X
X

Fact Check: ভাইৰাল পোষ্ট বিভ্ৰান্তিকৰ, সাধু প্ৰহ্লাদ জানি-ৰ মৃত্যু 2020-চনত হৈছিল

বিশ্বাস নিউজৰ তদন্তত ভাইৰাল পোষ্ট বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। গুজৰাটৰ সাধু প্ৰহ্লাদ জানিৰ মৃত্যু 2020 চনত হৈ গৈছে। পুৰণি সংবাদক নতুন আকাৰে বিয়পাই দিয়া হৈছে।

  • By: Umam Noor
  • Published: Jun 26, 2024 at 01:29 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সাধু প্ৰহ্লাদ জানিৰ ছবি শ্বেয়াৰ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে,  তেঁওৰ বিগত সময়ত মৃত্যু হৈছে। এই পোষ্টটোক সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত ভাইৰাল কৰা হৈ আছে।

বিশ্বাস নিউজৰ তদন্তত ভাইৰাল পোষ্ট বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। গুজৰাটৰ সাধু প্ৰহ্লাদ জানিৰ মৃত্যু 2020 চনত হৈ গৈছে। পুৰণি সংবাদক নতুন আকাৰে বিয়পাই দিয়া হৈছে।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ছবি শ্বেয়াৰ কৰি লিখিছে যে,  “80 বছৰ ধৰি ভোজন আৰু এক ফোটা পানী গ্ৰহণ নকৰাকৈ জীৱিত থকা সাধু প্ৰহ্লাদ জানি পঞ্চভূতত বিলীন হৈ গ’ল।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি গুগ’লত সংবাদ বিছাৰিলোঁ।  অনুসন্ধানত, সাধু প্ৰহ্লাদ জানিৰ মৃত্য সন্দৰ্ভত বহুত সংবাদ  2020 চনত প্ৰকাশিত হোৱা পোৱা গ’ল। টাইমছ অফ ইণ্ডিয়াৰ  2020 চনৰ মে মাহৰ 26 তাৰিখে প্ৰকাশিত সংবাদ মতে, নিজৰ জীৱন বিগত আঠ দশকলৈ অন্ন-পানী অবিহনে কটোৱাৰ দাবি কৰা তপস্বীৰ মঙ্গলবাৰ পোৱা শাৰীৰিক অসুস্থতাৰ বাবে মৃত্যু হৈ গ’ল। 91 বছৰ বয়সৰ প্ৰহ্লাদ জানি ভক্তসকলৰ মাজত চুনৰীৱালে মাতাজী নামত খ্যাত আছিল। জানিৰ সেৱক ধৰ্মেন্দ্ৰ পাঞ্চালে তেঁওৰ মৃত্যুৰ সংবাদ সঠিক বুলি জানিবলৈ দিয়ে।

ইক’ন’মিক্স টাইমছ-ৰ ৱেবচাইটত এটা সংবাদত কোৱা হৈছে যে, গুজৰাটৰ অম্বাজী নিৱাসী প্ৰহ্লাদ ভাই জানিৰ মৃত্যু 90 বছৰ বয়সত হৈছে।  70  বছৰ ধৰি তেঁও খোৱা বোৱা ত্যাগ কৰিছিল। এই সংবাদ   2020 চনৰ 27  মে-ত প্ৰকাশ কৰা হৈছিল। সম্পূৰ্ণ সংবাদ ইয়াত পঢ়ক।

তদন্ত আগবঢ়াই নিঁওতে আমি ভাইৰাল হৈ থকা ছবিখন বিছাৰিলোঁ। অনুসন্ধানত আমি  ‘জয় অম্বে চুণ্ডাদিৱাড়া মাতাজী অম্বাজী’ নামৰ ফেচবুক পেজত এই ছবিৰ লগতে অন্যান্য বহু ছবি  2020 চনৰ 29 মে-ত আপল’ড হোৱা পালো।

সামাজিক মাধ্যমত আগতেও এই ছবিখন ভাইৰাল হৈছিল আৰু সেই সময়ত বিশ্বাস নিউজে এই সন্দৰ্ভত দৈনিক জাগৰণৰ গুজৰাটৰ স্টেট বিউৰ শত্ৰুঘ্ন শৰ্মাৰ লগত যোগাযোগ কৰিছিল। তেঁও আমাক জঁনাইছিল যে সাধু প্ৰহ্লাদ জানিৰ 2020 চনতেই মৃত্যু হৈছে।

এতিয়া সময় হৈছিল বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিং কৰাৰ। এই প্ৰক্ৰিয়াত আমি ব্যৱহাৰকাৰীজনৰ ব্যক্তিগত তথ্যৰ পৰা  গম পালো যে, তেঁও এজন জ্যোতিষ।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত ভাইৰাল পোষ্ট বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। গুজৰাটৰ সাধু প্ৰহ্লাদ জানিৰ মৃত্যু 2020 চনত হৈ গৈছে। পুৰণি সংবাদক নতুন আকাৰে বিয়পাই দিয়া হৈছে।

  • Claim Review : 80 বছৰ ধৰি ভোজন আৰু এক ফোটা পানী গ্ৰহণ নকৰাকৈ জীৱিত থকা সাধু প্ৰহ্লাদ জানি পঞ্চভূতত বিলীন হৈ গ'ল।
  • Claimed By : FB User- Jyotish With AkshayG
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later