X
X

Fact Check: এয়া ISI হেড আৰু আল কাইদা মুৰব্বীৰ ছবি নহয়, ভাইৰেল হোৱা দাবী মিছা হয়

নতুন দিল্লী (বিশ্বাস নিউজ)। পাকিস্তানৰ আৰ্থিক অৱস্থাৰ অৱনতি আৰু মূল্যবৃদ্ধিৰ মাজত ছ’চিয়েল মিডিয়াত এখন ছবি দ্ৰুত গতিত ভাইৰেল হৈ আছে। সেই ছবিখন শ্বেয়াৰ কৰি দাবী কৰা হৈ আছে যে, ছবিখনত থকা এজন ব্যক্তি আইএছআই-ৰ হেড নদীম অঞ্জুম হয় আৰু আন এজন ব্যক্তি আল কাইদা চীফ ছৈফ অল আদেল হয়। ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ বাস্তৱায়িত কৰাৰ বাবে এই দুয়োজনৰ মাজত মিটিং হৈছিল। ছবিখন চিআইএ-ৰ দ্বাৰা সদৰী কৰা হৈছে।

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হোৱা ছবিখনক চিআইএ-ৰ দ্বাৰা সদৰী কৰা হৈছে। ছবিখনত আৰ্মিৰ পোছাক পিন্ধি থকা ব্যক্তি পাকিস্তান আৰ্মিৰ বিষয়া মহম্মদ ইউছুফ মজোকা হয়। ছবিখন থকা আন এজন ব্যক্তি বালুচিস্তানৰ মন্ত্ৰী হয়। তেওঁৰ নাম চৰদাৰ আবদুল ৰহমান খেতান হয়।

কি ভাইৰেল হৈ আছে?

ফেচবুক ইউজাৰ হিন্দু ৰাজু কুমাৱত 25 ফেব্ৰুৱাৰী 2023 তাৰিখে (আৰ্কাইভ লিংক) ভাইৰেল ছবিখন শ্বেয়াৰ কৰিছিলে। এই পোষ্ট শ্বেয়াৰ কৰি ইউজাৰে কেপচনত লিখিছিলে, “সম্ৰাট মোডীয়ে পাকিস্তানক আটাৰ বাবেও আনৰ উপৰত নিৰ্ভৰশীল কৰি দিয়াৰ পাছত সিহঁতেও নিজৰ কূট কৌশল আৰম্ভ কৰি দিছে চিআইএ-ৰ দ্বাৰা শেহতীয়াকৈ গোপন মিটিং-ৰ ছবি সদৰী কৰা হৈছে। এওঁ হ’ল আইএছআই-ৰ হেড নদীম অঞ্জুম আৰু আল কাইদাৰ চীফ ছৈফ অল অদল। এই মিটিং-ৰ একমাত্ৰ উদ্দেশ্য আছিল, ভাৰতত কেনেকৈ সন্ত্ৰাসবাদী আক্ৰমণ চলাব পৰা যায়। ঐক্যবদ্ধ হৈ থাকা সনাতনীসকল।”

তদন্ত 

ভাইৰেল ছবিখনৰ সত্যতা গম পোৱাৰ কাৰণে আমি ছবিখনক গুগল ৰিভাৰ্ছ ইমেজৰ জৰিয়তে ছাৰ্ছ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তেতিয়া আমি ফাৰ্ষ্ট পোষ্ট -ৰ ৱেবছাইটত ওলোৱা বাতৰি এটা পালোঁ। এই ৰিপোৰ্ট ওলাইছিল 23 ফেব্ৰুৱাৰী 2023 তাৰিখে। ছবিখনক লৈ যি তথ্য দিয়া হৈছে, সেই অনুসৰি, ভাইৰেল ছবিখনত বগা পোছাক পিন্ধা যিজন মানুহক দেখা পোৱা গৈছে তেওঁ বালুচিস্তানৰ মন্ত্ৰী চৰদাৰ আবদুল ৰহমান হয়। ৰিপোৰ্টত কোৱা হৈছে যে আবদুল ৰহমান খেতানৰ ঘৰৰপৰা তিনিটা শৱ উদ্ধাৰ হৈছিল, তিনিও জনক গুলী মাৰি হত্যা কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে অভিযোগ যে তেওঁ ঘৰতে প্ৰাইভেট জেল বনাই থৈছে।

 বালুচিস্তান পোষ্ট-ৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টতো আমি দেখা পাইছোঁ যে এই একে তথ্যৰ সৈতে ভাইৰেল হোৱা ছবিখন শ্বেয়াৰ কৰা হৈছিল।

তদন্ত আগুৱাই লৈ যোৱাৰ সময়ত আমি ভাইৰেল ছবিখনক মন দি চালোঁ। আমি দেখা পালোঁ যে আৰ্মিৰ পোছাক পিন্ধা ব্যক্তিজনৰ পোছাকত ইউছুফ লিখা আছে।

ইয়াৰপৰা আভাস লৈ আমি গুগল-ত এই সম্বন্ধীয় কীৱৰ্ড দি ছাৰ্চ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আমি এই সম্বন্ধীয় এটা ৰিপোৰ্ট ডেইলী বালুচিস্তান এক্সপ্ৰেছ -ত ওলোৱা ৰিপোৰ্ট এটা পালোঁ। এই ৰিপোৰ্ট 6 মাৰ্চ 2022-ত ওলাইছিল। ৰিপোৰ্টত থকা তথ্য অনুসৰি, এইজন ব্যক্তি পাকিস্তান আৰ্মিৰ বিষয়া মেজৰ জেনাৰেল মহম্মদ ইউছুফ মজৌকা হয়। মহম্মদ ইউছুফ মজোকা কোৱেটাত নিয়োজিত হৈ আছে। 

ছৈফ অল-আদেলৰ বিষয়ে জানিবলৈ আমি গুগল-ত এই সম্বন্ধীয় কীৱৰ্ড দি ছাৰ্চ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ৱাশ্বিংটন পোষ্ট-ত 2 আগষ্ট 2022-ত ওলোৱা ৰিপোৰ্ট অনুসৰি, আল-কাইদা চীফ অয়মান অল-জৱাহিৰিৰ মৃত্যুৰ পাছত সংগঠনৰ দায়িত্ব ছৈফ অল-আদেলে নিজৰ কান্ধত লৈছে। ৰিপোৰ্টত ছৈফ অল-আদেলৰো ছবি আছে। সেই ছবিখন ভাইৰেল হোৱা ছবিৰ লগত নিমিলে।

এনডিটিভি আৰু টাইমছ নাউ-তো এই বাতৰি ওলাইছিল।

টাইমছ অৱ ইণ্ডিয়া-ত 28 অক্টোবৰ 2021-ত ওলোৱা এটা ৰিপোৰ্ট অনুসৰি, নদীম অঞ্জুমক পাকিস্তানৰ চোৰাংচোৱা সংস্থা ইণ্টাৰ ছাৰ্ভিচ ইণ্টেলিজেঞ্চৰ চীফ পদত নিযুক্ত কৰা হৈছিল। ৰিপোৰ্টত তেওঁৰ ছবিও আছে, সেই ছবিখন ভাইৰেল হোৱা ছবিখনৰ লগত নিমিলে।

দি কুইণ্ট আৰু এনডিটিভি-তো এই বাতৰি ওলাইছিল।

অধিক তথ্য পোৱাৰ কাৰণে বিশ্বাস নিউজে পাকিস্তানৰ আজ টিভিৰ ছিনিয়ৰ প্ৰোডিউচাৰ আদিল আলীৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ আমাক কৈছে যে ভাইৰেল হোৱা দাবী মিছা হয়। ছবিত দেখা পোৱা এজন ব্যক্তি বালুচিস্তানৰ মন্ত্ৰী চৰদাৰ আবদুল ৰহমান খৈতান হয় আৰু আন এজন ব্যক্তি পাকিস্তান আৰ্মিৰ বিষয়া মহম্মদ ইউছুফ মজোকা হয়।  

ছবিখনক ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ ‘হিন্দু ৰাজু কুমাৱত’-ৰ প্ৰোফাইল আমি স্কেন কৰিছোঁ। সেই অনুসৰি গম পোৱা গ’ল যে, এইজন ইউজাৰ গুজৰাটত থাকে। ইউজাৰৰ প্ৰোফাইল ভালকৈ চালিজাৰি চোৱাৰ পাছত গম পালোঁ যে এইজন ইউজাৰ এটা ভাৱধাৰাৰ দ্বাৰা প্ৰভাৱিত হয়।

উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে পাকিস্তানৰ গোপন বৈঠকৰ নামত ভাইৰেল হোৱা ছবিক লৈ যি দাবী কৰা হৈছে সেয়া ভুল হয়। আৰ্মিৰ পোছাক পিন্ধি থকা যিজন ব্যক্তিক দেখা পোৱা গৈছে তেওঁ পাকিস্তান আৰ্মিৰ বিষয়া মহম্মদ ইউছুফ মজোকা হয়। আনহাতে, ছবিখনত আন যি এজন ব্যক্তিক দেখা পোৱা গৈছে তেওঁ বালুচিস্তানৰ মন্ত্ৰী হয়। তেওঁৰ নাম চৰদাৰ আবদুল হৰমান খেতান হয়।

  • Claim Review : আইএছআই-ৰ হেড আৰু আল কাইদাৰ চীফৰ মাজত গোপন বৈঠকৰ ছবি।
  • Claimed By : ফেচবুক ইউজাৰ হিন্দু ৰাজু কুমাৱত
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later