X
X

Fact Check: এতিয়া কেৰালা আৰু পঞ্জাবৰ ভিডিঅ’ক তামিলনাড়ুৰ বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে

নতুন দিল্লী (বিশ্বাস নিউজ)। তামিলনাড়ুত হিন্দীভাষী মানুহৰ উপৰত আক্ৰমণ চলি থকাৰ অভিযোগৰ সৈতে এতিয়া আৰু দুখন ভিডিঅ’ শ্বেয়াৰ কৰা হৈ আছে। ইয়াৰে এখন ভিডিঅ’ত দেখা পোৱা গৈ আছে যে এজন ব্যক্তিৰ দোকানত জুই লগাই দিয়া হৈছে, আন এখন ভিডিঅ’ত দেখা পোৱা গৈছে যে, কেইজনমান মানুহে এজন ব্যক্তিক পিটন দি আছে। বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে ইয়াৰে এখন ভিডিঅ’ কেৰালাৰ হয়, আৰু আন এখন ভিডিঅ’ পঞ্জাবৰ হয়। এই দুয়োৰে সৈতে তামিলনাড়ুৰ কোনো সম্পৰ্ক নাই।

তামিলনাড়ুৰ নামত আগতেও কেইখনমান ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। বিশ্বাস নিউজে সেই ধৰণৰ সৰহ ভাগ ভিডিঅ’ৰ ফেক্ট চেক কৰি পেলাইছে। আমি তদন্ত কৰাৰ পাছত গম পাইছোঁ যে, সেই ভিডিঅ’বোৰ তামিলনাড়ুৰ নহয়, সেইবোৰ আচলতে দেশৰ অন্যান্য ৰাজ্যৰ হয়।

ভাইৰেল পোষ্টত কি আছে

ফেচবুক ইউজাৰ ‘অজলম অলম অকন্দা’ (আৰ্কাইভ লিংক) 5 মাৰ্চ তাৰিখে ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে,

“Tamil Nadu mai ye kya ho raha hai” (অৰ্থাৎ, তামিলনাড়ুত এয়া কি হৈ আছে)

ভিডিঅ’ত দেখা পোৱা গৈ আছে যে এজন ব্যক্তি বটলত কিবা দাহ্য পদাৰ্থ লৈ আহিছে আৰু দোকানত সেয়া ছটিয়াই দি জুই লগাই দিছে। ইয়াৰ পাছত দোকানত থকা মানুহে দৌৰ মাৰি বাহিৰলৈ ওলাই আহিছে।

টুইটাৰ ইউজাৰ সঞ্জয় যাদৱ (আৰ্কাইভ লিংক) আন এখন ভিডিঅ’ পোষ্ট কৰি লিখিছে,

“What is happening?” (অৰ্থাৎ, কি হৈ আছে)

ভিডিঅ’টোৰ লগত তামিলনাড়ু, বিহাৰ আৰু বিহাৰী মজদুৰৰ হেশ্বটেগ ব্যৱহাৰ কৰা হৈছে। ইয়াত দেখা পোৱা গৈছে যে দিনৰ ভাগতে বাটত কেইজনমান যুৱকে এজন ব্যক্তিক বেয়াকৈ পিটি আছে। অন্যান্য ইউজাৰে এইটোক তামিলনাড়ুৰ বুলি ভাবি কমেন্ট কৰি আছে।

https://twitter.com/YaduSenaChief/status/1631901303780827136

তদন্ত

ভাইৰেল ভিডিঅ’ক লৈ তদন্ত কৰাৰ সময়ত আমি এখন-এখনকৈ চেক কৰিবলৈ আৰম্ভ কৰিছিলোঁ।

দাবী 1

ফেচবুক ইউজাৰ ‘অজলম অলম অকন্দা’-ৰ দ্বাৰা শ্বেয়াৰ হোৱা ভিডিঅ’ৰ তদন্ত কৰাৰ কাৰণে আমি কী-ৱৰ্ড দি এই বিষয়ত গুগল-ত ছাৰ্চ কৰিছিলোঁ। মাতৃভূমি ৱেবছাইটত 4 মাৰ্চ তাৰিখে এই বিষয়ত বাতৰি ওলাইছিল। ইয়াত ভিডিঅ’ৰ কীফ্ৰেম্স চাব পৰা গৈ আছে। ইয়াৰ অনুসৰি, “ঘটনাটো কেৰালাৰ থ্ৰিপ্পুনিথুৰাৰ হয়। তাত এজন ব্যক্তি ফেচবুক লাইভ পোষ্টৰ পাছত লটাৰী এজেঞ্চিত জুই লগাই দিছিল। ঘটনাটো শুকুৰবাৰ (3 মাৰ্চ) আবেলি ত্ৰিপুনিথুপাৰ ষ্টেচ্যুত সংঘটিত হৈছিল। আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনক এই বুলি চিনাক্ত কৰা হৈছে যে তেওঁ বডকেকোট্টাৰ মূল নিবাসী হয় আৰু তেওঁৰ নাম ৰাজেশ টিএছ। এইটো কোৱা হৈছে যে, ৰাজেশে সেই অঞ্চলত লটাৰী বিক্ৰী কৰে। ঘটনাৰ আঁৰৰ আচল কাৰণ এতিয়াও গম পোৱা যোৱা নাই। ইয়াৰ আগতে ৰাজেশে এখন ফেচবুক লাইভত এই বুলি সকীয়নী দিছিল যে তেওঁ শুকুৰবাৰ সন্ধিয়া ছয় বজাত লটাৰী এজেঞ্চিত জুইল লগাই দিব।”

দি নিউ ইণ্ডিয়ান এক্সপ্ৰেছ-ত 7 মাৰ্চ তাৰিখে এই বাতৰি ওলাইছিল, “বডকেকোট্টাৰ মূল নিবাসী এজনে ফেচবুক লাইভত সকীয়নী দিয়াৰ পাছত ত্ৰিপুনিথুৰাৰ এখন লটাৰীৰ দোকানত তেওঁ জুই লগাই দিছিলে। তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো 3 মাৰ্চ সন্ধিয়াৰ হয়। আক্ৰমণকাৰীৰ নাম ৰাজেশ টী হয়। তেওঁ দোকানৰ সন্মুখ ভাগত পেট্ৰল ছটিয়াই দি জুই লগাই দিছিলে। এই ঘটনাত দোকানৰ সন্মুখত থকা লটাৰীবোৰ জ্বলি ছাঁই হৈ হৈছে। কৰ্মচাৰীসকলে পানী মাৰি জুই নুমাইছে। ইতিমধ্যে ঘটনাস্থলত উপস্থিত লোকসকলে ৰাজেশক ধৰি লৈ আৰক্ষীৰ হাতত গতাই দিছিল। আৰক্ষীৰ মতে, ৰাজেশ এজন সৰু পৰ্যায়ৰ লটাৰী বেচোঁতা হয়। তেওঁক সৰহ ভাগ সময়তে ত্ৰিপুনিথুৰাত এখন বাৰৰ সন্মুখত দেখিবলৈ পোৱা যায়। শুকুৰবাৰ দুপৰীয়া ৰাজেশে ফেচবুক লাইভ কৰি কৈছিল যে এই অঞ্চল প্ৰভাৱ বিস্তাৰ কৰি থকা কেইখন এজেঞ্চিৰ বিৰোধিতা কৰাৰ বাবে তেওঁ এখন লটাৰীৰ দোকানত জুই লগাই দিব।”

এই বিষয়ত আমি কেৰালাত হিন্দুস্তান টাইম্স-ৰ বুৰো চীফ ৰমেশ বাবুৰ সৈতে কথা পাতিছোঁ। তেওঁ কৈছে, “এই ভিডিঅ’টো ত্ৰিপুনিথুৰাৰ হয়, ঠাইখন কোচিৰ বাহিৰৰ অঞ্চলত অৱস্থিত। ঘটনাটো কেইদিনমান আগতে সংঘটিত হৈছিল। ইয়াৰ লগত তামিলনাড়ুৰ কোনো সম্পৰ্কই নাই।”

ইয়াৰপৰা স্পষ্ট হ’ল যে দোকানত জুই লগাই দিয়াৰ ভিডিঅ’টো কেৰালাৰ হয়। আৰক্ষীয়া অভিযুক্তক গ্ৰেপ্তাৰো কৰি পেলাইছে।

দাবী 2

আন এখন ভিডিঅ’ত দেখা পোৱা গৈছে যে দিনৰ ভাগতে কেইজনমান যুৱকে এজন ব্যক্তিক বেয়াকৈ পিটি আছে। আমি এই ভিডিঅ’ক লৈ তদন্ত কৰাৰ কাৰণে ভিডিঅ’টোৰ এটা কীফ্ৰেম উলিয়াই লৈ গুগল ৰিভাৰ্ছ ইমেজত ছাৰ্চ কৰিছিলোঁ। 19 ফেব্ৰুৱাৰী তাৰিখে অমৰ উজালা-ত এই বিষয়ত এখন বাতৰি ওলাইছিল। সেই অনুসৰি, “ঘটনাটো পঞ্জাবৰ ছুনামৰ হয়। তাত এজন ব্যক্তিক বেয়াকৈ পিটি থকাৰ ভিডিঅ’টো ভাইৰেল হৈছে।”

এই বিষয়ত আমি ছুনাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰৰ সৈতে কথা পাতিছিলোঁ। তেওঁ কৈছে, “এই ভিডিঅ’টো ছংগৰুৰ জিলাৰ ছুনাম থানা অঞ্চলৰ হয়। এই ঘটনাত 6জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হৈছে।”

ইয়াৰ আগতে এই ভিডিঅ’টো বুলন্দচহৰৰ বুলি ভাইৰেল হৈছিল। বুলন্দচহৰ আৰক্ষীয়ে এই বিষয়ত স্পষ্টীকৰণ দি কৈছে যে ইয়াৰ লগত তাত হোৱা ঘটনাৰ কোনো সম্পৰ্কই নাই। বিশ্বাস নিউজৰ তদন্ত ইয়াত পঢ়ি চাব পাৰে।

তামিলনাড়ুত হিন্দীভাষী প্ৰব্ৰজনকাৰী শ্ৰমিক সম্বন্ধীয় উৰা বাতৰি দৈনিক জাগৰণৰ নামত প্ৰচাৰ কৰা হৈছিল। ইয়াত মস্তিষ্ক-প্ৰসূত বাতৰি শ্বেয়াৰ কৰা হৈছিল। বিশ্বাস নিউজৰ ফেক্ট চেক ৰিপোৰ্ট ইয়াত পঢ়ি চাব পাৰে।

কেৰালাৰ ভিডিঅ’ক তামিলনাড়ুৰ বুলি কৈ শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ ‘অজলম অলম আকন্দা’-ৰ প্ৰোফাইল আমি স্কেন কৰি চাইছোঁ। সেই অনুসৰি গম পোৱা হৈছে যে, এইজন ব্যক্তি অসমৰ নগাঁওৰ নিবাসী হয়। মাৰ্চ 2020-ৰপৰা ফেচবুকত সক্ৰিয় হৈ থকা অজলমৰ প্ৰায় 5100 ফলোৱাৰ্ছ আছে।

উপসংহাৰ: তামিলনাড়ুত হিন্দীভাষী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ নামত কেৰালা আৰু পঞ্জাবৰ ভিডিঅ’ ভাইৰেল কৰি মিছা দাবী কৰি থকা হৈছে। তামিলনাড়ু আৰক্ষীয়ে এই সকলো অভিযোগক উৰা বাতৰি বুলি কৈছে।  

  • Claim Review : “Tamil Nadu mai ye kya ho raha hai”
  • Claimed By : অজলম অলম অকন্দা
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later