X
X

Fact Check: ইন্ধনৰ মূল্যত বৃদ্ধিৰ কাৰণে পেট্ৰল পাম্প ভঙা নাছিল, পুৰনা ঘটনাৰ ভিডিও মিছা কথাৰে ভায়ৰেল

ইন্ধনৰ মূল্যত হোৱা বৃদ্ধিৰ কাৰণে পেট্ৰল পাম্পত ভঙা চিঙা কৰাৰ দাবীৰে ভায়ৰেল হোৱা পোস্ট নকলি হয়। যি ভিডিওক এই দাবীৰে ভায়ৰেল কৰাইছে যে উৰিষ্যাৰ এক পেট্ৰল পাম্পত হোৱা ঘটনাৰ লগত সম্বন্ধিত হয়, যাৰ পেট্ৰল, ডিজেলৰ মূল্যত বৃদ্ধি লগত কোনো লেন দেন নাছিল।

  • By: Abhishek Parashar
  • Published: Jul 24, 2020 at 02:19 PM
  • Updated: Aug 30, 2020 at 08:25 PM

নতুন দিল্লী (বিশ্বাস টীম)। পেট্ৰল আৰু ডিজেলৰ দামত বৃদ্ধি হোৱাৰ ঘটনাৰ লগত জড়িত এক ভিডিও চছিয়েল মেডিয়াত ভায়ৰেল হৈছে। ভিডিওত কিছুমান লোকে পেট্ৰল পাম্প ভাঙি চিঙি থকা দেখা পাব পাৰে। দাবী কৰা গৈছে যে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হোৱাৰ কাৰণে ক্ৰোধিত জনতাই পেট্ৰল পাম্প ভাঙি চিঙি দিছে।

বিশ্বাস নিউজৰ অনুসন্ধানৰ পৰা এইটো দাবী ভুল প্ৰমাণিত হৈছে। যি ভিডিওক পেট্ৰলৰ দামত বৃদ্ধি হোৱাৰ লগত জড়িত কৰি ভায়ৰেল কৰা গৈছে সেয়া উৰিষ্যাৰ এক পুৰনা ঘটনাৰ লগত সম্বন্ধীত হয়, যত পেট্ৰল পাম্পত পেট্ৰল চোৰ কৰাৰ দোষ লগাইছিল।

ভায়ৰেল ভিডিওত কি আছে?

ফেচবুক ইউজাৰ ‘Kazi Mushahidur Rahman’ এ ভায়ৰেল ভিডিও শ্বেয়াৰ কৰি লিখিছে, ”পেট্ৰোল ডিজেলৰ মূল্য প্ৰতিদিনে বাঢ়ি থকাত
ৰাইজৰ ৰুদ্ৰমূৰ্ত্তি ….”

ভায়ৰেল পোস্টৰ আৰ্কাইভড লিংক। এই পোস্টক 700 তকৈ অধিক লোকে শ্বেয়াৰ কৰিছে।

অনুসন্ধান

28 জুনৰ নিইজ ৰিপৰটাৰৰ মতে, পেট্ৰল আৰু ডিজেলৰ মূল্য নিৰন্তৰে 21 দিনলৈকে বৃদ্ধিৰ পিছত দেওবাৰ (28 জুন) ত মূল্য বৃদ্ধি হোৱা নাছিল। মূল্য বৃদ্ধিৰ পিছত দিল্লীত যত পেট্ৰলৰ দাম প্ৰতি লিটাৰ 80.38 টকা হৈ গৈছে, ডিজেলৰ দাম 80.40 টকা প্ৰতি লিটাৰ হৈ গৈছে।

ৰিপৰটাৰৰ মতে, যোৱা দুই দিনৰ পৰা পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হোৱা নাই।

‘Petrol pump ransacked’ কী-ৱৰ্ডৰ পৰা চাৰ্চ কৰাত আমি উৰিষ্যাৰ স্হানীয় চেনেল OTV ৰ এক বুলেটিন পাওঁ, যত ভায়ৰেল হোৱা ভিডিওক চাব পৰা যায়।

28 ছেপ্তেম্বৰ 2018 ত আপলোড কৰা এই ভিডিও বুলেটিনৰ মতে, পেট্ৰল পাম্পত হোৱা পেট্ৰল চোৰ কৰাৰ ঘটনা সন্মুখলৈ অহাত স্হানীয় লোক সকলে ক্ৰোধিত হৈ ভাঙি চিঙি দিয়ে। মানুহক নিয়ন্ত্ৰণ কৰিবৰ বাবে পুলিচে লাঠিচাৰ্জো কৰিব লগীয়া হৈছিল।

আমি নিউজ চাৰ্চত উৰিষ্যাৰ স্হানীয় নিউজ ৱেবচাইটত প্ৰকাশিত ৰিপৰ্ট পাওঁ, যত এই কথাৰ উল্লেখ কৰিছে। odishabytes.com ৰ ৰিপৰটৰ মতে, পুৰীৰ এক পেট্ৰল পাম্পত পেট্ৰল কম দিয়াক লৈ অৰাজকতাৰ সৃষ্টি হয়। খবৰ পোৱাৰ লগে লগে কুম্ভৰপাৰা পুলিচ সেই স্হানলৈ গৈ পায় আৰু পৰিস্হিতক নিয়ন্ত্ৰণ কৰে।

বিশ্বাস নিউজে এই ঘটনাক লৈ কুম্ভৰপাৰা পুলিচ স্টেচনত যোগাযোগ কৰে। পুলিচ বিষয়া সত্য ৰঞ্জনে কয়, পেট্ৰল পাম্পত হোৱা ঘটনা পুৰনা হয়। বৰ্তমান এনে ধৰণৰ কোনো ঘটনা অহা নাই।

এই ভিডিওক বহুতো লোকে শ্বেয়াৰ কৰিছে আৰু তাৰে ভিতৰত এজন হৈছে Kazi Mushahidur Rahman নামৰ এক ফেচবুক ইউজাৰ। প্ৰফাইল ইন্ট্ৰোৰ মতে ইউজাৰ এক ৰাজনীতিক পাৰ্টীৰ লগত জড়িত আছে আৰু গুৱাহাটীত থাকে।

নিষ্কৰ্ষঃ ইন্ধনৰ মূল্যত হোৱা বৃদ্ধিৰ কাৰণে পেট্ৰল পাম্পত ভঙা চিঙা কৰাৰ দাবীৰে ভায়ৰেল হোৱা পোস্ট নকলি হয়। যি ভিডিওক এই দাবীৰে ভায়ৰেল কৰাইছে যে উৰিষ্যাৰ এক পেট্ৰল পাম্পত হোৱা ঘটনাৰ লগত সম্বন্ধিত হয়, যাৰ পেট্ৰল, ডিজেলৰ মূল্যত বৃদ্ধি লগত কোনো লেন দেন নাছিল।

  • Claim Review : পেট্ৰল আৰু ডিজেলৰ দামত বৃদ্ধি হোৱাৰ ঘটনাৰ লগত জড়িত এক ভিডিও চছিয়েল মেডিয়াত ভায়ৰেল হৈছে। ভিডিওত কিছুমান লোকে পেট্ৰল পাম্প ভাঙি চিঙি থকা দেখা পাব পাৰে। দাবী কৰা গৈছে যে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হোৱাৰ কাৰণে ক্ৰোধিত জনতাই পেট্ৰল পাম্প ভাঙি চিঙি দিছে।
  • Claimed By : FB User- Kazi Mushahidur Rahman
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later