ফেক্ট চেক: বাংলাদেশী নহয় ভাৰতীয় আধ্যাত্মিক গুৰুৰ লগতহে অসমৰ চি, এম সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হেমন্ত শৰ্মাক দেখা পোৱা গৈছে|
- By: Bhagwant Singh
- Published: Dec 20, 2019 at 06:16 PM
বিশ্বাস টীম (নতুন দিল্লী)| নাগৰিকতা সংশোধন বিধায়েকৰ সংসদৰ দুয়োটা সংসদতে জাৰী হোৱাৰ পাচত অসমৰ মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভাইৰেল হৈ আছে, য’ত তেওঁলোক কোনো আধ্যাত্মিক ব্যক্তিৰ লগত বহি থকা দেখা গৈছে| দাবী কৰা গৈছে তেওঁলোকৰ লগত দেখা পোৱা আধ্যাত্মিক ব্যক্তিজন বাংলাদেশী|
বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুল বুলি ওলাল| অসমৰ মূখ্যমন্ত্রী আৰু বিত্তমন্ত্রীৰ লগত দেখা পোৱা ব্যক্তিজন না কোনো বাংলাদেশী না তেওঁ মূখ্যমন্ত্রীৰ আধ্যাত্মিক গুৰু|
কি আছে ভাইৰেল পোষ্টত ?
ফেচবুক ইউজাৰ “ৰাজ পঙ্কজ অসমীয়া ” ই অসমৰ মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফটো ছেয়াৰ কৰি লিখিছে ” বাংলাদেশী বঙালৰ ভৰিৰ তলুৱা চেলেকি থকা অৱস্থাত আমাৰ অসমৰ ভতুৱা কুকুৰ কিতা চা|”
ভ্ৰান্তিকাৰক দাবীৰ সৈতে ছোচিয়েল মিডিয়াত ভাইৰেল হৈ থকা ফটো হিন্দিত ইয়াক এনেকৈ পঢ়িব পৰা যায় , বাঙ্গাদেশী @##@#@#.অনুসন্ধান কৰালৈকে এই ফটোখন 2,000 তকৈ অধিক মানুহে ছেয়াৰ কৰিছে|
অনুসন্ধান
ভাইৰেল ফেচবুক পোষ্টটোক ভুল বুলি জনাই কেইবাজনো ইউজাৰে ইয়াক ৰিপোৰ্ট কৰাৰ পাচত ফেচবুকৰ পৰা আতঁৰাই দিবলৈ কোৱা হ’ল|
ফটোখন ৰিভাৰ্চ ইমেজ কৰাত আমি অসমৰ এটা পোৰ্টেল sentinelassam.com ত 9 ডিচেম্বত প্ৰকাশিত ৰিপোৰ্ট পোৱা গ’ল , য’ত এই ফটোৰ ব্যৱহাৰ কৰা হৈছিল| ৰিপোৰ্টৰ মতে মূখ্যমন্ত্রী ( সৰ্বানন্দ সোণোৱাল ) এ এক কাৰ্যক্ৰমৰ সময়ত ৰাইজক আধ্যাত্মিক গুৰু “শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ ” ৰ আদৰ্শৰ অনুসৰণ কৰিবলৈ আহ্বান জনায়|
বাতৰিৰ মতে ,মূখ্যমন্ত্রী নগাওঁ জিলাত ” শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ” ৰ ঘৃতি বৰতানা মহোৎসৱত ভাগ লব’লৈ গৈছিল| তাত তেখেতে অসমৰ ৰাইজক পৰম প্ৰেমামোয় শ্ৰী শ্ৰী ঠাকুৰ আনুকূল চন্দ্ৰ ৰ আদৰ্শ আৰু শিক্ষাৰ অনুসৰণ কৰিবলৈ আহ্বান কৰে , যাতে সৌহাদ্যপূৰ্ণ সমাজৰ নিৰ্মাণ কৰিব পাৰে| তাতে তেখেতৰ লগত ৰাজ্যৰ বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল|
৮ ডিচেম্বৰ ২০১৯ তাৰিখে মূখ্যমন্ত্রী সোণোৱালে নিজৰ আধিকাৰিক টিউটাৰ হেণ্ডেলত এই ফটোখন টুইট কৰে|
বাতৰিটোৱে জনাই যে সেই অনুষ্ঠানত মূখ্যমন্ত্রীয়ে ” শ্ৰী শ্ৰী ববাই দা” ৰ লগত কথা পাতিছিলে| ববাই দা (Bobai da ) কীবৰ্ডৰ লগত চৰ্চা কৰাত আমি তেখেতৰ কেইবাটাও ভিডিও আৰু ফটো পালোঁ , যিবোৰৰ পৰা গম পালো যে মূখ্যমন্ত্রী আৰু বিত্তমন্ত্রীয়ে যিজন ব্যক্তিৰ লগত বহি থকা দেখা গৈছে তেখেত ববাই দায়েই হয়| সৎসঙ্গ বিহাৰ নামৰ ইউ টিউব চেনেলত 13 ডিচেম্বৰ 2017 তাৰিখে আপলোড কৰা ভিডিওত তেখেতে কথা কোৱা শুনিবলৈ পাব পাৰে|
alchetron.com ত ববাই দাৰ ভিডিও আৰু তেখেতৰ ফটো দেখা পাব পাৰে| তাত থকা জাননীৰ মতে ববাই দা (মূল নাম অকন্দয়ুতি চক্ৰৱৰ্তী) এজন আধ্যাত্মিক গুৰু , তেখেতৰ জন্ম ঝাৰখাণ্ডৰ দেওঘৰত হৈছিল আৰু তাত থকা সৎসঙ্গ আশ্ৰমত আধ্যাত্মিক গতিবিধিৰ সঞ্চালন কৰে| তেখেতৰ জন্ম অনুকূল ঠাকুৰৰ পৰিয়ালত হৈছিল|
দৈনিক জাগৰণত দেওঘৰৰ ব্যুৰো চিফ ৰাজীৱ ৰঞ্জনে এই কথা জনায়| তেখেতে কয় যে অনুকূল চন্দ্ৰ ঠাকুৰ অবিভাজিত ভাৰততেই দেওঘৰ ( ঝাৰখাণ্ড) লৈ আহিছিলে এনেকৈয়ে তেওঁ ভাৰতীয় নাগৰিক| তেখেতৰ পুত্রৰ নাম অমৰেন্দ্ৰ নাথ চক্ৰবৰ্তী আছিল| তেওঁ সকলোৱে বৰ দা বুলিত্রে মাতিছিল| অমৰেন্দ্ৰ চক্ৰৱৰ্তী ৰ পুত্র অশোক চক্ৰৱৰ্তী| তেখেতৰে পুত্র ববাই দা| ববাই দাৰ মাৰ্গদৰ্শনত গঠিত সমিতি সৎসঙ্গৰ আধ্যত্মিক গতিবিধি সঞ্চালন কৰে| সৎসঙ্গ ৰ অনুযায়ী পুৰা দেশত বিয়পি আছে| তেখেতে কৈছে যে সৎসঙ্গ ৰ প্ৰভাৱ ঝাৰখাণ্ড- বেঙ্গল আৰু পূৰ্বত্তৰ ৰাজ্যবোৰত আছে|
gutenberg.us ত থকা কথাই এইটো জনাইছে| ৱেবচাইট ত দিয়া মতে শ্ৰী শ্ৰী ববাই দাৰ জন্ম ঝাৰখাণ্ডৰ দেওঘৰত ঠাকুৰ অনুকূল চন্দ্ৰৰ পৰিয়ালত হৈছিল আৰু বিদেশত অনুকূল চন্দ্ৰৰ শিক্ষা আৰু আদৰ্শৰ প্ৰচাৰ কৰে|
দেওঘৰ জিলা প্ৰসাশনৰ অধিকাৰিক ৱেবচাইটত আমি সৎসঙ্গ আশ্ৰম আৰু তাৰ সংস্থাপক অনুকূল চন্দ্ৰৰ বিষয়ে জানিবলৈ পাওঁ|
জাননীৰ মতে সৎসঙ্গ আশ্ৰম ঠাকুৰ অনুকূল চন্দ্ৰৰ শ্ৰদ্ধালু সকলৰ বাবে পবিত্র স্থান ,যি অনুকূল চন্দ্ৰই স্থাপিত কৰিছিলে| ঠাকুৰ অনুকূল চন্দ্ৰৰ জন্ম 14 ডিচেম্বৰ 1888 ত অবিভাজিত ভাৰতৰ পৰণা জিলাৰ হিমৈতপুৰ গাঁওত হৈছিল| তেখেতে 1946 ত দেওঘৰত এই আশ্ৰমৰ স্থাপনা কৰিছিলে , য’ত সকলো সম্প্ৰদায়ৰ মানুহৰ আকৰ্ষণৰ কেন্দ্ৰৰ এখন|
সৎসঙ্গৰ ৱেবচাইত তেখেতৰ জন্ম আৰু কৰ্মযাত্রাৰ বিষয়ে বিস্তাৰভাৱে পাব|
অসমৰ বৰিষ্ঠ পত্রকাৰ অনিৰুদ্ধ ভগতে জনায়, ” মখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ আধ্যাত্মিক গুৰুৰ কেইবছৰমান আগতেই স্বৰ্গগামী হৈছিলে, আৰু তেখেত অসমৰ নিবাসী আছিল| ” তেখেতে কয় যে সৎসঙ্গ আৰু ইয়াৰ আধ্যত্মিক শিক্ষাক গ্ৰহন কৰা বহুতো শ্ৰদ্ধালু অসমৰ বহু এলেকাত আছে|
৩০ জানুৱাৰী ২০১৭ ত ইংৰাজী বাতৰিকাকত টাইমচ অৱ ইণ্ডিয়া ত প্ৰকাশিত খবৰৰ লিংক পোৱা গ’ল , য’ত এই ঘটনা জনোৱা হৈছিল|
খবৰৰ মতে, মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ আধ্যত্মিক গুৰু কৃষ্ণগুৰু ঈশ্বৰ অৰুণ গোস্বামীৰ 82 বছৰ বয়সত পৰলোক প্ৰাপ্ত হৈছিল| তেখেতে বৰপেটাত কৃষ্ণগুৰু সেৱাশ্ৰমৰ স্থাপনা কৰিছিল|
নাগৰিক সংশোংধন বিঘেয়কখন দুয়োখন সংসদনত গৃহিত হোৱাৰ পাচত ছচিয়েল মিডিয়াত অহৰহ উৰাবাতৰি বিয়পাই থকা হৈছে| অসমৰ মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৰাইজক ইয়াৰ পৰা দূৰত থাকিবলৈ আপিল কৰিছে| তেখেতে কৈছে, ” কিছু লোকে মিছা আৰু ভ্ৰান্তিকাৰক খবৰ বিয়পাই পৰিস্থিতি নষ্ট কৰিবলৈ বিচাৰিছে| তেখেতে কয়, যে অসমত 1 কোটিৰ পৰা 1.5 কোটি মানুহে নাগৰিকত্ব পাবলৈ ওলাইছে, যিটো মিছা দুষ্টাচাৰ মাত্র|”
নিষ্কৰ্ষ ঃ অসমৰ মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল সন্দৰ্ভৰ সতে ছোচিয়েল মিডিয়াত ভাইৰেল হৈ আছে| ভাইৰেল ফটোত সৎসঙ্গ আশ্ৰমৰ ববাই দাৰ লগত তেওঁলোকক দেখা গৈছে, কোনো বাংলাদেশীৰ লগত নহয়| ববাই দাৰ ঝাৰখাণ্ডৰ দেওঘৰত জন্ম হৈছে আৰু তেখেতে তাত স্থাপিত সৎসঙ্গ আশ্ৰমৰ আধ্যাত্মিক গতিবিধিৰ সঞ্চালনা কৰে|
- Claim Review : ই অসমৰ মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফটো ছেয়াৰ কৰি লিখিছে
- Claimed By : FB User-ৰাজ পঙ্কজ অসমীয়া
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.