X
X

Fact Check: প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পামেলা গোস্বামীৰ এই ভাইৰেল ফটো সম্পাদিত, দুখন পৃথক পৃথক ফটো একত্ৰিত কৰি প্ৰস্তুত কৰা হৈছে এই ফটো

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ চলি থকা প্ৰচাৰ ভুৱা বুলি প্ৰমাণিত হৈছে। পামেলা গোস্বামীৰ ছবি এখন ফটো সম্পাদনা সঁজুলিৰ সহায়ত প্ৰধানমন্ত্ৰী মোদীৰ এখন পৃথক ফটোৰ সৈতে সংযোজিত কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদী ২০১৭ চনত নেডাৰলেণ্ড ভ্ৰমণলৈ গৈছিল আৰু সেই ভ্ৰমণকালতে ডাচ্ছ প্ৰধানমন্ত্ৰীয়ে তেওঁক এখন চাইকেল উপহাৰ দিছিল। প্ৰধানমন্ত্ৰী মোদীৰ সেইসময়ৰ ফটোখনক পামেলা গোস্বামীৰ ফটোৰ সৈতে সংযোজিত কৰি ভুৱা দাবীৰে ভাইৰেল কৰি থকা হৈছে।

  • By: ameesh rai
  • Published: Mar 14, 2021 at 01:29 PM

বিশ্বাস নিউজ (নতুন দিল্লী) । ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো ভাইৰেল হৈছে। এই ফটোখনত পশ্চিমবঙ্গৰ ড্ৰাগছ সৰবৰাহৰ গোচৰত অভিযুক্ত পামেলা গোস্বামীৰ সৈতে একেলগে চাইকেল চলাই থকা দেখা গৈছে। বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰতিপন্ন হৈছে। পামেলা গোস্বামীৰ এখন ফটো, সম্পাদনা সঁজুলিৰ সহায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এখন ফটোৰ সৈতে সংযোজিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৭ চনত নেডাৰলেণ্ড ভ্ৰমণলৈ গৈছিল আৰু তাতেই তেওঁক তাৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক এখন চাইকেল উপহাৰ দিছিল। প্ৰধানমন্ত্ৰী মোদীৰ সেইসময়ৰ ফটোখনক পামেলা গোস্বামীৰ ফটোৰ সৈতে সংযোজিত কৰি ভুল দাবীৰে সৈতে ভাইৰেল কৰি থকা হৈছে।

কি এই ভাইৰেল পোষ্ট

বিশ্বাস নিউজৰ নিজস্ব ফেক্ট চেকিং হোৱাটছএপ্প চাটবোট (+91 95992 99372) তো এই ভাইৰেল ফটো আমি লাভ কৰিছো। দেখিবলৈ পাইছো যে এই ফটোখন শেহতীয়াকৈ ফে’চবুকতো ভাইৰেল হৈছে। Gurpreet Bajwa নামৰ ফে’চবুক ইউজাৰ এগৰাকীয়ে ২৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে এই ফটোখন শ্বেয়াৰ কৰিছিল।

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে সৰ্বপ্ৰথমে প্ৰয়োজনীয় কী-ৱৰ্ডৰ সহায়ত এই ভাইৰেল দাবী ইণ্টাৰনেটত  বিচাৰি চায়। প্ৰধানমন্ত্ৰী মোদীয়ে যদিহে শেহতীয়াকৈ চাইকেল চলোৱা কোনো অনুষ্ঠানত ভাগ ল’লেহেতেন, তেন্তে ইয়াৰ প্ৰামাণিক বাতৰি নিশ্চিতভাৱে উপলব্ধ হ’লহেতেন। আমি শেহতীয়াকৈ এনে কোনো প্ৰতিবেদন লাভ নকৰিলো, যিটোৱে প্ৰধানমন্ত্ৰী মোদীৰ চাইকেল ৰাইডিংৰ বাতৰি সামৰি লৈছে। ইয়াৰ পৰিৱৰ্তে আমি ২৮ জুন ২০১৭ তাৰিখে হিন্দুস্থান টাইমছত প্ৰকাশিত এক বাতৰি লাভ কৰো।

এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে নেডাৰলেণ্ড ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰীক ডাচ্ছ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটে এখন চাইকেল উপহাৰ হিচাপে প্ৰদান কৰিছে। এই প্ৰতিবেদনত চাইকেলত বহি থকা অৱস্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো ব্যৱহাৰ কৰা হৈছে, এই ফটোখনত প্ৰধানমন্ত্ৰী মোদীৰ কাষত ডাচ্চ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটো উপস্থিত আছে। ভাইৰেল ফটোখনত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকৃত ফটোখনৰ মোদী থকা অংশটোৰেই মিৰৰ ইমেজ ব্যৱহাৰ কৰা হৈছে। এই প্ৰতিবেদনখন ইয়াত ক্লিক কৰি চাব পাৰিব।

এই প্ৰতিবেদনত প্ৰধানমন্ত্ৰী মোদীৰ টুইটটোকো এম্বেড কৰা হৈছে। ২৮ জুন, ২০১৭ তাৰিখে কৰা এই টুইটটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইকেলৰ সৈতে নিজৰ ফটোখন আপলোড কৰি প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটক ধন্যবাদ জনাইছে। এই টুইটটো তলত উল্লেখ কৰা হৈছে।

Thank you @MinPres @markrutte for the bicycle. pic.twitter.com/tTVPfGNC9k

— Narendra Modi (@narendramodi) June 28, 2017

ভাইৰেল ফটোত প্ৰধানমন্ত্ৰী মোদী থকা অংশটো লাভ কৰাৰ পিছত আমি পামেলা গোস্বামীৰ ফটো সন্দৰ্ভত ইণ্টাৰনেটত অনুসন্ধান আৰম্ভ কৰে। ৪ মাৰ্চ ২০২১ তাৰিখে আজ টক সংবাদ প্ৰতিষ্ঠানৰ ৱেবছাইটত প্ৰকাশিত এটা ৰিপ’ৰ্ট অনুসৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতা পামেলা গোস্বামীৰ ড্ৰাগছ সম্বন্ধীয় এক গোচৰত তেওঁক ন্যায়িক জিম্মাত ৰখাৰ ম্যাদ ১৮ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।

আমি ফে’চবুকত পামেলা গোস্বামীৰ প্ৰ’ফাইল লাভ কৰো। আমি তেওঁৰ প্ৰ’ফাইলত শ্বেয়াৰ কৰা ফটোৰ তদন্ত আৰম্ভ কৰো। আমি পামেলাৰ প্ৰ’ফাইলত ১ ডিচেম্বৰ ২০২০ তাৰিখে শ্বেয়াৰ কৰা চাইেকেল ৰেলীৰ কিছু ফটো লাভ কৰো। এই ফটোসমূহৰ মাজতে এখন ফটোত ভাইৰেল ফটোত থকা পামেলা আৰু আৰু তেওঁৰ সৈতে চাইকেল চলাই থকা একাংশ লোকৰ ফটোৰ সৈতে সাদৃশ্য দেখিবলৈ পাও। পামেলাই ভিন ভিন কোণৰ পৰা নিজৰ এই চাইকেল যাত্ৰাৰ ফটো শ্বেয়াৰ কৰে। ভাইৰেল ফটোত থকা পামেলা আৰু তেওঁৰ সৈতে থকা লোকসকলৰ ফটো ইয়াত দেখা গৈছে।

বিশ্বাস নিউজে এই পৰ্যন্ত কৰা অনুসন্ধানত এই কথা প্ৰমাণ হৈ পৰিছে যে প্ৰধানমন্ত্ৰী মোদী আৰু পামেলা গোস্বামীৰ দুখন পৃথক পৃথক ফটো সম্পাদনা কৰা বা মৰ্ফ কৰা হৈছে। আমি এই ফটোখন ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় মিডিয়া তত্বাৱধায়ক আৰু দলৰ পেনেলিষ্ট শিৱম ছাবৰালৈ প্ৰেৰণ কৰো। তেওঁৱো এই কথা নিশ্চিত কৰি জনায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই চাইকেলখন নেডাৰলেণ্ড ভ্ৰমণকালত উপহাৰ হিচাপে দিয়া হৈছিল। তেওঁ আমাক জনায় যে এই ফটোখন কোনো ফটো সম্পাদনা সঁজুলিৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰা হৈছে।

বিশ্বাস নিউজে এই ভাইৰেল দাবী শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ Gurpreet Bajwa ৰ প্ৰ’ফাইল স্কেন কৰে। জানিব পৰা মতে ইউজাৰগৰাকী উত্তৰ প্ৰদেশৰ সীতাপুৰৰ নিবাসী।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ চলি থকা প্ৰচাৰ ভুৱা বুলি প্ৰমাণিত হৈছে। পামেলা গোস্বামীৰ ছবি এখন ফটো সম্পাদনা সঁজুলিৰ সহায়ত প্ৰধানমন্ত্ৰী মোদীৰ এখন পৃথক ফটোৰ সৈতে সংযোজিত কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদী ২০১৭ চনত নেডাৰলেণ্ড ভ্ৰমণলৈ গৈছিল আৰু সেই ভ্ৰমণকালতে ডাচ্ছ প্ৰধানমন্ত্ৰীয়ে তেওঁক এখন চাইকেল উপহাৰ দিছিল। প্ৰধানমন্ত্ৰী মোদীৰ সেইসময়ৰ ফটোখনক পামেলা গোস্বামীৰ ফটোৰ সৈতে সংযোজিত কৰি ভুৱা দাবীৰে ভাইৰেল কৰি থকা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later