X
X

Fact Check: ৰোবটৰ সৈতে এলন মাস্কৰ এই ছবিখন AI প্ৰযুক্তিৰ সহায়ত তৈয়াৰ কৰা হৈছে, দাবী ভুৱা হয়

  • By: Umam Noor
  • Published: May 24, 2023 at 05:20 PM
  • Updated: Jul 13, 2023 at 12:12 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে, তাত দেখা পোৱা গৈ আছে যে, এলন মাস্ক এটা ৰোবটক চুম্বন কৰি আছে। এই ছবিখন শ্বেয়াৰ কৰি ইউজাৰে দাবী কৰিছে যে এলন মাস্কে ৰোবটৰ গাৰ্ল ফ্ৰেণ্ড বনাইছে আৰু এয়া দুয়োৰে একেলগে উঠা ফটো হয়। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল কৰি থকা ছবিখনক আৰ্টিফিচিয়েল ইণ্টিলিজেঞ্চ (AI) প্ৰযুক্তিৰ সহায়ত তৈয়াৰ কৰা হৈছে। এয়া কোনও আচল ছবি নহয়।

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰ ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ”টুইটাৰ-ৰ চিইঅ’ এলন মাস্ক নিজৰ ৰোবট গাৰ্ল ফ্ৰেণ্ড কাণ্টানেলাৰ সৈতে বিয়া পাতিবলৈ ওলাইছে। মানুহ থাকেও কিছুমান। এই ল’ৰাজন বিয়া পাতিবলৈ নকল এজনী মহিলাৰ বাহিৰে ওচৰে পাজৰে ভাল কোনো নাৰীক বিচাৰিয়ে নাপালে। ঠিকেই আছে।”

পোষ্টৰ আৰ্কাইভ ভাৰ্ছান ইয়াত চাওঁক।  

তদন্ত

নিজৰ তদন্ত আৰম্ভ কৰিবলৈ সদৌ প্ৰথমতে আমি গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল ছবিখন ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰোঁতে আমি দেখা পালোঁ ‘art_is_2_inspire’ নামৰ ইনষ্টাগ্ৰাম হেণ্ডলত ছবিখন আপলোড হৈ আছে। ভাইৰেল ছবিখনত ইয়াত 4 মে তাৰিখে আপলোড কৰা হৈছিল। ছবিখনৰ সৈতে কেপচনত #ai #aiart ব্যৱহাৰ কৰা হৈছে।

art_is_2_inspire-ৰ ইনষ্টাগ্ৰাম বায়ো অনুসৰি, এওঁ এজন ‘ডিজিটেল ক্ৰিয়েটৰ’ হয়। এই প্ৰোফাইলত আমি আৰু বহুতো AI নিৰ্মিত ছবি আপলোড হৈ থকা দেখা পাইছোঁ।

ভাইৰেল ছবিৰ বিষয়ে নিশ্চিত হোৱাৰ বাবে আমি art_is_2_inspire-ৰ লগত ইনষ্টাগ্ৰামৰ জৰিয়তে যোগাযোগ কৰিছিলোঁ আৰু আমাক ৰিপ্লাই দি তেওঁ কৈছে, ”এই ছবিখন AI জেনাৰেটেড হয় আৰু এইখন মই বনাইছোঁ।”

এআই নিৰ্মিত ছবিবোৰক প্ৰায়ে ভুল প্ৰাসংগিকতাৰ সৈতে ছ’চিয়েল মিডিয়াত বিয়পাই দিয়া হৈ আছে, বিশ্বাস নিউজেও সেইবোৰৰ ফেক্ট চেক কৰিছে। ৰিপোৰ্ট ইয়াত পঢ়িব পৰা যাব।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি গম পাইছোঁ যে এইজন ইউজাৰক পাঁচ হেজাৰৰ অধিক মানুহে ফলো কৰে।

উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তত গম পাইছে যে ৰোবটৰ সৈতে এলন মাস্কৰ ছবিখনক আৰ্টিফিচিয়েল ইণ্টিলিজেঞ্চ (AI) প্ৰযুক্তিৰ সহায়ত তৈয়াৰ কৰা হৈছে। এয়া কোনো আচল ছবি নহয়।

  • Claim Review : এলন মাস্কে ৰোবটৰ গাৰ্ল ফ্ৰেণ্ড বনাইছে
  • Claimed By : Jak Tingir Dom
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later