X
X

Fact Check: ১৯৬২ চনৰ যুদ্ধৰ সৈতে জড়িত কৰি পণ্ডিত নেহৰু সন্দৰ্ভত কৰা দাবী মনেসজা

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত পণ্ডিত নেহৰু সন্দৰ্ভত কৰা ভাইৰেল দাবী ভুল বুলি প্ৰমাণিত হৈছে। পণ্ডিত জৱাহৰলাল নেহৰুৰ এই ছবিখন ১৯৬২ চনৰ জানুৱাৰী মাহত চীন-ভাৰত যুদ্ধৰ পূৰ্বে পাটনাত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত তোলা হৈছিল, এই অধিবেশনত সৃষ্টি হোৱা বিদ্ৰোহমূলক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আগবাঢ়ি যোৱা জৱাহৰলাল নেহৰুক এগৰাকী সুৰক্ষাকৰ্মীয়ে বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ছবিখনত। পণ্ডিত নেহৰুৰ এই ছবিখন ছ’চিয়েল মিডিয়াত ভুল দাবীৰে সৈতে শ্বেয়াৰ কৰি থকা হৈছে।

  • By: ameesh rai
  • Published: Mar 7, 2021 at 10:09 PM

বিশ্বাস নিউজ (নতুন দিল্লী)। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক ভুল আৰু আপত্তিজনক দাবী ভাইৰেল হৈ আছে। ছ’চিয়েল মিডিয়া ইউজাৰে পণ্ডিত নেহৰুৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰি দাবী কৰিছে যে চীনৰ সৈতে ১৯৬২ চনৰ যুদ্ধৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুক জনৈক স্বামী বিদ্যানন্দ বিদেহে চৰিয়াইছিল। এই দাবী অনুসৰি এই ভাইৰেল ফটোখন তেতিয়া উঠোৱা হৈছিল, যেতিয়া লোকজনে চৰিওৱাৰ পিছত নেহৰুৱে প্ৰতিক্ৰিয়া দিবলৈ ওলাইছিল, কিন্তু সেই মুহুৰ্ত্ততে তেওঁক ধৰি ৰখা হ’ল।

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবী ভুল বুলি প্ৰমাণিত হৈছে। পণ্ডিত জৱাহৰলাল নেহৰুৰ এই ফটোখন জানুৱাৰী ১৯৬২ চনৰ চীনা যুদ্ধৰ পূৰ্বে পাটনাত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিবেশনত তোলা হৈছিল, পণ্ডিত নেহৰুৱে সেই অধিবেশনত সমবেত হোৱা জনসমাগমৰ অত্যন্ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি যাওতে সুৰক্ষাকৰ্মীয়ে তেওঁক পিছফালৰ পৰা ধৰি ৰাখিছিল। পণ্ডিত নেহৰুৰ এই ফটোখনকে ছ’চিয়েল মিডিয়াত এটা মিছা দাবীৰে সৈতে শ্বেয়াৰ কৰি থকা হৈছে।

কি এই ভাইৰেল পোষ্ট

বিশ্বাস নিউজে ইয়াৰ নিজা ফেক্ট চেকিং হোৱাটছএপ্প চাটবোট (+91 95992 99372) তো ফেক্ট চেক কৰিবৰ বাবে সত্যত্যা নিৰূপণৰ বাবে এই পোষ্টটো লাভ কৰিছে। প্ৰয়োজনীয় কী-ৱৰ্ডৰ সহায়ত ছাৰ্ছ কৰোতে আমি এই দাবী ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত যথেষ্ট ভাইৰেল হোৱা দেখিবলৈ পাইছো। Jb Singh নামৰ এগৰাকী ফে’চবুক ইউজাৰে বিগত ২৪ ফেব্ৰুৱাৰীত এটা পোষ্ট ৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল, য’ত এই সংশ্লিষ্ট দাবী কৰা হৈছিল। এই দাবী অনুসৰি ১৯৬২ চনত চীনৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পিছত আৰু মৌখিকভাৱে আৰ্যসকলক লৈ কৰা কোনো এক টিপ্পনীৰ পিছত স্বামী বিদ্যানন্দ বিদেহ নামৰ এগৰাকী ব্যক্তিয়ে পণ্ডিত জৱাহৰলাল নেহৰুক চৰ শোধাইছিল। এই ভাইৰেল দাবীটো তলৰ লিংকত চাব পাৰিব।

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।


অনুসন্ধান

বিশ্বাস নিউজে যেতিয়া এই ভাইৰেল পোষ্টটোত দিয়া কী-ৱৰ্ডবোৰেৰে এই দাবীৰ বিচাৰ-খোচাৰ কৰে, তেতিয়া আমি তথ্য লাভ কৰিলো যে এই ছবি দীৰ্ঘসময় ধৰি ছ’চিয়েল মিডিয়াত এই দাবীৰে সৈতে শ্বেয়াৰ কৰি থকা হৈছে। এই দাবীৰে সৈতে ভাইৰেল ফটোখন @UnfilteredTales নামৰ টুইটাৰ হেণ্ডেলতো ২০১৯ চনৰ ২৮ ছেপ্তেম্বৰত শ্বেয়াৰ কৰা হৈছিল। এই টুইটটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পৰা যাব।

এই টুইটটোত এই ছবিখন দাবী কৰা লেখাখিনি অবিহনেই শ্বেয়াৰ কৰা হৈছে। বিশ্বাস নিউজে যেতিয়া এই ছবিখন গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ টুল ব্যৱহাৰ কৰি পৰীক্ষা কৰিলে তেতিয়াই আমি ইণ্টাৰনেটত ইয়াৰ সৈতে মিল থকা বহু ফটো তথা তথ্য লাভ কৰিলো। আমি এই ভাইৰেল ফটোখন আউটলুক ৰ ৱেবছাইটতো পণ্ডিত নেহৰুৰ সৈতে জড়িত এক ফটো গেলেৰীত লাভ কৰিলো। এই ফটোখনৰ বাবে আউটলুকে AP ক উৎস হিচাপে উল্লেখ কৰি লিখিছে যে হিংসাত্মক কাৰ্যৰ বাবে উত্ৰাবল জনতাৰ সমূখলৈ যোৱাত পণ্ডিত নেহৰুক বাধা প্ৰদান কৰা হৈছে। এই ফটোখন তলত আপোনালোকৰ সুবিধাৰ্থে উপস্থাপন কৰা হৈছে।

প্ৰয়োজনীয় কী-ৱৰ্ডেৰে বিচাৰ-খোচাৰ কৰোতে আমি এছ ছবিখন AP ৰ ৱেবছাইট ত থকা আৰ্কাইভতো লাভ কৰিলো। AP ৰ ৱেবছাইটত উল্লেখ কৰা হৈছে যে এই ছবিখন চীন-ভাৰতৰ যুদ্ধৰ পূৰ্বে ১৯৬২ চনৰ জানুৱাৰী মাহত তোলা হৈছিল।  এই ছবি পাটনাত কংগ্ৰেছ দলৰ এক বৈঠকৰ সময়ত তোলা হৈছিল। AP ৰ মতে হিংসাত্মক কাৰ্যত লিপ্ত হ’বলৈ উদ্যত হোৱা জনতাৰ পৰা এগৰাকী সুৰক্ষাকৰ্মীয়ে নেহৰুক বচাবৰ বাবে তেওঁক ধৰি ৰাখিছে। AP ৰ ৱেবছাইটত উপলব্ধ এই ছবিখন তলত চাব পাৰিব।

বিশ্বাস নিউজে এতিয়ালৈকে কৰা অনুসন্ধানত এই কথা প্ৰমাণিত হৈছে যে পণ্ডিত নেহৰুৰ এই ছবিখন ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ পূৰ্বে তোলা ছবি। এই ছবিখন পাটনাত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনৰ ছবি আৰু নেহৰুক কোনেও চৰ শোধোৱা নাছিল, বৰঞ্চ তেওঁক জনসমাগমত সোমাই যোৱাৰ পৰা ৰক্ষা কৰাহে হৈছিল।

বিশ্বাস নিউজে ইয়াৰ পিছত ভাইৰেল পোষ্টত স্বামী বিদ্যানন্দ বিদেহ নামৰ ব্যক্তিগৰাকীৰ উল্লেখৰ কাৰণ আৰু সত্যতাৰ বিশ্লেষণ কৰে। সাধাৰণ গুগল ছাৰ্ছেৰে আমি veda-sansthan.org ৰ ৱেবছাইট ভিজিট কৰো। এই ৱেবছাইটত স্বামী বিদ্যানন্দ বিদেহ ক এই সংস্থাটোৰ প্ৰতিষ্ঠাপক হিচাপে উল্লেখ কৰা হৈছে। ইয়াতেই তেওঁৰ জীৱনীও উল্লেখ কৰা হৈছে। এই জীৱনীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে থকা তেওঁৰ বিৰোধৰ কথাও উল্লেখ আছে, কিন্তু পণ্ডিত নেহৰুৰ সৈতে জড়িত এই ভাইৰেল দাবীৰ দৰে কোনো ঘটনা কতো উল্লেখ নাই। যদিহে এনেধৰণৰ কোনো ঘটনা সংঘটিত হ’লহেতেন তেন্তে  এই জীৱনী অথবা আন কোনো প্ৰামাণিক মিডিয়া ৰিপ’ৰ্টত ইয়াৰ উল্লেখ থাকিলহেতেন। কিন্তু আমি এনে কোনো প্ৰামাণিক ৰিপ’ৰ্ট কতো লাভ নকৰিলো।

বিশ্বাস নিউজে এই ভাইৰেল দাবীটো সন্দৰ্ভত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ’চিয়েল মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ৰক্ষী ৰনীশ জৈনৰ সৈতেও যোগাযোগ কৰিছো। তেওঁ এই সন্দৰ্ভত কয় যে পণ্ডিত নেহৰুৰ জীৱনৰ প্ৰতিটো অংশই একো একোটা লিখিত ইতিহাসত উল্লেখ আছে। তেওঁ কয় যে নেহৰু-গান্ধী পৰিয়ালক লৈ দশক দশক ধৰি চলি অহা বিভিন্ন উৰা বাতৰিৰ ইও এটা অংশ। তেওঁ লগতে উল্লেখ কৰে যে পণ্ডিত নেহৰু আছিল এগৰাকী লোকতান্ত্ৰিক ব্যক্তি আৰু তেওঁ সদায় সত্যও ওপৰত বিশ্বাস ৰাখিছিল। ইয়াৰ বাবেই পাটনাত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত সংঘটিত বিদ্ৰোহমূলক কাৰ্যকলাপ সত্ত্বেও তেওঁ আলোচনা কৰাৰ পৰা পিছহুহকি অহা নাছিল, এই ফটোখনো সেই ঘটনাৰেই সাক্ষী আৰু তেতিয়াৰে ফটো এইখন।

বিশ্বাস নিউজে এই ভাইৰেল দাবীটো শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ Jb Singh ৰ প্ৰ’ফাইল স্কেন কৰে। এই প্ৰ’ফাইলটো ২০১৬ চনৰ নৱেম্বৰ মাহত খোলা হৈছিল আৰু ইউজাৰগৰাকীয়ে ইয়াৰ বাহিৰে বাকী কোনো তথ্য ৰাজহুৱা কৰা নাই।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত পণ্ডিত নেহৰু সন্দৰ্ভত কৰা ভাইৰেল দাবী ভুল বুলি প্ৰমাণিত হৈছে। পণ্ডিত জৱাহৰলাল নেহৰুৰ এই ছবিখন ১৯৬২ চনৰ জানুৱাৰী মাহত চীন-ভাৰত যুদ্ধৰ পূৰ্বে পাটনাত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনত তোলা হৈছিল, এই অধিবেশনত সৃষ্টি হোৱা বিদ্ৰোহমূলক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আগবাঢ়ি যোৱা জৱাহৰলাল নেহৰুক এগৰাকী সুৰক্ষাকৰ্মীয়ে বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ছবিখনত। পণ্ডিত নেহৰুৰ এই ছবিখন ছ’চিয়েল মিডিয়াত ভুল দাবীৰে সৈতে শ্বেয়াৰ কৰি থকা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later