X
X

Fact Check: দিল্লীত নেতাসকলৰ G20 সামিটত যোগ দিয়াৰ ভিডিঅ’ ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

নতুন দিল্লী বিশ্বাস নিউজ– সামাজিক মাধ্যমত ৰাম মন্দিৰ প্ৰতিষ্ঠাক লৈ এখন ভিডিঅ’ ভাইৰাল হৈ আছে। ভিডিঅ’টোত যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰিশি চ’নাক, কেনেডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডিউ আৰু অইন বহুতক প্লেনৰ পৰা নামি অহা দেখুৱা হৈছে। ভিডিঅ’ৰ লগত থকা দাবীত কোৱা হৈছে, যে এই ছবিসমূহ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত অংশ লোৱা আমন্ত্ৰিত মুখ্য অতিথিৰ ছবি।

তদন্তৰ পিছত বিশ্বাস নিউজে জোৰ দি এয়া ক’ব পাৰে যে, ভাইৰাল ভিডিঅ’ সন্দৰ্ভত কৰা দাবীসমূহ ভুল। ভিডিঅ’টোত যোৱা বছৰ নতুন দিল্লীত হোৱা G20 সামিটত অংশগ্ৰহণ কৰা ৰাজ্যৰ প্ৰধানসমূহক দেখুৱা হৈছে আৰু ইয়াক এডিট কৰি ৰাম মন্দিৰৰ লগত সম্পৰ্কিত বুলি, ভ্ৰমাত্মক দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। 

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী মানৱিক পাছৱান-এ 2024-ৰ জানুৱাৰি মাহৰ 21 তাৰিখে ভাইৰাল ভিডিঅ’খন শ্বেয়াৰ কৰিছে। কেপচনত লিখা হৈছে যে, “2024-ৰ 22 জানুৱাৰি তাৰিখে ৰাম মন্দিৰত উপস্থিত হোৱা অতিথিসমূহ”

তদন্ত:

ভাইৰাল দাবীৰ সত্যতা পৰীক্ষণৰ বাবে, আমি সম্পৰ্কিত কিৱাৰ্ড ব্যৱহাৰ কৰি গুগল সাৰ্চ কৰিলোঁ। ভিডিঅ’ত দেখাৰ দৰে, অন্যান্য দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত হোৱাৰ উল্লেখ থকা কোনো সংবাদ পোৱা নগ’ল।   

আমাৰ সংবাদ অনুসন্ধানত, আমি দৈনিক জাগৰণ আৰু এনডিটিভি-ৰ 22 জানুৱাৰি তাৰিখৰ সংবাদ পালো, য’ত কোৱা হৈছে যে, 7000 মানুহক এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে, য’ত নেতা, খেলুৱৈ, অভিনেতা-অভিনেত্ৰী আৰু উদ্যোগপতি অন্তৰ্ভুক্ত হৈ আছে। সংবাদত, এই অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ নামৰ তালিকা সদৰি কৰা হৈছে, কিন্তু তাত, ভিডিঅ’ত উল্লেখ কৰা নেতাসকলৰ নাম অন্তৰ্ভুক্ত নাছিল।

আমাৰ তদন্ত আগবঢ়াই নিওঁতে, আমি ভিডিঅ’ৰ কিফ্ৰেম ওলাবলৈ এনৱিড টুল ব্যৱহাৰ কৰিলোঁ আৰু এখনি গুগল ৰিভাৰ্ছ ইমেজ সাৰ্চ কৰিলোঁ। তাত এই তথ্য পোহৰলৈ আহিল যে, এয়া ভাৰতত 2023-ত হোৱা G20 সামিটৰ ভিডিঅ’। G20 সামিটত অংশগ্ৰহণ কৰা নেতাসকলৰ ভিডিঅ’, এতিয়া এডিট কৰা হৈছে আৰু ৰাম মন্দিৰৰ লগত সংযুক্ত কৰি ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

আমি 2023-ৰ 8 চেপ্টেম্বৰ তাৰিখৰ, কেনেডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰ’ডিউ-ৰ এখনি ভিডিঅ’ জি নিউজৰ কতৃত্বাধীন ইউটিউব চেনেলত পাইছোঁ, যিটোক G20 সামিটৰ সময়ৰ ভিডিঅ’ বুলি বৰ্ণনা কৰা হৈছে। একেদৰে এএনআই-ৰ কতৃত্বাধীন ইউটিউব চেনেলত সেই একে তাৰিখত, জ’ বাইডেনৰ এখন ভাইৰাল ভিডিঅ’ পোৱা গ’ল, যিটোৱে এই ভিডিঅ’বোৰ G20 সামিটৰ সময়ৰ হোৱাৰ নিশ্চিত তথ্য প্ৰদান কৰে। 

WION’s ৰ কতৃত্বাধীন ইউটিউব চেনেলত ৰিশি চ’নাক আৰু তেঁওৰ পত্নীৰ G20-ত যোগদান কৰাৰ ভিডিঅ’ 2023ৰ 8 চেপ্টোম্বৰ তাৰিখত আপল’ড কৰা হৈছিল। সেই একে তাৰিখ অৰ্থাৎ 2023-ৰ 8 চেপ্টেম্বৰ তাৰিখত ইউএই-ৰ ৰাষ্ট্ৰপতি শেইখ মহম্মদ বিন জায়েদ আল নাহয়ান-ৰ ভিডিঅ’ ইণ্ডিয়া টুডে-ৰ কতৃত্বাধীন ইউটিউব চেনেলত পোৱা যায়, যিটোক সেই একে তাৰিখ অৰ্থাৎ 2023-ৰ 8 চেপ্টেম্বৰ তাৰিখত পোৱা যায় যিটোক G20-ৰ সময়ৰ ভিডিঅ’ বুলি কোৱা হৈছে।

বিভিন্ন নিউজ চেনেলত 2023-ৰ 8 চেপ্টেম্বৰ তাৰিখত অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰী এনথ’নি আলবানিজ, টাৰ্কিজ প্ৰধানমন্ত্ৰী ৰিছিপ তাইয়িপ এৰড’গান, চাইনিজ প্ৰধানমন্ত্ৰী লি কিয়াং, ইজিপ্তৰ প্ৰধানমন্ত্ৰী এবডেল ফত্তাহ আল-ছিছি, আৰু ব্ৰাজিলৰ প্ৰধানমন্ত্ৰী লুইজ ইনাছিঅ’ লুলা ডে ছিলভা-ৰ সামিটত যোগ দিয়াৰ ভিডিঅ’ পোৱা যায়। 

অধিক স্পষ্ট তথ্যৰ বাবে, আমি দৈনিক জাগৰণ অযোধ্যাৰ সম্পদকীয় প্ৰধান ৰামা শ্বৰণ অৱস্থি-ৰ লগত যোগাযোগ কৰিলোঁ, যিজনে এই দাবীটো ভুৱা বুলি খণ্ডন কৰিছে। 

অৱশেষত আমি ভুল দাবীৰ সৈতে, ভিডিঅ’ শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ একাউন্ট পৰীক্ষা কৰিলোঁ। ব্যৱহাৰকাৰীজনক 538 জন লোকে অনুসৰণ কৰে, আৰু তেঁও এটা বিশেষ মতাদৰ্শ সম্পৰ্কিত পোষ্ট সঘনাই শ্বেয়াৰ কৰি থাকে।

সামৰণি: বিশ্বাস নিউজৰ তদন্তত ওএই তথ্য পোহৰলৈ আহিছে যে, 2023 বৰ্ষত নতুন দিল্লীত হোৱা G20 সামিটত অংশগ্ৰহণ কৰা ৰাজ্যৰ প্ৰধানসমূহৰ ভিডিঅ’টোক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লগত সম্পৰ্কিত বুলি, ভ্ৰমাত্মক দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। 

  • Claim Review : অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থকা বিদেশী গণ্যমান্য ব্যক্তি
  • Claimed By : Facebook user Manvik Paswan
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later