X
X

Fact Check: জাপনৰ মোবাইল বিল্ডিং বুলি দাবী কৰি ভাইৰেল কৰা ছবিখনক AI দ্বাৰা বনোৱা হৈছে

  • By: Umam Noor
  • Published: May 24, 2023 at 06:03 PM
  • Updated: Jul 13, 2023 at 12:12 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। টেকনোলজীৰ ক্ষেত্ৰত জাপান আন দেশসমূহৰ তুলনাত অলপ বেলেগ হয় আৰু এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে। এই ছবিখনত বগা ৰঙৰ অতি ধুনীয়া এখন পাঁচ মহলাৰ মোবাইল বিল্ডিং দেখা পোৱা গৈ আছে। এই ছবিখনক শ্বেয়াৰ কৰি ইউজাৰে দাবী কৰি আছে যে, এয়া জাপানৰ মোবাইল বিল্ডিঙৰ ছবি হয়। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল কৰি থকা এই ছবিখনক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (AI) প্ৰযুক্তিৰে বনোৱা হৈছে, এয়া কোনো আচল ছবি নহয়।

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ”জাপানৰ পাঁচ মহলা মোবাইল বিল্ডিং।”

এই পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।  

তদন্ত

তদন্ত আৰম্ভ কৰি আমি পোন প্ৰথমতে এই ছবিখনক গুগল লেঞ্চৰ জৰিয়তে ছাৰ্চ কৰিছিলোঁ। তেতিয়া আমি দেখা পালোঁ যে, এই ছবিখনক ইনষ্টাগ্ৰাম হেণ্ডল ‘ulises.ai‘-ত 1 মে, 2023-ত শ্বেয়াৰ কৰা হৈছিল।

ulises -ৰ ইনষ্টাগ্ৰাম হেণ্ডলত দিয়া তথ্য অনুসৰি, এওঁ ডিজিটেল ক্ৰিয়েটৰ হয়।

ইউলিছেছ ৱেবছাইটত ‘Kinetic Kingdoms’-ৰ ছেকশ্বনত আমি ভাইৰেল হোৱা ছবিখন আৰু ইয়াৰ লগত মিল থকা কেইখনমান ছবি পাইছোঁ। আৰ্টিকেলত দিয়া তথ্য অনুসৰি, “Ulises Design Studio-ই AI ডিজাইন টুল মিডজাৰ্ণিৰ সহায়ত এইবোৰ ছবি বনাইছে।”

ভাইৰেল ছবিৰ বিষয়ে নিশ্চিত হোৱাৰ কাৰণে আমি Ulises-ৰ সৈতে ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক তাৰ উত্তৰ দি কৈছে, ”এই ছবিখন AI জেনাৰেটেড হয় আৰু এইখনক ইউলিছেছ ষ্টুডিঅ’ই হে বনাইছে।”

এআই নিৰ্মিত ছবিসমূহক প্ৰায়ে ভুল প্ৰাসংগিকতাৰ সৈতে ছ’চিয়েল মিডিয়াত বিয়পাই দিয়া হয়। বিশ্বাস নিউজে সেইবোৰৰো ফেক্ট চেক কৰিছে। সেইবোৰ ৰিপোৰ্ট ইয়াত পঢ়ি চাব পাৰে।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰি আমি গম পাইছোঁ যে এইজন ইউজাৰক 418 জন মানুহে ফলো কৰে।

উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে মোবাইল বিল্ডিঙৰ ছবিখনক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (AI) প্ৰযুক্তিৰে বনোৱা হৈছে। এয়া কোনো আচল ছবি নহয়।

  • Claim Review : জাপানৰ পাঁচ মহলা মোবাইল বিল্ডিং
  • Claimed By : Adel Salem
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later