X
X

Fact Check: উদয়পুৰত এগৰাকী মহিলা আৰু এজন ফাইনেঞ্চ কৰ্মীৰ বিয়াৰ ঘটনাক সাম্প্ৰদায়িক ৰং সানি মিছা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে

নতুন দিল্লী (বিশ্বাস নিউজ)। উদয়পুৰত শেহতীয়াকৈ এগৰাকী মহিলা আৰু এজন ফাইনেঞ্চ কৰ্মীৰ মাজত হোৱা বিয়াৰ ঘটনা এটা চৰ্চাৰ বিষয় হৈ পৰিছে। কেইজনমান ছ’চিয়েল মিডিয়া ইউজাৰে সৰু-সৰু ছোৱালীয়ে কান্দি থকা ভিডিঅ’ এটা শ্বেয়াৰ কৰি এই দাবী কৰি আছে যে এজন মুছলমানে দুইজনী ছোৱালীৰ মাতৃক নিজৰ ফান্দত পেলাই তেওঁৰ সৈতে বিয়া পাতি লৈছে। ইউজাৰসকলে এই ঘটনাক সাম্প্ৰদায়িক ৰং সানি ভাইৰেল কৰি আছে।

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে সেই গৰাকী মহিলা তথা ফাইনেঞ্চ কৰ্মী, দুয়ো হিন্দু হয়। পাছ দিনা মহিলা গৰাকীয়ে নিজৰ প্ৰথম স্বামীৰ ওচৰত উভতি আহিছিলে। এই ঘটনা কোনো দিশৰপপৰা সাম্প্ৰদায়িক নহয়। ভিডিঅ’টোক মিছা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে।

ভাইৰেল পোষ্টত কি আছে

ফেচবুক ইউজাৰ ‘উপদেশ ৰাণা সমৰ্থক’ (আৰ্কাইভ লিংক) 10 এপ্ৰিলত ভিডিঅ’ পোষ্ট কৰি যি লিখিছে, তলত সেয়া অসমীয়াত দাঙি ধৰা হ’ল,   

“লাভ জেহাদৰ নতুন পন্থা যি সকলৰ বুকু কঁপাই দিব।

এনেকৈ ভয়ংকৰ ভাৱে ব্ৰেইণ ৱাশ্ব কৰা হৈছে যে মহিলা গৰাকীয়ে নিজৰ মাক-বাপেকৰ কথা শুনা নাই নিজৰ সম্পৰ্কীয় মানুহৰ কথা শুনা নাই আনকি নিজৰ গৰ্ভত লোৱা সন্তানসকলৰ উপৰতো কোনো দয়া নেদেখুৱালে… ই কেনেকুৱা প্ৰেম হয় যি সকলো সীমা চেৰাই গৈছে…

সকলে সাৱধান আৰু সতৰ্ক হৈ যাওঁক।

চৰকাৰী মিছলীয়া হয় আৰক্ষী মিছলীয়া হয় চিঞৰি চিঞৰি কান্দি থকা শিশুসকলক আজি কোনো এজনেও সহ্য কৰিব নোৱাৰিব।

আজিকালি সকলো ঠাইত সকলো গাঁৱ চুবুৰীয়া এলেকাত লোন দিয়াৰ কাৰণে প্ৰাইভেট ফাইনেঞ্চ কোম্পানী খুলি ৰখা হৈছে। এইবোৰত শতকৰা 80 ভাগেই জেহাদী মানুহ থাকে সিহঁত কিস্তি আদায় ল’বলৈ যোৱাৰ নামত প্ৰতিখন ঘৰত তথা প্ৰতি গৰাকী মহিলাৰ ওচৰলৈ যোৱাৰ সুযোগ পাই আছে।

ফাইনেঞ্চ কোম্পানীবোৰৰ ওচৰত আটাইবোৰ মহিলাৰ নম্বৰ থাকে আৰু ঘৰৰ সদস্যসকলৰ সম্পূৰ্ণ তথ্য যেনে কিমান সদস্য আছে কোন কি কাম কৰে ক’ত কাম কৰে কোন কেতিয়া ঘৰলৈ আহে ইত্যাদি সকলো কথা গম পোৱা যায়।

আপোনাৰ গাঁৱত এলেকাত ঘৰৰ ওচৰত প্ৰাইভেন লোন দিয়া কোনো কোম্পানী যদি খুলিছে আৰু তাত যদি 10-15 জন মান বাহিৰা ল’ৰা কাম কৰি আছে দেখা পায় তেন্তে সাৱধান হৈ থাকক।

মহিলাসকলৰ যেতিয়া টকাৰ প্ৰয়োজন হয় তেতিয়া তেওঁলোকে সেই প্ৰয়োজন অনুসৰি ফাইনেঞ্চ কোম্পানীবোৰৰপৰা টকা ধাৰ লয়। এই কামত মহিলাসকলে ইজনে সিজনক সহায়তা কৰি থাকে। কিন্তু জানি বুজি হওক বা অজানিতে তেওঁলোকে ফান্দত পৰি যায়।

ফাইনেঞ্চ কোম্পানী, পাৰ্ছনেল লোনৰ কোম্পানীবিলাকে লোন দিয়াৰ বাবে কোম্পানী যদি খুলিছে তেন্তে সতৰ্ক হৈ যাওঁক কিয়নো লোন দিয়াৰ নামত আৰু কিস্তি আদায় কৰিবলৈ অহাৰ নামত আপোনাৰ ঘৰ আৰু পৰিয়ালৰ সকলো সদস্যৰ উপৰত ৰেইকি চলি আছে আপোনালোকৰ জীয়ৰী-বোৱাৰীক ফান্দত পেলোৱাৰ উদ্দেশ্যত।

উদয়পুৰ জিলাৰ এখন এলেকাত জিউ কঁপাই দিয়া এটা ঘটনা সংঘটিত হোৱাৰ কথা জানিবলৈ পোৱা গৈছে। য’ত নেকি এগৰাকী মাতৃৰ মমতাও হাৰ মানি গৈছে। ন মাহ ধৰি নিজৰ গৰ্ভত থৈ সন্তানক জন্ম দিয়া মাতৃয়ে এনেকৈ প্ৰেমৰ চাকনৈয়াত পৰিছে যে বিয়াৰ পোন্ধৰ পাছত দুটা সন্তান হোৱাৰ পাছতো নিজৰ প্ৰেমিকৰ ওচৰত প্ৰস্তাৱ দি বিয়াৰ সম্বন্ধত আবদ্ধ পৰ্যন্ত হৈছে।

গাঁৱত এই মহিলাৰপৰা লোনৰ কিস্তি ল’বলৈ আহি থাকোঁতে-থাকোঁতে ফাইনেঞ্চ কৰ্মীয়ে মহিলা গৰাকীক নিজৰ প্ৰেমৰ ফান্দত পেলাই ব্ৰেইণ ৱাশ্ব কৰি যোৱা 2 তাৰিখে কোৰ্টত গৈ কোৰ্ট মেৰেজ কৰি পেলাইছে। মহিলা গৰাকী আগৰপৰা পোন্ধৰ বছৰ ধৰি বিবাহিত। তেওঁ এনেকুৱা এটা সিদ্ধান্ত লোৱা দেখি গোটেই গাঁৱখন, চুবৰীয়াসকল, পৰিয়ালৰ মানুহ আচৰিত হৈ গৈছে আৰু জাঙুৰ খাই আছে। ডাঙৰ কথা হ’ল এয়াই যে, সেই মহিলা গৰাকীৰ দুজনী জীয়ৰী আছে। সিহঁতৰ বয়স দহ আৰু পাঁচ বছৰ। সিহঁতৰ কান্দি-কান্দি অৱস্থা নাইকিয়া হৈছে। এই ঘটনা উদয়পুৰ অঞ্চলৰ হয়। য’ত যোৱা 2 তাৰিখ এজন ব্যক্তিৰ পত্নীয়ে বিয়াৰ পোন্ধৰ বছৰ পাছত এজন ফাইনেঞ্চ কৰ্মীৰ সৈতে বিবাহৰ সম্বন্ধত আবদ্ধ হৈছে। দোষ কৰাৰ পাছতো নিজক ভাল দেখুওৱাৰ দৰে মহিলা গৰাকীয়ে বিবাহত আবদ্ধ হোৱাৰ পাছত এছপি কাৰ্যালয়ত এজেহাৰ দি থৈছে যে, তেওঁৰ আৰু তেওঁৰ প্ৰেমিকৰ উপৰত তেওঁৰ পৰিয়াল, চুবুৰীয়াৰ মানুহৰপৰা বিপদ আহিব পাৰে। এয়াই নহয়, মহিলা গৰাকীয়ে নিজৰ স্বামীক কৈছে যে তেওঁ এতিয়াৰপৰা নিজৰ প্ৰেমিকৰ লগত থাকিব। এই কথা শুনি তেওঁৰ সৰু-সৰু দুই জনী ছোৱালীয়ে তেওঁৰ সন্মুখতে কান্দিবলৈ ধৰিছিল। মাতৃৰ সন্মুখতে কান্দি-কান্দি সিহঁতৰ অৱস্থা বেয়া। সিহঁত মাকক কৈ আছে আমাক এৰি গুচি নাযাবা মা। কিন্তু এই কথা শুনি মাকৰ অন্তৰখন অলপো গলি যোৱা নাই আনকি তেওঁৰ প্ৰেমিকেও ছোৱালী দুটাৰ পিনে ঘূৰিও চোৱা নাই। আনকি উদয়পুৰ কালেক্টৰেটত সেই মহিলা আৰু দুয়োজনী ছোৱালীৰ মাজত মমতাৰ বান্ধনো ছিঙি যোৱাৰ দৃশ্য দেখাৰ পাছত তাত উপস্থিত এজন ব্যক্তিৰ চকুপানী ওলাই গৈছিল। দুয়োজনী ছোৱালীয়ে মাকৰ ভৰিত লিপিত খাই চিঞৰি-চিঞৰি কান্দি আছিল কিন্তু মাকৰ মমতা মৰি গৈছিল কিয়নো মহিলাক তেতিয়া প্ৰেমৰ ভূতে ধৰিছে তেওঁ প্ৰেমিকৰ লগত গুচি গ’ল।

গাঁৱ, চুবুৰীয়া, পৰিয়ালৰ সকলে একত্ৰিত হৈ থাকক আৰু নিজৰ ওচৰে পাজৰে কোনোবা যদি সিহঁতক ঘৰ ভাড়া দিয়ে তেন্তে পোন প্ৰথমতে সিহঁতক পিটন দিব।

কলিযুগৰ মা আৰু কলিযুগৰ পত্নী দেখা নাই যদি আজি চাই লওঁক…

ইয়াত ভুল সেই মহিলাৰ লগত তেওঁৰ পিতৃ-মাতৃৰো আছে কিয়নো তেওঁলোকেই নিজৰ ছোৱালীক এনেকুৱা শিক্ষা দিছে।”

তদন্ত

ভাইৰেল দাবীক লৈ তদন্ত কৰিবলৈ আমি কীৱৰ্ড দি এই বিষয়ত গুগলত ছাৰ্চ কৰিছিলোঁ। 10 এপ্ৰিলত ইটিভি ভাৰত-ত এই বিষয়ত এটা বাতৰি ওলাইছিল। সেই বাতৰিৰ লগত আপলোড হোৱা ভিডিঅ’ত ভাইৰেল ভিডিঅ’ৰ ক্লিপটোও চাব পৰা যাব। বাতৰিৰ মতে, “ঘটনাটো উদয়পুৰৰ ছলুম্বৰ অঞ্চলৰ হয়। তাত দুইজনী জীয়েক থকা এগৰাকী মাতৃয়ে এজন ফাইনেঞ্চ কৰ্মীৰ সৈতে বিবাহৰ সম্বন্ধত আবদ্ধ হৈছে। দুয়ো 2 এপ্ৰিলত কোৰ্টত গৈ বিয়া পাতিছে।”

মহিলা গৰাকীৰ প্ৰথম বিবাহ “15 বছৰৰ। তেওঁ এছপি কাৰ্যালয়ত এই এজেহাৰ দিছে যে, তেওঁৰ প্ৰথম স্বামীৰপৰা তেওঁৰ জীৱনৰ উপৰত ভাবুকিৰ আশংকা আছে।” অৱশ্যে, বাতৰিটোত কোনো সাম্প্ৰদায়িক দিশৰ উল্লেখ নাই।

10 এপ্ৰিলত দৈনিক জাগৰণ-ৰ ৱেবছাইটতো এই সম্বন্ধীয় বাতৰি ওলাইছিল। তাত লিখা আছে, “এই ঘটনাটো উদয়পুৰৰ ছলুম্বৰ অঞ্চলৰ হয়। বিয়াৰ 15 বছৰ পাছত দুইজনী ছোৱালীৰ মাতৃয়ে এজন যুৱকৰ সৈতে বিবাহৰ সম্বন্ধত আবদ্ধ হৈছে। যুৱক জন গাঁৱত লোনৰ কিস্তি সংগ্ৰহ কৰিবলৈ আহি থাকিছিল। সিহঁতে দুয়ো জনী ছোৱালীক কন্দাকটা কৰি থকা অৱস্থাত এৰি থৈ গৈছে। মহিলা গৰাকীয়ে এছপি-ৰ ওচৰত নিজৰ প্ৰথম স্বামীৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাছত এই ঘটনা জানিবলৈ পোৱা গৈছে। মহিলা গৰাকীৰ অভিযোগ, তেওঁৰ প্ৰথম স্বামীৰপৰা তেওঁৰ প্ৰাণনাশৰ ভাবুকি আছে। মহিলা গৰাকী উদয়পুৰত আহিছিলে কাৰণে তেওঁৰ প্ৰথম স্বামীকো তাত মাতি লোৱা হৈছিল।”

এই বিষয়ত আমি কথা পাতিছোঁ এই ঘটনাৰ অনুসন্ধান কৰাৰ দায়িত্বত থকা এছআই অশোকৰ সৈতে। তেওঁ কৈছে, “মহিলা গৰাকী প্ৰথমতে যুৱকৰ সৈতে গুচি গৈছিল। পাছ দিনা মহিলা গৰাকীৰ প্ৰথম স্বামীয়ে কেইজনমানৰ লগত সেই যুৱক জনৰ মোমায়েকৰ ঘৰলৈ গৈছিল। তাত কথা বতৰা হোৱাৰ পাছত মহিলা গৰাকীয়ে নিজৰ প্ৰথম স্বামীৰ ওচৰত উভতি আহিছিল। মহিলা আৰু যুৱক, তেওঁলোকে দুয়ো প্ৰাপ্তবয়স্ক হয়, সেয়ে আৰক্ষীয়ে সিহঁতক যাবলৈ দিছে। দুয়ো হিন্দু হয়। ইয়াক সাম্প্ৰদায়িকতাৰ কোনো দিশ নাই। ”   
  
এই বিষয়ত দৈনিক জাগৰণ উদয়পুৰৰ ৰিপোৰ্টাৰ সুভাষে কৈছে, “মহিলা আৰু তেওঁৰ প্ৰেমিক হিন্দু হয়। সাম্প্ৰদায়িকতাৰ দিশ থকা দাবীটো ভুল হয়।“

বিভ্ৰান্তিকৰ দাবীৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ ‘উপদেশ ৰাণা সমৰ্থক’-ৰ প্ৰফাইল আমি স্কেন কৰি চাইছোঁ। এই পেজত মুম্বাইৰ ঠিকনা দিয়া আছে। 29 নৱেম্বৰ 2018-ত তৈয়াৰ হোৱা এই পেজক প্ৰায় 1 লাখ চাৰি হেজাৰ ইউজাৰে ফলো কৰি থাকে। এই পেজ বিশেষ এটা আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হয়।

इस खबर को हिंदी में यहाँ पढ़ें।

উপসংহাৰ: উদয়পুৰৰ ছলুম্বৰ অঞ্চলত হোৱা ঘটনাত সাম্প্ৰদায়িকতাৰ কোনো দিশ নাই। মহিলা আৰু যুৱক, দুয়ো একে সম্প্ৰদায়ৰ হয়। পাছ দিনা মহিলা গৰাকীয়ে নিজৰ প্ৰথম স্বামী আৰু জীয়েকসকলৰ ওচৰত উভতি আহিছিল।

  • Claim Review : এজন মুছলমানে দুজনী ছোৱালীৰ মাতৃক নিজৰ ফান্দত পেলাই তেওঁৰ সৈতে বিয়া পাতি লৈছে।
  • Claimed By : FB User- উপদেশ ৰাণা সমৰ্থক
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later