X
X

Fact Check: মুছলমানসকলৰ বিৰুদ্ধে NIA কোনো মেছেজ জাৰী কৰা নাই, আকৌ ভাইৰেল ভুৱা পোষ্ট

  • By: Umam Noor
  • Published: May 23, 2024 at 04:22 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত আকৌ এবাৰ নেচনেল ইনভেষ্টিগেচন এজেঞ্চি (NIA)-ৰ নামত এখন মেছেজ ভাইৰেল কৰা হৈ আছে। মেছেজত থকা তথ্য অনুসৰি, মুছলমানসকলে কোনো আপত্তিকৰ শ্লোগান দিলে তাৰ বিৰুদ্ধে যাতে অভিযোগ দাখিল কৰিব পৰা যায়, তাৰ বাবে এনআইএ-ৰ ফালৰপৰা কেইটামান ফোন নম্বৰ জাৰী কৰা হৈছে।  

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হোৱা এই পোষ্ট ভুৱা হয়। এই পোষ্টত থকা মেছেজত যিবোৰ নম্বৰ দিয়া হৈছে, সেই আটাইবোৰে দিল্লীত থকা এনআইএ-ৰ মুখ্য কাৰ্যালয়ৰে হয়। কিন্তু, এই এজেঞ্চিৰ ফালৰপৰা কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে তেনেকুৱা কোনো মেছেজ জাৰী কৰা হোৱা নাই। 

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ” NIA জাৰী কৰিছে নম্বৰ* আপোনাৰ তথ্য অনুসৰি আতংকবাদী মুছলমানসকলৰ বিৰুদ্ধে ৰিপ’ৰ্ট কৰাৰ বাবে এটা বিশেষ নম্বৰ। যেতিয়াই দেখিব, মুছলমানে শৰীৰৰপৰা মূৰ কাটি পেলাই দিয়াৰ শ্লোগান দি আছে, তেতিয়া লগে-লগে ফেচবুক কমেণ্টতে হওক বা টুইটাৰতে হওক, পোনে-পোনে সেই ঘটনাৰ স্ক্ৰীণশ্বট লওঁক, লিংক কপি কৰক বা এই নম্বৰত ফোন কৰক! 011-24368800 Email Id of NIA : info.nia@gov.in, Mobile No. 9654447345 WhatsApp No. 8585931100 Landline No. 011-24368800 Fax No. 011-24368801, এই তথ্যক নিজৰ-নিজৰ চিনাকি লোকসকলক দিয়ক। এনেকৈ আপোনালোকেও অতি অৱশ্যেই নিজৰ নৈতিক দায়িত্ব পালন কৰক! *জয় হিন্দ জয় ভাৰত।”

পোষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

অনুসন্ধান

আমাৰ অনুসন্ধান আৰম্ভ কৰি আমি সদৌ প্ৰথমতে ‘এনআইএ নম্বৰ মুছলিম‘ কি-ৱাৰ্ড দি গুগল অ‘পেন ছাৰ্চ কৰিছোঁ। ছাৰ্চ কৰি থাকোঁতে আমি এনআইএ-ৰ নিজৰ হেণ্ডলত এই বিষয়ৰ লগত যুক্ত এখন নথিৰ লিংক পাইছিলোঁ।

সেয়া আছিল 7 জুলাই 2022-ত জাৰী হোৱা প্ৰেছ জাননী। তাত এই তথ্য আছিল, ”এটা ঘটনা চকুত পৰিছে যে, এনআইএ-ৰ নামত কেইখনমান বিভ্ৰান্তিকৰ বাৰ্তা বিভিন্ন ছ‘চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰ কৰা হৈ আছে।

সকলক অৱগত কৰা হৈ আছে যে, এনআইএ-ৰ ফালৰপৰা এনেকুৱা কোনো বাৰ্তা জাৰী কৰা হোৱা নাই। এই ধৰণৰ বাৰ্তা সম্পূৰ্ণ ৰূপত ভুৱা আৰু কু-অভিপ্ৰায় পূৰ্ণ হয়। লগতে এয়া সাধাৰণ মানুহক ভুল পথত লৈ যোৱাৰ বাবে কৰা বেয়া ষড়যন্ত্ৰৰ এটা অংশ হয়। যোৱা বছৰ এনআইএ-ৰ তদন্ত চলি থাকোঁতে গম পোৱা গৈছিল যে আইএছ (ইছলামিক ষ্টেট) নিৰীহ যুৱকসকলৰ উপৰত চকু দি আছে আৰু নিজৰ হিংসাত্মক উদ্দেশ্যক আগুৱাই লৈ যোৱাৰ বাবে মিছা প্ৰচাৰৰ জৰিয়তে সেই যুৱকসকলক মৌলবাদী হিচাপে গঢ়ি তুলি আছে। সেয়ে, 2021-ৰ ছেপ্তেম্বৰত এটা আৱেদন জনোৱা হৈছিল যে, উপৰত উল্লেখ কৰাৰ দৰে যি কোনো সন্দিগ্ধ কৰ্মকাণ্ডৰ খবৰ এনআইএ-ৰ লগতে বিষয়াসকলক দিব পৰা যাব এই লেণ্ডলাইন নম্বৰত ফোন কৰি: 011-24368800। আমি ৰাইজলৈ আৱেদন জনাই আছোঁ, তেওঁলোকে কোনো ভুৱা আৰু মিছা মেছেজ পঢ়ি ভুল পথত পৰিচালিত নহয় যেন। অৱশ্যে, যিসকলে সন্ত্ৰাসবাদী কৰ্মকাণ্ড আৰু উপাদান সম্বন্ধীয় তথ্য ফাদিল কৰি আমাৰ দেশ তথা দেশৰ মানুহক সন্ত্ৰাসবাদৰপৰা ৰক্ষা কৰাৰ বাবে এনআইএ-ৰ সৈতে হাত মিলাব বিচাৰে, তেওঁলোকক আদৰণি জনোৱা হৈ আছে।”

অনুসন্ধানৰ পৰৱৰ্তী পৰ্যায়ত আমি সেই নম্বৰবোৰক লৈ অনুসন্ধান আৰম্ভ কৰিলোঁ, যিবোৰ ভাইৰেল হৈ থকা মেছেজত উল্লেখ কৰা হৈছে। তেতিয়া গম পোৱা গ’ল যে, এই নম্বৰবোৰ দিল্লীত অৱস্থিত এনআইএ-ৰ মুখ্য কাৰ্যালয়ৰ হয়। 

এনআইএ-ৰ ৱেবচাইটত কনটেক্ট আছ ছেকশ্বনত লিখা আছে, “এই ফ’ৰামৰ কাম হ’ল সন্দিগ্ধ সন্ত্ৰাসবাদী কৰ্মকাণ্ড/সন্ত্ৰাসবাদী অপৰাধ বা এনেকুৱা কৰ্মকাণ্ডৰ লগত যুক্ত ব্যক্তি বা নকল ভাৰতীয় মুদ্ৰা নোটৰ চোৰাংচোৱা নেটৱৰ্ক বিষয়ক তথ্য সম্বন্ধীয় যি কোনো তথ্য প্ৰস্তুত কৰা। আমি এই প’ৰ্টেলৰ জৰিয়তে আন কোনো ধৰণৰ তথ্যক লৈ বিচাৰ-বিবেচনা নকৰোঁ আৰু এই নিশ্চয়তা প্ৰদান কৰা হৈ আছে যে, আপোনালোকৰ পৰিচয় গোপন ৰখা হ’ব। 

আপুনি তথ্য সম্বন্ধীয় যি কোনো নথিপত্ৰ/ছবি আপল’ড কৰিব পাৰিব, আৰু প্ৰয়োজন হ’লে সেইবোৰক প্ৰেৰণো কৰিব পৰা যাব। (কেৱল ডিঅ’চি/পিডিএফ/জেপিজি ফৰমেট গ্ৰহণ কৰা হয়)।” 

এনেকুৱা পোষ্ট আগতেও ভাইৰেল কৰা হাছে। সেই সময়ত আমি অধিক নিশ্চিতকৰণৰ বাবে এনআইএ-ৰ তদানীন্তন জ্যেষ্ঠ বিষয়া ডিআইজি ড০ সংযুক্তা পৰাশৰৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁ কৈছিলে, “এই মেছেজ এনআইএ পঠোৱা নাই।“

আনহাতে, দৈনিক জাগৰণৰ ফালৰপৰা গৃহ মন্ত্ৰ্যালয়ৰ খবৰ কৰাৰ দায়িত্বত থকা বিশেষ সংবাদদাতা নীলু ৰঞ্জনেও এই মেছেজক ভুৱা বুলি কৈছিলে। 

ইয়াৰ পিছৰ কামটো আছিল সেইজন ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰা, যিজনে উক্ত ভুৱা পোষ্ট শ্বেয়াৰ কৰিছিলে। স্কেনিং কৰাৰ পাছত আমি গম পালোঁ যে, এইগৰাকী ইউজাৰে যিমান পোষ্ট শ্বেয়াৰ কৰিছে, তাৰে সৰহ ভাগে ভাৱধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হয়।  

উপসংহাৰ: বিশ্বাস নিউজে নিজে অনুসন্ধান কৰি গম পাইছে যে, ভাইৰেল পোষ্ট ভুৱা হয়। অৱশ্যে, মেছেজত উল্লেখ থকা আটাইবোৰ নম্বৰ দিল্লীত অৱস্থিত এনআইএ-ৰ মুখ্য কাৰ্যালয়ৰ হয়। কিন্তু, এই এজেঞ্চিৰ ফালৰপৰা উল্লিখিত ধৰণৰ কোনো মেছেজ জাৰী কৰা হোৱা নাই।

  • Claim Review : এনআইএ-ৰ ফালৰপৰা কনটেক্ট নম্বৰ জাৰী কৰা হৈছে। যাৰ জৰিয়তে বিশেষ সম্প্ৰদায়ে দি থকা আপত্তিকৰ শ্লোগানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পৰা যাব।
  • Claimed By : FB User- Bharat Pandya
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later