Fact Check: যুৱকক প্ৰহাৰ কৰি থকা আৰক্ষীৰ এই ছবিখন কৃষক আন্দোলনৰ হয়, মল্লযুঁজাৰু সাক্ষী মলিকৰ নহয়
- By: Jyoti Kumari
- Published: May 30, 2023 at 05:42 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। বিজেপি সাংসদ বৃজভূষণ শৰণ সিংহৰ বিৰুদ্ধে যোৱা প্ৰায় এমাহ ধৰি দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণাত বহি থকা মল্লযুঁজাৰুসকলে দেওবাৰে সংসদৰ নতুন ভৱনৰ সন্মুখত মহিলাসকলৰ মহাপঞ্চায়তৰ কথা ঘোষণা কৰিছে। বিক্ষোভ প্ৰদৰ্শনকাৰী মল্লযুঁজাৰুসকলে যেতিয়া সংসদ ভৱনৰ দিশত আগুৱাই গৈ আছিল, তেতিয়া মল্লযুঁজাৰু আৰু আৰক্ষী কৰ্মীসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। এতিয়া এই ঘটনাৰ লগত যুক্ত কৰি ছ’চিয়েল মিডিয়াত এখন ছবিক ভাইৰেল কৰা হৈ আছে। এই ছবিখনক শ্বেয়াৰ কৰি এই দাবী কৰা হৈ আছে যে, এয়া মল্লযুঁজাৰু সাক্ষী মলিকৰ ছবি হয়।
বিশ্বাস নিউজে তদন্ত কৰি গম পাইছে যে ভাইৰেল হোৱা এই দাবী বিভ্ৰান্তিকৰ হয়। ভাইৰেল হোৱা ছবিখন 2021 চনৰ সেই সময়ৰ হয়, যেতিয়া দিল্লীত চলি থকা কৃষক আন্দোলনৰ সময়ত আৰক্ষীৰ সৈতে আন্দোলনকাৰীসকলৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল। ভাইৰেল ছবিখন এজন পুৰুষৰ হয়, কিন্তু সেয়া সাক্ষী মলিকৰ ছবি হয় বুলি ভুল দাবী কৰি শ্বেয়াৰ কৰা হৈ আছে।
ভাইৰেল পোষ্টত কি আছে?
ফেচবুক ইউজাৰ ‘Roop Saharawat’ যোৱা 29 মে তাৰিখত ভাইৰেল ছবিখন শ্বেয়াৰ কৰি (আৰ্কাইভ লিংক) লিখিছে, “এওঁ দেশৰ কাৰণে মহিলা ৰেছলিং-ত প্ৰথম অলিম্পিক মেডেল লৈ অহা @sakshimalik_official হয়। এনেকুৱা ছবি তো তালিবানতো দেখিবলৈ পোৱা নাই। দেশৰ বিবেক জাগ্ৰত হৈ আছে নে মৰি গৈছে নে বিক্ৰী হৈ গৈছে!”
আন কেইজনমান ইউজাৰেও এই ছবিখন একে দাবীৰ সৈতে শ্বেয়াৰ কৰিছে।
তদন্ত
আমি ভাইৰেল ছবিখনক লৈ তদন্ত কৰাৰ বাবে গুগল লেঞ্চ ব্যৱহাৰ কৰিছিলোঁ। তেতিয়া আমি দেখা পালোঁ যে, এই ছবিখন পুৰণি এটা তাৰিখত বহু কেইখন ঠাইত আপলোড হৈ আছে। নিউজ লণ্ড্ৰী ডট কম-ৰ ৱেবছাইটত 25 ফেব্ৰুৱাৰী 2021-ত প্ৰকাশ পোৱা বাতৰিত কেইখনমান ছবিৰ সৈতে এতিয়া ভাইৰেল হোৱা ছবিখনো আছে। তেতিয়া প্ৰকাশ পোৱা বাতৰিত থকা তথ্যৰপৰা জানিব পৰা যায়, “ভাইৰেল ছবিখন কৃষক আন্দোলনৰ হয়। ছবিত যিজন ব্যক্তিক দেখা পোৱা হৈ আছে, তেওঁ পঞ্জাবৰ নৱাংচহৰ জিলাৰ কাজমপুৰ গাঁওৰ 22 বছৰীয়া ৰঞ্জিত সিং হয়। দিল্লীৰ সীমান্তত 29 ফেব্ৰুৱাৰীত সংঘটিত ঘটনাসমূহৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তাত কৃষকসকলে তিনিটা কৃষি আইনৰ বিৰুদ্ধে নভেম্বৰ মাহৰপৰা শিবিৰ পাতি বহি আছে।”
ছাৰ্চ কৰি থাকোঁতে টাইমছ অৱ ইণ্ডিয়াৰ ৱেবছাইটতো প্ৰকাশ পোৱা বাতৰি এটাত এতিয়া ভাইৰেল হোৱা ছবিখন দেখা পোৱা গৈছিল। 4 ফেব্ৰুৱাৰী 2021-ত প্ৰকাশ পোৱা বাতৰিৰ লগত থকা ছবিৰ বিষয়ে তাত কোৱা হৈছে, “কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনত তিনিজন নায়কৰ ৰূপত আত্মপ্ৰকাশ কৰিছে ৰাকেশ টিকৈত, জগসীৰ সিং আৰু ৰঞ্জিত সিং।” ভাইৰেল ছবিখনত যিজন ব্যক্তিৰ মুখৰ উপৰত আৰক্ষীয়ে জোতা দি থৈছে, তেওঁ ৰঞ্জিত সিং নামৰ এজন যুৱক হয়। তেওঁ পঞ্জাবৰ নৱাংচহৰ জিলাৰ কাজমপুৰ গাঁওৰ নিবাসী হয়। নেচনেল হেৰাল্ডতো ভাইৰেল ছবিৰ লগত যুক্ত বাতৰি পঢ়িবলৈ পোৱা যাব।
‘জছমীন সিং কোহলী’ নামৰ এজন টুইটাৰ ইউজাৰেও ভাইৰেল ছবিখন শ্বেয়াৰ কৰিছিলে। 27 ফেব্ৰুৱাৰী 2021-ত এখন ছবি তেওঁ টুইট কৰিছিলে, তাত থকা ব্যক্তি ৰঞ্জিত সিং হয় বুলি কোৱা হৈছিল।
ছাৰ্চ কৰি থাকোঁতে আমি মল্লযুঁজাৰু আৰু আৰক্ষী কৰ্মীসকলৰ মাজত হোৱা সংঘৰ্ষৰ লগত যুক্ত বাতৰিৰো সন্ধান পাইছিলোঁ। য’ত এই আন্দোলনৰ লগত যুক্ত বহু কেইখন ছবি আছে। কিন্তু এতিয়া ভাইৰেল হৈ থকা ছবিখন আমি শেহতীয়া কোনো এখন বাতৰিৰ প্ৰতিবেদনত পোৱা নাই।
অধিক জানিবলৈ আমি কৃষক আন্দোলনৰ বাতৰি কৰা সাংবাদিক চোনু ৰাণাৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ কৈছে, “এই ছবিখন কৃষক আন্দোনৰ সময়ৰ হয়। এই ছবিখনক এতিয়া ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।”
মল্লযুঁজাৰুসকলৰ বিক্ষোভ প্ৰদৰ্শনৰ বাতৰি কৰা দিল্লী দৈনিক জাগৰণৰ ডেপুটি চীফ ৰিপোৰ্টাৰ শনি শৰ্মাৰ লগতো আমি কথা পাতিছিলোঁ। তেওঁ আমাক কৈছে, “এয়া মল্লযুঁজাৰুসকলৰ বিক্ষোভ প্ৰদৰ্শনৰ হয়।”
তদন্তৰ অন্তিম পৰ্যায়ত আমি সেইজন ইউজাৰক স্কেন কৰি চাইছোঁ, যিজনে পুৰণি এখন ছবিক শেহতীয়া সময়ৰ বুলি কৈ ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰিছে। এইটো কৰাৰ পাছত আমি গম পালোঁ যে, এইজন ইউজাৰক 4 হেজাৰৰ অধিক মানুহে ফলো কৰে।
উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে পুৰণি এটা ছবিক এতিয়া মল্লযুঁজাৰু সাক্ষী মলিকৰ নামত বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। আচলতে এয়া 2021-ত কৃষক আন্দোলনৰ সময়ত আৰক্ষী আৰু আন্দোলনকাৰীসকলৰ মাজত হোৱা সংঘৰ্ষৰ ছবি হয়। ছবিত যিজন ব্যক্তিক দেখা পোৱা গৈ আছে, তেওঁৰ নাম ৰঞ্জিত সিং হয়। ভাইৰেল ছবিখনৰ সৈতে সাক্ষী মলিকৰ কোনো সম্বন্ধ হে নাই।
- Claim Review : এওঁ দেশৰ কাৰণে মহিলা ৰেছলিং-ত প্ৰথম অলিম্পিক মেডেল লৈ অহা সাক্ষী মলিকৰ হয়।
- Claimed By : Roop Saharawat
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.