X
X

Fact Check: 2019-ত উড়িষ্যাত হোৱা ঘটনাক হিট এণ্ড ৰান-ৰ নতুন আইনৰ লগত যুক্ত কৰি ভাইৰা কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা ভিডিঅ’টো উড়িষ্যা নুআপাড়া-ত 2019-ত সংঘটিত ঘটনাৰ হয়। এই পুৰণা ঘটনাক এতিয়া বিভ্ৰান্তিকৰ দাবিৰ সৈতে ‘হিট এণ্ড ৰান’-ৰ নতুন আইনৰ লগত যুক্ত কৰি ভাইৰাল কৰা হৈ আছে।

  • By: Umam Noor
  • Published: Jan 9, 2024 at 05:47 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত এজন ব্যক্তিক ট্ৰাকৰ তলত পৰি আত্মহত্যা কৰি থকা দেখা যায়। ব্যৱহাৰকাৰীসকলে ভিডিঅ’খন শ্বেয়াৰ কৰি দাবি কৰি আছে যে, শেহতীয়াকৈ ‘হিট এণ্ড ৰান’-ৰ নতুন আইন ৰুপায়ন হোৱাৰ বাবেই আত্মহত্যা কৰিছে। 

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা ভিডিঅ’টো উড়িষ্যা নুআপাড়া-ত 2019-ত সংঘটিত ঘটনাৰ হয়। এই পুৰণা ঘটনাক এতিয়া বিভ্ৰান্তিকৰ দাবিৰ সৈতে ‘হিট এণ্ড ৰান’-ৰ নতুন আইনৰ লগত যুক্ত কৰি ভাইৰাল কৰা হৈ আছে। 

কি আছে ভাইৰাল পোষ্টত?

ভাইৰাল হৈ থকা পোষ্টত লিখা আছে যে, ‘কলা আইনৰ কৱলত পৰি চালকসকলে মৃত্যু বৰণ কৰি আছে।‘ 02,01, 2024”

ভাইৰাল পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত আমি গুগল লেঞ্চৰ সহায়ত ভাইৰাল ভিডিঅ’ৰ কিফ্ৰেম বিছাৰিলো। এই প্ৰক্ৰিয়াত আমি এই ঘটনাৰ ছবি aknandy ৱৰ্ডপ্ৰেছৰ এটা ব্লগত পালো। ইয়াত থকা তথ্য মতে, 2019 চনৰ 28 জুলাই তাৰিখে উড়িষ্যাৰ নুআপাড়াত এজন যুৱকে চলন্ত ট্ৰাকৰ তলত জপিয়াই নিজৰ প্ৰাণ ত্যাগ কৰিলে। মৃত ব্যক্তিজনক নুআপাড়াৰ এনএচি ৱাৰ্ড নম্বৰ 13-ৰ অন্তৰ্গত মহুৱাভাট্টা গাঁওৰ নিৱাসী ৰাজু চবৰ(40) বুলি চিনাক্ত কৰা হয়।

এই ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়াই নিলোঁ আৰু আমি ফেক্ট নাঅ’-ৰ ৱেবচাইটত এই ঘটনা সন্দৰ্ভত সংবাদ পালো। 2019 চনৰ জুলাই মাহৰ 28 তাৰিখে প্ৰকাশিত এই সংবাদত থকা তথ্য মতে, নুআপাড়া চহৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, য’ত সএজন যুৱকে চলন্ত ট্ৰাকৰ পিছফালৰ টায়াৰৰ সন্মুখত জপিয়াই আত্মহত্যা কৰে। মৃত ব্যক্তিজন নুআপাড়া জিলাৰ মহুৱাভাট্টা গাঁওৰ বাসিন্দা ৰাজু চবৰ বুলি চিনাক্ত কৰা হৈছে। নুআপাড়া পুলিছ স্টেচনৰ সন্মুখত লাগি থকা চিচিটিভি কেমেৰাত সম্পূৰ্ণ ঘটনা বন্দী হৈছে, য’ত চবৰ ৰাস্তা পাৰ কৰি থকা আৰু ট্ৰাকৰ অপেক্ষা কৰি থকা দেখা গৈছে। যেতিয়া ট্ৰাক তাৰ কাষেদি পাৰ হৈ আছিল তেতিয়া তেঁও ট্ৰাকৰ তলত জপিয়াই দিলে আৰু পিছফালৰ টায়াৰে তাক মহতীয়াই নিলে।

তাত এএনআই-ৰ 2019 চনৰ 28 জলাই তাৰিখৰ খবৰ মতে, , ” উড়িষ্যাৰ নুআপাড়া চহৰত ৰাষ্ট্ৰীয় ঘাইপত 353-ত শনিবাৰ দুপুৰিয়া সময়ত এজন ব্যক্তিয়ে ট্ৰাক এখনৰ পিছফালৰ টায়াৰৰ তলত জপিয়াই আত্মহত্যা কৰিলে। নুআপাড়াৰ এচডিঅ’ প্ৰশান্ত পটনায়কে কৈছে, যে হৈছে। নুআপাড়া পুলিছ ষ্টেচনৰ সন্মুখত লাগি থকা চিচিটিভি কেমেৰাত সম্পূৰ্ণ ঘটনা বন্দী হৈছে। পুলিছৰ প্ৰাৰম্ভিক তদন্ত অব্যহত আছে আৰু মৃতদেহটোৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়ত পঠোৱা হৈছে।”

ভাইৰাল ভিডিঅ’ৰ নিশ্চিতিকৰণৰ বাবে আমি, উড়িষ্যাৰ ফেক্ট চেকাৰ আৰু কণক টিভিৰ সংবাদদাতা অনুজ দাসৰ লগত যোগাযোগ কৰিলো আৰু ভাইৰাল পোষ্ট সন্দ৪ভত তেঁওক অৱগত কৰিলোঁ। তেঁও আমাক জঁনালে যে ভাইৰাল  ভিডিঅ’ পুৰণা ঘটনা হয়।

এয়া উল্লেখযোগ্য যে, ট্ৰাক অপাৰেটৰসকলৰ প্ৰতিবাদৰ পিছত চৰকাৰে এই আইন প্ৰত্যাহাৰ কৰিছে। চৰকাৰৰ মতে, ভবিষ্যতত সকলো সম্ভাব্য পক্ষৰ লগত আলোচনা মৰ্মে এই আইন বলৱৎ কৰা হ’ব।

ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা এক্স(টুইটাৰ) ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনক 63 হাজাৰতকৈ অধিক লোকে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা ভিডিঅ’টো উড়িষ্যা নুআপাড়া-ত 2019-ত সংঘটিত ঘটনাৰ হয়। এই পুৰণা ঘটনাক এতিয়া বিভ্ৰান্তিকৰ দাবিৰ সৈতে ‘হিট এণ্ড ৰান’-ৰ নতুন আইনৰ লগত যুক্ত কৰি ভাইৰাল কৰা হৈ আছে।

  • Claim Review : ব্যৱহাৰকাৰীসকলে ভিডিঅ’খন শ্বেয়াৰ কৰি দাবি কৰি আছে যে, শেহতীয়াকৈ ‘হিট এণ্ড ৰান’-ৰ নতুন আইন ৰুপায়ন হোৱাৰ বাবেই আত্মহত্যা কৰিছে।
  • Claimed By : X Post: Sayyad Uzma Parveen
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later