X
X

Fact Check: ৰাজনৈতিক দলসমূহে লাভ কৰা নিৰ্বাচনী বণ্ড অনুদানৰ বিষয়ে অতিৰঞ্জিত দাবী বিভ্ৰান্তিকৰ

নতুন দিল্লী(বিশ্বাস নিউজ)। ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ কৰাৰ পিছতে শেহতীয়াকৈ সামাজিক মাধ্যমত এটা পোষ্ট ভাইৰাল হৈ পৰিছে। পোষ্টটোত ভুৱা দাবী কৰা হৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে(বিজেপি) 11,500 কোটি, তৃণমূল কংগ্ৰেছে(টিএমচি) লাভ কৰিছিল 3,214 কোটি, ভাৰত ৰাষ্ট্ৰ সমিতিয়ে 2,278 কোটি, বিজু জনতা দলে(বিজেডি) লাভ কৰিছিল 1550 কোটি টকা, দ্ৰাবিদা মুনেত্ৰ কাঝগমে(ডিএমকে)1230 কোটি, আৰু ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিয়ে 662 কোটি টকা লাভ কৰে।

বিশ্বাস নিউজৰ তদন্তত এই দাবীসমূহ বিভ্ৰান্তিকৰ বুলি প্ৰমানিত হৈছে। ভাৰতীয় নিৰ্বাটন আয়োগে ফাদিল কৰা তথ্য মতে, প্ৰকৃত সংখ্যাবোৰ হ’ল, ভাৰতীয় জনতা পাৰ্টিয়ে(বিজেপি)লাভ কৰিছে 6,060 কোটি, তৃণমূল কংগ্ৰেছে(টিএমচি) লাভ কৰিছে1,609 কোটি, বিআৰএচ-এ লাভ কৰিছে 1,214 কোটি, বিজেডি-এ লাভ কৰিছে 775 কোটি, ডিএমকে-এ লাভৱ কৰিছে 639 কোটি আৰু ৱাই এছ আৰ-এ লাভ কৰিছে 337 কোটি টকা। বিভিন্ন দলে লাভ কৰা নিৰ্বাচনী অনুদান প্ৰায় দুগুণ বৃদ্ধি পোৱা বুলি অনলাইনত প্ৰচাৰিত পোষ্টবোৰ শুদ্ধ নহয়।

কি ভাইৰাল হৈ আছে

ব্যৱহাৰকাৰীজনে পোষ্টখন বিশ্বাস নিউজৰ টিপলাইন নম্বৰ +91 95992 99372-ত পঠাই ইয়াৰ সত্য উদঘাটন কৰিবলৈ অনুৰোধ জনাইছে। ইয়াত লিখা আছিল,

ৰাজনৈতিক দল, সিঁহতে শাসন কৰা ৰাজ্যৰ সংখ্যা, নিৰ্বাচনী বণ্ডৰ মাধ্যমে লাভ কৰা মুঠ অনুদান।

বিজেপি : কেন্দ্ৰ আৰু 18 ৰাজ্য : 11500 কো.
টিএমচি : 1    ৰাজ্য : 3214 কো.
বিআৰএচ: 1 ৰাজ্য: 2278 কো.
বিজেডি : 1 ৰাজ্য : 1550 কো.
ডিএমকে : 1 ৰাজ্য : 1230 কো.
ৱাইএচআৰ :   1             ৰাজ্য : 662 Cr

11,500-ক 18. 638.888……..-ৰে ভাগ কৰক। যোৱা 5 বছৰত প্ৰতিজন লোকসভা সাংসদ আৰু দল হিচাপে গড় নিৰ্বাচনী বণ্ডৰ দ্বাৰা সৰ্বনিম্ন অনুদান

বিজেপি: 20.03 কোটি/সাংসদ
কংগ্ৰেছ : 27.3 কোটি / সাংসদ
এআইটিচি : 73.68 কোটি / সাংসদ
বিজেডি: 70.5 কোটি / সাংসদ
ডিএমকে : 79.69 কোটি / সাংসদ
বিআৰএছ : 200.43 কোটি / সাংসদ
ৱাইএছআৰ : 20.13 কোটি / সাংসদ
টিডিপি : 110.3 কোটি/ সাংসদ

আশাকঁৰো এইটোৱে আপোনাক ভাল স্পষ্টতা প্ৰদান কৰিব…আৰু হয় আদানী বা আম্বানীয়ে একো দান কৰা নাছিল, একেবাৰে একোৱেই নাই!!

আপুনি নাভাবিবনে যে এই সংখ্যাবোৰ ৰাজহুৱা ক্ষেত্ৰলৈ অনা, মোডীৰ এটা সাধাৰণ মাষ্টাৰ স্ট্ৰ’ক।

ফেচবুক ব্যৱহাৰকাৰী যশবন্ত পাগনিশ(আৰ্কাইভ লিঙ্ক)-এ মাৰ্চ-ৰ 16 তাৰিখে  এই দাবীটো পোষ্ট কৰিছিল

তদন্ত

ভাইৰাল দাবীৰ সত্যতা চাবলৈ, আমি প্ৰাসংগিক কিৱাৰ্ডৰ জৰিয়তে গুগলত সন্ধান কৰিলোঁ। দৈনিক ভাস্কৰৰ ৱেবচাইটৰ পৰা এটা প্ৰবন্ধ (আৰ্কাইভড লিঙ্ক)ত প্ৰকাশ পাইছে যে, নিৰ্বাচন আয়োগে নিজৰ চাইটত নিৰ্বাচনী বণ্ডৰ সবিশেষ প্ৰকাশ কৰিছে। এই তথ্য অনুসৰি বিজেপিয়ে 6,060 কোটি, তৃণমূল কংগ্ৰেছে(টিএমচি) লাভ কৰিছে1,609 কোটি, বিআৰএচ-এ লাভ কৰিছে 1,214 কোটি, বিজেডি-এ লাভ কৰিছে 775 কোটি, ডিএমকে-এ লাভৱ কৰিছে 639 কোটি আৰু ৱাই এছ আৰ-এ লাভ কৰিছে 337 কোটি টকা।

একেদৰে দ্য হিন্দু (আৰ্কাইভ লিঙ্ক)-ত প্ৰকাশ পাইছে যে বিজেপিয়ে 6,060.5  কোটি টকাৰ নিৰ্বাচনী বণ্ড নগদ কৰি ৰাখিছে যিটো মুঠ ৰিডিম কৰা বণ্ডৰ 47.5%। টিএমচি-এ 1,609.50 কোটি টকা (12.6%), কংগ্ৰছে 1,421.9 কোটি টকা (11.1%), বিআৰএছ-এ 9.5%, বিজেডি-এ 6.1%, আৰু ডিএমকে-এ 5% মূল্যৰ বণ্ড ৰিডিম কৰে।

এছ’ছিয়েশন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মৰ (এডিআৰ) প্ৰতিবেদনত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰা অনুদানৰ কথাও প্ৰতিফলিত কৰা হৈছে।

এই তথ্যসমূহে ইংগিত দিয়ে যে ভাইৰাল পোষ্টত পক্ষসমূহে লাভ কৰা অনুদানসমূহ অতিৰঞ্জিত কৰা হৈছে। ইয়াৰ উপৰিও সাংসদ সমূহৰ বক্তব্যৰ পৰা অনুমান কৰা হৈছে যে, প্ৰদান কৰা সবিশেষ ভুল।

দৈনিক জাগৰণৰ নেশ্যনেল ব্যুৰোৰ মুৰব্বী আশুতোষ ঝাই-এ উল্লেখ কৰা যে, বিজেপিয়ে প্ৰায় 6 হাজাৰ কোটি টকা অনুদান লাভ কৰিছিল। এটা বিভ্ৰান্তিকৰ দাবী সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে।

স্ক্ৰলৰ প্ৰতিবেদনত(আৰ্কাইভ লিঙ্ক) স্পষ্ট কৰা হৈছে যে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে কোনো নিৰ্বাচনী বণ্ড ক্ৰয় কৰা নাছিল। কিন্তু সাধাৰণ পৰিচালক, ঠিকনা আৰু সহযোগীৰ জৰিয়তে ৰিলায়েন্স গ্ৰুপৰ লগত জড়িত কোম্পানীসমূহ এই তালিকাত আছে। কুইক সাপ্লাই চেইন প্ৰাইভেট লিমিটেডে 410 কৰোটি টকাৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰে। কোম্পানীটোৰ তিনিজন পৰিচালকৰ ভিতৰত অন্যতম তাপস মিত্ৰ, ৰিলায়েন্স অইল এণ্ড পেট্ৰ’লিয়াম, ৰিলায়েন্স ইৰ’ছ প্ৰডাকচন, ৰিলায়েন্স ফটো ফিল্মছ, ৰিলায়েন্স ফায়াৰ ব্ৰিগেডছ, আৰু ৰিলায়েন্স পলিষ্টাৰৰ পৰিচালক। ৰিলায়েন্সৰ এগৰাকী মুখপাত্ৰই পিটিআই-ক জনোৱা মতে, কুইক চাপ্লাই চেইন প্ৰাইভেট লিমিটেড ৰিলায়েন্স গ্ৰুপৰ অংশ নহয়। আদানী আৰু টাটা গ্ৰুপে নিৰ্বাচনী বণ্ড ক্ৰয় কৰা বুলি কোনো প্ৰাৰম্ভিক প্ৰমান পোৱা নাই বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ৰয়টাৰৰ প্ৰতিবেদনত(আৰ্কাইভ লিঙ্ক) কুইক চাপ্লাই চেইনৰ নিৰ্বাচনী বণ্ড ক্ৰয় কৰাৰ কথাও উল্লেখ কৰা হৈছে আৰু ৰিলায়েন্সৰ বিবৃতিও অন্তৰ্ভুক্ত কৰা হৈছে, য’ত স্পষ্ট কৰা হৈছে যে, কুইক চাপ্লাই চেইন ৰিলায়েন্সৰ সৈতে জড়িত নহয়।

এই বিষয়টো সন্দৰ্ভত আমি ইমেইলৰ জৰিয়তে ৰিলায়েন্সৰ সৈতে যোগাযোগ কৰিলোঁ। ৰিলায়েন্সৰ এগৰাকী মুখপাত্ৰই কয় যে, কুইক চাপ্লাই চেইন প্ৰাইভেট লিমিটেড কোনো ৰিলায়েন্স সত্তাৰ সহযোগী কোম্পানী নহয়। 

31 জানুৱাৰী, 2024ৰ হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন(আৰ্কাইভ লিঙ্ক) অনুসৰি বিহাৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত বিজেপিয়ে 28খন ৰাজ্যৰ ভিতৰত 17 খন ৰাজ্যত স্বতন্ত্ৰভাৱে বা মিত্ৰজোঁটৰ সদস্য হিচাপে শাসন কৰে। 2019 চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে 303খন আসন লাভ কৰিছিল।

আমি এই বিভ্ৰান্তিকৰ দাবী কৰা ফেচবুক ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল পৰীক্ষা কৰিলোঁ। মুম্বাইত অৱস্থিত এই ব্যৱহাৰকাৰীৰ অনুগামী প্ৰায় 5,600

সামৰণিঃ সামাজিক মাধ্যমত বিয়পা ভাইৰাল পোষ্টটো বিভ্ৰান্তিকৰ। বিজেপি-ক ধৰি বিভিন্ন দলে নিৰ্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰা অনুদান অতিৰঞ্জিত কৰা হৈছে, যাৰ ফলত প্ৰকৃত পৰিসংখ্যা প্ৰায় দুগুন হৈছে।

  • Claim Review : বিজেপি-এ নিৰ্বাচনী বণ্ডৰ যোগেদি 11500 কোটি টকাৰ অনুদান লাভ কৰিছে
  • Claimed By : এফবি-ব্যৱহাৰকাৰী-যশৱন্ত পাগনিশ
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later