X
X

Fact Check: শিশুসকলে শ্লোক গাই থকা 2009-ৰ ভিডিঅ’ক ৰাণী এলিজাবেথৰ অন্তিম সংস্কাৰৰ বুলি শ্বেয়াৰ হৈ আছে

ৰাণী এলিজাবেথৰ অন্তিম সংস্কাৰক লৈ যি দাবী ভাইৰেল কৰা হৈছে সেয়া মিছা বুলি গম পোৱা গৈছে বিশ্বাস নিউজৰ তদন্তৰ পাছত। ভাইৰেল হোৱা ভিডিঅ’ৰ সৈতে ৰাণীৰ এলিজাবেথৰ অন্তিম সংস্কাৰৰ কোনো সম্পৰ্ক নাই। এই ভিডিঅ’টো 2009 চনত হোৱা এটা অনুষ্ঠানৰ হয়।

  • By: Pragya Shukla
  • Published: Sep 30, 2022 at 04:56 PM
  • Updated: Sep 30, 2022 at 06:17 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছৰপৰা এটা ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ভিডিঅ’টো হ’ল লণ্ডনৰ বাকিংহম পেলেচত শ্লোক গাই থকা কেইজনমান শিশুৰ। এই ভিডিঅ’টো ৰাণী এলিজাবেথৰ অন্তিম সংস্কাৰৰ বুলি দাবী কৰা হৈ আছে। তাত কোৱা হৈছে যে ব্ৰিটেইনৰ শিশুসকলে ৰাণীৰ অন্তিম সংস্কাৰৰ আগতে হিন্দু মন্ত্ৰ গাই আছে।

বিশ্বাস নিউজে তদন্ত চলোৱাৰ পাছত গম পাইছে যে ভাইৰেল হোৱা এই দাবী মিছা হয়। ৰাণী এলিজাবেথৰ অন্তিম সংস্কাৰৰ সৈতে ভাইৰেল হোৱা এই ভিডিঅ’ৰ কোনো সম্পৰ্কই নাই। এই ভিডিঅ’টো 2009 চনত হোৱা এটা অনুষ্ঠানৰ হয়। সেইটোক হে ইউজাৰসকলে ভুল সন্দৰ্ভত শ্বেয়াৰ কৰি আছে।

দাবী: li

ফেচবুক ইউজাৰ মোতিলাল আগৰৱালা-ই 10 ছেপ্তেম্বৰ তাৰিখে হিন্দীত (আৰ্কাইভ লিংক) এই ভিডিঅ’ পোষ্ট কৰি কৈছে, “ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ অন্তিম সংস্কাৰত সনাতনী শ্লোক আবৃত্তি।”

তদন্ত

আমি ভিডিঅ’টোক ভাল দৰে চোৱাৰ পাছত দেখা পালোঁ যে তাত Wildsfilm.com বুলি লিখা আছে। ইয়াৰ পাছত আমি এই কী-ৱাৰ্ড দি গুগল-ত ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ভিডিঅ’টো Wilds Films India-ৰ ইউটিউব চেনেলত দেখা পালোঁ। এইটো 22 মে 2019 শ্বেয়াৰ কৰা হৈছিল। ইয়াৰ পাছত এইটো স্পষ্ট হৈ গ’ল যে ৰাণী এলিজাবেথৰ মৃত্যুৰ সৈতে ইয়াৰ কোনো সম্পৰ্কই নাই। আচল ভিডিঅ’ৰ কেপশ্বনত যি লিখা আছে সেই অনুসৰি জানিব পৰা গৈছে যে এইটো 2010-ৰ কমনৱেল্থ গেমছৰ হয়।

নিউজ ছাৰ্চ কৰি আমি 29 অক্টোবৰ 2009-ৰ এটা ৰিপ’ৰ্ট দেখা পালোঁ ‘Times of India’-ৰ ৱেবছাইটত। সেই ৰিপ’ৰ্টত কোৱা হৈছে, “ছেণ্ট জেমছ স্কুল কয়েৰ-ৰ শিশুসকলে কুইন’ছ বেটন ৰিলে অনুষ্ঠানত হিন্দু শ্লোক আবৃত্তি কৰি আছে। এইটো হ’ল কমনৱেল্থ গেমছ 2010-ৰ প্ৰাৰম্ভিক অনুষ্ঠান হয়। কমনৱেল্থ গেমছ আৰম্ভ হোৱাৰ পূৰ্বে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত উপস্থিত আছিলে ৰাণী এলিজাবেথ, ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল আৰু ভূতপূৰ্ব ক্ৰীড়ামন্ত্ৰী এম. এছ. গিল।”

আমি এই ভিডিঅ’টো কমনৱেল্থ গেমছ দিল্লীৰ অফিচিয়েল page-ত দেখা পাইছোঁ। এইটো 2009 চনত শ্বেয়াৰ কৰা হৈছিল।

অধিক তথ্যৰ বাবে আমি ব্ৰিটিছ সাংবাদিক নাওমি কেণ্টনৰ সৈতে যোগাযোগ কৰি তেওঁক সেই ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক কৈছে, “অন্তিম সংস্কাৰ এতিয়াও হোৱা নাই। এয়া অহা 19 ছেপ্তেম্বৰ তাৰিখে হ’ব। ৰাণীৰ কফিন এতিয়া স্কটলেণ্ডৰপৰা লণ্ডনলৈ আহি আছে তাৰ পাছত সোমবাৰলৈ তেওঁৰ কফিনত সাধাৰণ মানুহে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব। এই ভিডিঅ’টোৰ লগত ৰাণীৰ অন্তিম সংস্কাৰৰ কোনো সম্পৰ্কই নাই।”

আমি এই মিছা দাবী শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ মোতিলাল আগৰৱালাৰ প্ৰ’ফাইল স্কেন কৰি চাইছোঁ। তেওঁৰ প্ৰ’ফাইনত যি তথ্য আছে সেই অনুসৰি এই ইউজাৰ জন উৰিষ্যাৰ মানুহ হয়। ফেচবুকত এই ইউজাৰ জনক 1039 মানুহে ফলো কৰে।

নিষ্কৰ্ষঃ ৰাণী এলিজাবেথৰ অন্তিম সংস্কাৰক লৈ যি দাবী ভাইৰেল কৰা হৈছে সেয়া মিছা বুলি গম পোৱা গৈছে বিশ্বাস নিউজৰ তদন্তৰ পাছত। ভাইৰেল হোৱা ভিডিঅ’ৰ সৈতে ৰাণীৰ এলিজাবেথৰ অন্তিম সংস্কাৰৰ কোনো সম্পৰ্ক নাই। এই ভিডিঅ’টো 2009 চনত হোৱা এটা অনুষ্ঠানৰ হয়।

  • Claim Review : ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ অন্তিম সংস্কাৰত সনাতনী শ্লোক আবৃত্তি।
  • Claimed By : মোতিলাল আগৰৱালা
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later