Fact Check: চন্দৌলিত হোৱা কিন্নৰ সকলৰ প্ৰদৰ্শনৰ পুৰণি ভিডিঅ’ক মণিপুৰৰ বুলি ঘোষণা কৰি শ্বেয়াৰ কৰা হৈ আছে
- By: Sharad Prakash Asthana
- Published: Jul 19, 2023 at 11:01 AM
নতুন দিল্লী (বিশ্বাস নিউজ)। মণিপুৰত চলি থকা হিংসাৰ মাজত সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰাল হৈ আছে। ইয়াত এজন নিৰ্বস্ত্ৰ মহিলাক পুলিশকৰ্মী এজনে হাতত লাঠি লৈ দৌৰাই থকা দেখা পোৱা গৈছে। এই ভিডিঅ’খনক শ্বেয়াৰ কৰি দাবী কৰা হৈ আছে যে, মণিপুৰত নিৰ্বস্ত্ৰ মহিলায় পুলিশক খেদিছে।
বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে ভাইৰাল ভিডিঅ’খন উত্তৰ প্ৰদেশৰ চন্দৌলিৰ হয়, মণিপুৰৰ নহয়। মে 2023-ত উত্তৰ প্ৰদেশত হোৱা পৌৰসভা নিৰ্ৱাচনৰ সময়ত নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত কিন্নৰ সকলে প্ৰদৰ্শন কৰিছিল। সেইসময়ৰ ভিডিঅ’ক মণিপুৰৰ লগত যুক্ত কৰি ভাইৰাল কৰা হৈ আছে।
কি আছে ভাইৰাল পোষ্টত
বিশ্বাস নিউজৰ ওৱাটসএপ টিপলাইন নম্বৰ +91 9599299372 ত ব্যৱহাৰকাৰীয়ে এই ভাইৰাল ভিডিঅ’ পঠাই ইয়াৰ সত্যতা উদঘাটন কৰিবলৈ অনুৰোধ জঁনাইছে।
ফেচবুক ব্যৱহাৰকাৰী ‘গোপাল দাস‘-এ 2 জুলাই (আৰ্কাইভ লিঙ্ক)ত ভিডিঅ’ পোষ্ট কৰি লিখিছে যে,
“মণিপুৰত পুলিশৰ বিৰোধ কৰিবলৈ বেলেককৈ- মহিলাসকলৰ এটা দল বনোৱা হৈছে, তেঁওলোকে- হই পুলিশক খেদি আছে, তেন্তে ভাবি লওক যে তাত হিন্দুসকলক খেদিবলৈ কি ধৰণৰ ষড়যন্ত্ৰ হৈ আছে ? আৰু চামচা সকলে ইয়াত নাচি আছে”
তদন্ত
ভাইৰাল ভিডিঅ’ৰ তদন্তৰ বাবে পুনপ্ৰথমতে আমি ভিডিঅ’খন ভালকৈ চালো। ইয়াত জিন্দাবাদ আৰু মুৰ্দাবাদৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। সেইহে এয়া মণিপুৰৰ নহয় বুলি সন্দেহ হ’ল।
ইয়াৰ পিছত ভিডিঅ’ৰ কিফ্ৰেম ওলাই গুগল ৰিভাৰ্ছ ইমেজৰ জৰিয়তে বিছৰা হ’ল। টুইটাৰ ব্যৱহাৰকাৰী এম অম্মৰ তুৰাবী-এ 16 মে 2023 ত এই ভাইৰাল ভিডিঅ’খন টুইট(আৰ্কাইভ লিঙ্ক) কৰিছে। ব্যৱহাৰকাৰীয়ে ইয়াৰ লগত লিখিছে যে চন্দৌলীৰ জিলাৰ নগৰ পালিকা পৰিষদ মুগলসৰাইত চনু কিন্নৰে নিৰ্ৱাচনত জয় লাভ কৰিছে, কিন্তু প্ৰশাসনে বিজেপি প্ৰাৰ্থী মালতী দেৱীক বিজয়ী ঘোষণা কৰিছে। ইয়াৰ পিছত কিন্নৰসকলে নিজৰ মতে আকৌ গণনা কৰালে, য’ত 440 টা ভোটত পুনৰ চনু কিন্নৰৰ জয় হ’ল।
‘ৱি দা পিপুল‘ (আৰ্কাইভ লিঙ্ক) টুইটাৰ একাউণ্টৰ পৰা 15 মে 2023-ত এই ভিডিঅ’খনক টুইট কৰি লিখা হৈছে যে ঘটনাটো চন্দৌলিৰ নগৰ পালিকা পৰিষদৰ। মুগ’লসৰাইত চনু কিন্নৰৰ জয় হোৱাৰ পিছতও প্ৰশাসনে বিজেপি প্ৰাৰ্থী মালতী দেৱীক বিজয়ী ঘোষণা কৰিছিল। ইয়াৰ পিছত কিন্নৰ সকলে প্ৰদৰ্শন কৰাৰ পিছত পুনৰ গণনা কৰা হৈছিল আৰু তাতে চনু বিজয়ী হৈছিল।
ৱাইছ টিভি ইউপি (আৰ্কাইভ লিঙ্ক)ৰ ফেচবুক পেজতও এই ভিডিঅ’ সন্দৰ্ভত সংবাদ চাব পাৰি। ইয়াক 16 মে-ত আপলোড কৰা হৈছে। ইয়াতও ভিডিঅ’-ক চন্দৌলিৰ বুলি কোৱা হৈছে।
ইউপি তক নামৰ ইউটিউব চ্যানেলতও এই ঘটনাৰ লগত সম্পৰ্কিত ভিডিঅ’ নিউজক 16 মে-ত আপলোড কৰা হৈছে। ইয়াৰ বিৱৰণতও লিখা হৈছে যে, চনু কিন্নৰ নামৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে চন্দৌলিৰ নিৰ্ৱাচনত জয় লাভ কৰিছে। এই ডয়ৰ পিছত ভোটকেন্দ্ৰৰ কিছুমান ছবি পোহৰলৈ আহিছে, যত কিন্নৰ সম্প্ৰদায়ৰ লোকে হুলুস্থুল কৰা দেখা পোৱা গৈছে। আচলতে চনু কিন্নৰ বিজেপি প্ৰাৰ্থী মালতী দেৱীৰ পৰা প্ৰায় 400 ভোটত আগুৱাই আছিল। এই সমচোৱাত বিজেপি কৰ্মকৰ্তাসক’লে পুনৰ গণনাৰ প্ৰস্তাৱ উত্থাপন কৰিলে।
ইয়াৰ পিছত দুয়ো পক্ষয় নিজৰ মাজত সংঘৰ্ষত লিপ্ত হ’ল আৰু ভয়ঙ্কৰ অৰাজকতাৰ সৃষ্টি কৰিলে। ভোটকেন্দ্ৰৰ বাহিৰত বহুত কিন্নৰ নিৰ্বস্ত্ৰ হৈ গ’ল আৰু অত্যন্ত উৎপাত আৰম্ভ কৰিলে। ইয়াৰ মাজত তাত উপস্থিত পুলিশকৰ্মীয়ে পিছোৱাই যোৱা দেখা গ’ল। এজন কিন্নৰেতো পুলিশৰ হাতৰ পৰা লাঠি কাঢ়ি ললে আৰু বাকী পুলিশকৰ্মীসকলক সেই লাঠিৰে খেদিবলৈ আৰম্ভ কৰিলে।
2 জুলাই দৈনিক জাগৰণৰ ওৱেবচাইটত পিটিআই-ৰ তৰফৰ পৰা প্ৰকাশিত সংবাদত লিখা আছে যে মণিপুৰত হিংসা চলি আছে। চলিত পৰস্থিতিৰ ওপৰত গুৰুত্ব দি ইন্টাৰনেট সেৱাত প্ৰকিবন্ধকতা বঢ়াই দিয়া হৈছে।
এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমি চন্দৌলিৰ দৈনিক জাগৰণৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জনালে যে, “এই ভিডিঅ’খন চন্দৌলিৰ মুগ’লসৰাইৰ হয়। পৌৰসভাৰ নিৰ্ৱাচনৰ সময়ত কিন্নৰসক’লে প্ৰদৰ্শন কৰিছিল।“
ভিডিঅ’ক ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী ‘গোপাল দাসৰ‘ প্ৰ’ফাইলক আমি ষ্কেণ কৰিলো। ইয়াৰ মতে ব্যৱহাৰকাৰীজন অযোধ্যাত বাস কৰে আৰু তেঁওৰ প্ৰায় 11 হাজাৰ অনুসৰণকাৰী আছে।
উপসংহাৰ: সামাজিক মাধ্যমত ভাইৰাল ভিডিঅ’ উত্তৰ প্ৰদেশেৰ চন্দৌলিৰ ঘটনা। তাত মে মাহত পৌৰ সভাৰ নিৰ্ৱাচনৰ সময়ত কিন্নৰে প্ৰদৰ্শন কৰিছিল। এই ভিডিঅ’ৰ মণিপুৰৰ লগত কোনো সম্পৰ্ক নাই।
- Claim Review : মণিপুৰত নিৰ্বস্ত্ৰ মহিলাসক’লে পুলিশক খেদি আছে
- Claimed By : এফবি ব্যৱহাৰকাৰী- গোপাল দাস
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.