Fact Check : ৪০০০ আৰ এছ এছ কৰ্মী গ্ৰেপ্তাৰ হোৱা ভাইৰেল পোষ্ট সম্পূৰ্ণ ভুৱা
উপসংহাৰ : ৪০০০ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তা গ্ৰেপ্তাৰ হোৱাৰ কথা দাবী কৰা ভাইৰেল পোষ্ট সম্পূৰ্ণৰূপে ভুৱা। ভাইৰেল বাতৰি কাকতৰ ক্লিপিংটো অনলাইন টুলযোগে প্ৰস্তুত কৰা হৈছে।
- By: Ankita Deshkar
- Published: Apr 6, 2021 at 12:16 PM
বিশ্বাস নিউজ (নতুন দিল্লী)। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত শেহতীয়াকৈ পেপাৰ কাটিংৰ এটা বিশেষ ক্লিপ ভাইৰেল হৈ পৰা দেখা গৈছে। এই ক্লিপটোৰ শিৰোনামত লিখা আছে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৪০০০ কৰ্মকৰ্তা আটক হৈছে। বাতৰি কাকতৰ ওপৰত তাৰিখৰ স্থানত দেখা গৈছে ৩০ আগষ্ট, ১৯৭১।
বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ সত্যতা বিচাৰ কৰিবলৈ আৰম্ভ কৰি জানিবলৈ পায় যে এই ক্লিপ সম্পূৰ্ণ ভুৱা। এই পোষ্টটো অনলাইন কোনো সঁজুলিৰ সহায়েৰে প্ৰস্তুত কৰা হৈছে।
টুইটাৰ হেণ্ডল Phase Shape India ই এই বাতৰি কাকতৰ ক্লিপ শ্বেয়াৰ কৰি লিখিছে – “Is this what they were doing to free Bangladesh?”
উক্ত পোষ্ট টোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে সৰ্বপ্ৰথমে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তাক গ্ৰাপ্তাৰ কৰাৰ দাবী কৰা বাতৰি কাকতৰ ক্লিপিংটো পৰীক্ষা কৰে। এই বাতৰি দেখিয়েই আমাৰ মনত কিছু সন্দেহৰ সৃষ্টি হৈছিল। বাতৰি কাকতখনৰ মাষ্টহেড বা নাম সম্পূৰ্ণৰূপে দেখা যোৱা নাই এই ক্লিপটোত। ইয়াৰ উপৰিও আমি কোনো ডেটলাইন বা বাইলাইনো ইয়াত নেদেখিলো। কেৱল সেয়াই নহয়, ইয়াত ৩০ আগষ্ট, ১৯৭১ তাৰিখটো ৰবিবাৰ বুলি উল্লেখ কৰা হৈছে, কিন্তু উক্তদিনটো আছিল সোমবাৰহে।
আমি ইমানতেই প্ৰায় নিশ্চিত হৈছিলো যে এই ভাইৰেল হোৱা বাতৰি কাকতৰ ক্লিপিং ভুৱা। ইয়াক কোনো অনলাইন ফটো সম্পাদনা সঁজুলিৰ সহায়ত প্ৰস্তুত কৰা হৈছে। তৎসত্ত্বেও আমি গুগলত বিভিন্ন কীৱৰ্ড টাইপ কৰি এই বাতৰিৰ ক্লিপ প্ৰস্তুত কৰিব পৰা বিভিন্ন সঁজুলি বিচাৰিবলৈ ললো। অৱশেষত আমি এনে এক ৱেবচাইট লাভ কৰিলো। আমি এই ৱেবছাইটতে আন এক নিউজক্লিপ লাভ কৰিলো। সেয়া আপোনালোকে তলত চাব পাৰিব।
ইয়াৰ পিছতে আমি কীৱৰ্ডেৰে এয়া চাবলৈ যত্ন কৰিলো যে সঁচাকৈয়ে ১৯৭১ চনত আৰএছএছ কৰ্মকৰ্তা গ্ৰেপ্তাৰ হৈছিল নেকি? আমি ২৭ মাৰ্চ ২০২১ তাৰিখে টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। এই বাতৰিত কোৱা হৈছে যে ১২ আগষ্ট ১৯৭১ তাৰিখে দিল্লীত জনসংঘৰ ১০ হাজাৰ কৰ্মকৰ্তাক গ্ৰাপ্তাৰ কৰা হৈছিল।
এই বাতৰিত উল্লেখ কৰা হৈছে যে বাংলাদেশ সত্যাগ্ৰহৰ অন্তিমটো দিনত অৰ্থাৎ ১২ আগষ্ট তাৰিখে ১০ হাজাৰ জনসংঘ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত ১২০০ গৰাকী মহিলা আৰু শিশুও আছিল।
তলত এই বাতৰিৰ ক্লিপ দেখা গৈছে।
ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ১৯৭১ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নহয়, বৰঞ্চ জনসংঘৰহে কৰ্মকৰ্তা গ্ৰেপ্তাৰ হৈছিল।
আমাৰ অনুসন্ধান অব্যাহত ৰাখি বিশ্বাস নিউজৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সহ প্ৰচাৰ প্ৰমুখ নৰেন্দ্ৰ কুমাৰৰ সৈতে যোগাযোগ কৰা হয়। তেওঁ আমাক জনায় যে ইণ্টাৰনেটত শেহতীয়াকৈ ভাইৰেল হোৱা এই নিউজক্লিপ সম্পূৰ্ণ ভুৱা আৰু সংঘক বদনাম কৰিবৰ বাবে এই পোষ্ট ভাইৰেল কৰা হৈছে।
অনুসন্ধানৰ অন্তিম পৰ্যায়ত বিশ্বাস নিউজে ফেজ ছেভ ইণ্ডিয়া নামৰ এই টুইটাৰ হেণ্ডেলৰ ছ’চিয়েল স্কেন কৰে। আমি জানিবলৈ পাও যে সম্প্ৰতি এই একাউণ্টটোৰ আছে ৮৯৫২ ফ’ল’ৱাৰ্ছ। এই একাউণ্টটো ২০১৪ ত খোলা হৈছিল।
Disclaimer : এই ফেক্টচেক বাতৰিটোত কিছু অতিৰিক্ত জাননীও সংযোজন ঘটোৱা হৈছে। ইয়াৰ দ্বাৰা আমাৰ বাতৰিৰ উপসংহাৰত কোনো প্ৰভাৱ নেপেলায়।
নিষ্কৰ্ষঃ উপসংহাৰ : ৪০০০ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তা গ্ৰেপ্তাৰ হোৱাৰ কথা দাবী কৰা ভাইৰেল পোষ্ট সম্পূৰ্ণৰূপে ভুৱা। ভাইৰেল বাতৰি কাকতৰ ক্লিপিংটো অনলাইন টুলযোগে প্ৰস্তুত কৰা হৈছে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.