যুক্ত নথকাৰ কথা ঘোষণা কৰিছে আৰু তেঁওক উদ্দেশ্য কৰি বিয়পা সকলো দাবি খন্ডন কৰিছে।”

আমি ভাইৰাল দাবি সন্দৰ্ভত টাটা ট্ৰাস্ট-ৰ পিআৰ বব জন-ৰ লগত যোগাযোগ কৰিলোঁ। তেঁও ভাইৰাল পোষ্টক অসত্য বুলি ঘোষণা কৰিছে, আৰু কৈছে যে ৰতন টাটাই নিজে এই দাবিৰ খন্ডন কৰিছে। ৰতন টাটাৰ লগত যুক্ত অগনিত দাবি সামাজিক মাধ্যমত ইতিমধ্যে বিয়পিছে আৰু সেইসমূহ বিশ্বাস নিউজে তদন্ত কৰিছে। সেই ফেক্ট চেক ৰিপ’ৰ্টসমূহ ইয়াত পোৱা যাব।

পৰৱৰ্তীকালত, আমি ভুল দাবি শ্বেয়াৰ কৰা ব্যৱহাকাৰীৰ প্ৰ’ফাইল পৰীক্ষণ কৰিলোঁ আৰু এয়া আৱিষ্কাৰ কৰিলোঁ যে, ব্যৱহাৰকাৰীজন জয়পুৰৰ বাসিন্দা আৰু তেঁওৰ ফেচবুকত 534 জন বন্ধু আছে। 

উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তৰ মাধ্যমে এই তথ্য পোহৰলৈ আনিছে যে, ৰশিদ খানে 10 কোটি টকাৰ পুৰষ্কাৰ লাভ কৰা আৰু ৰতন টাটাই তেঁওৰ 55 লাখ টকাৰ জৰিমনা পৰিশোধ কৰাৰ দাবিটো অসত্য। ৰতন টাটাই, তেঁওৰ ভেৰিফাইড এক্স একাউন্টত প্ৰত্যক্ষভাবে এই দাবি সন্দৰ্ভত স্পষ্টিকৰণ প্ৰদান কৰিছে। 

  • Claim Review : ৰতন টাটাই ৰশিদ খানৰ ওপৰত বিহা জৰিমনা পৰিশোধ কৰিব আৰু ওপৰঞ্চি তেঁওক 10 কোটি টকাৰ পুৰষ্কাৰ প্ৰদান কৰিব
  • Claimed By : শামশেৰ সিং শিখাৱত
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later