X
X

Fact Check: অজিত ড’ভালৰ এডিট কৰা ছবি ভাইৰাল হৈ আছে, আচল ছবিখনত তেঁও একনাথ ছিন্ডেৰ লগত আছিল

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, ভাইৰাল কৰা ছবিখন এডিট কৰা। প্ৰকৃত ছবিখনত অজিত ড’ভাল মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্ৰী একনাথ ছিন্ডেৰ লগত আছিল। ছবিখনক এডিট কৰি ইয়াৰ পৰা একনাথ ছিন্ডেক অঁতৰাই দিয়া হৈছে। নভেম্ৱৰ 2023 ৰ এই ছবিখন একনাথ ছিন্ডেৰ লগত তেঁওৰ চৰকাৰী আৱাসগৃহত এক সাক্ষাৎকাৰ সময়ৰ ছবি।

  • By: Umam Noor
  • Published: Dec 22, 2023 at 06:41 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। মুম্বাই বম বিষ্ফোৰণৰ অভিযুক্ত দাউদ ইব্ৰাহিমক বিষ দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিছৰ পৰায়ে সামাজিক মাধ্যমত এখন ছবি ভাইৰাল হৈ আছে যত ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা (এনএচএ)প্ৰধান অজিত ড’ভালক খালী চকীৰ লগত কথা পাতি থকা অৱস্থাত দেখা গৈছে ব্যৱহাৰকাৰীয়ে ঠাট্টা-মস্কৰা কৰি ছবিখনৰ লগত ভুৱা দাবি ভাইৰাল কৰি আছে।

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, ভাইৰাল কৰা ছবিখন এডিট কৰা। প্ৰকৃত ছবিখনত অজিত ড’ভাল মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্ৰী একনাথ ছিন্ডেৰ লগত আছিল। ছবিখনক এডিট কৰি ইয়াৰ পৰা একনাথ ছিন্ডেক অঁতৰাই দিয়া হৈছে। নভেম্ৱৰ 2023 ৰ এই ছবিখন একনাথ ছিন্ডেৰ লগত তেঁওৰ চৰকাৰী আৱাসগৃহত এক সাক্ষাৎকাৰ সময়ৰ ছবি।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, ”পাকিস্তানত যিজন ”অজ্ঞাত আক্ৰমণকাৰী”-ৰ আতঙ্ক ক্ৰমান্বয়ে বাঢ়িছে, সেই অজ্ঞাতজনৰ লগত বাৰ্তালাপ কৰি থকা অৱস্থাত এনএসএ অজিত ডভলা”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি গুগল লেঞ্চৰ জৰিয়তে ভাইৰাল ছবিখন বিছাৰিলোঁ। এই প্ৰক্ৰিয়াত এই ছবিখন আমি নিউজ এজেঞ্চি এএনআই-ৰ এক্স(টুইটাৰ)হেণ্ডেলত 18 নভেম্ৱৰ 2023-ত শ্বেয়াৰ হোৱা দেখা পালো। ইয়াত ছবিৰ লগত থকা তথ্য মতে, ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজিত ডভালে যোৱাকালী মুম্বাইত মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্ৰী একনাথ ছিন্ডেৰ লগত তেঁওৰ চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰিলে।”

মুখ্যমন্ত্ৰী একনাথ ছিন্ডেও নিজা এক্স হেণ্ডেলত এই ছবিসমূহ শ্বেয়াৰ কৰিছে। ইয়াত থকা ছবিসমূহতও স্পষ্ট ৰুপে ভাইৰাল হোৱা ছবিত অজিত ড’ভালক একনাথ ছিন্ডেৰ লগত কথা পাতি থকা অৱস্থাত দেখা পোৱা গৈছে।

ভাইৰাল ছবিৰ সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি মহাৰাষ্ট্ৰৰ সংবাদদাতা বৰুণ সিঙৰ লগত যোগাযোগ কৰিলোঁ আৰু তেঁও আমাক জঁনালে যে, প্ৰকৃত ছবিখন সেই সময়ৰ যেতিয়া অজিত ড’ভাল মুখ্যমন্ত্ৰী একনাথ ছিন্ডেৰ লগত লগ কৰিবলৈ গৈছিল।

17 ডিচেম্ৱৰত বিয়পা সংবাদ মতে, কুখ্যাত ডন দাউদ ইব্ৰাহিমক বিষ দিয়া হৈছে, যাৰ পিছত মুম্বাই বিস্ফোৰণৰ অভিযুক্তজনক হস্পিটালত ভৰ্তি কৰোৱাৰও সংবাদ জানিব পৰা গৈছে। তাৰ পিছৰ পৰায়ে ভাৰতীয় সামাজিক মাধ্যমত অজিত ড’ভালৰ এই এডিট কৰা ছবি ভাইৰাল হৈ আছে। যদিও বিশ্বাস নিউজ দাউদ ইব্ৰাহিমৰ স্বাস্থ্য সন্দৰ্ভত কোনো তথ্যৰ স্পষ্টিকৰণ প্ৰদান নকৰে।

यह फैक्ट चेक हिंदी में यहां पढ़ा जा सकता है।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজ ‘এক স্বয়ংসেৱক The Sanghi’-ৰ সামাজিক স্কেনিঙত আমি এই তথ্য গম পালো যে, এই পেজখনক 78 হাজাৰ মানুহে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, ভাইৰাল কৰা ছবিখন এডিট কৰা। প্ৰকৃত ছবিখনত অজিত ড’ভাল মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্ৰী একনাথ ছিন্ডেৰ লগত আছিল। ছবিখনক এডিট কৰি ইয়াৰ পৰা একনাথ ছিন্ডেক অঁতৰাই দিয়া হৈছে। নভেম্ৱৰ 2023 ৰ এই ছবিখন একনাথ ছিন্ডেৰ লগত তেঁওৰ চৰকাৰী আৱাসগৃহত এক সাক্ষাৎকাৰ সময়ৰ ছবি।

  • Claim Review : পাকিস্তানত যিজন ''অজ্ঞাত আক্ৰমণকাৰী''-ৰ আতঙ্ক ক্ৰমান্বয়ে বাঢ়িছে, সেই অজ্ঞাতজনৰ লগত বাৰ্তালাপ কৰি থকা অৱস্থাত এনএসএ অজিত ডভলা
  • Claimed By : FB Page: एक स्वयंसेवक The Sanghi
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later