X
X

Fact Check: ফুটবলাৰ লিঅ’নেল মেছিৰ পুৰণি ফটো ভুৱা দাবীৰে ভাইৰেল

বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি মেছিয়ে শেহতীয়াকৈ কেমেৰুণলৈ যোৱা নাই। মেছিয়ে ২০১৫ চনত গেবন ভ্ৰমণ কৰা সময়ত তোলা ফটো কেমেৰুণৰ বুলি ভাইৰেল হৈছে। ভাইৰেল পোষ্টটো ভুৱা।

  • By: Rangman Das
  • Published: Dec 28, 2021 at 05:22 PM
  • Updated: Jul 13, 2023 at 12:23 PM

গুৱাহাটী (Vishvas News) শেহতীয়াকৈ আৰ্জেণ্টিনা ফুটবল দলৰ অধিনায়ক তথা সাতবাৰকৈ Ballon D’or পুৰস্কাৰ বিজয়ী লিঅ’নেল মেছি কেমেৰুণলৈ অহা বুলি এটা পোষ্ট ভাইৰেল হৈ পৰিছে। মেছিৰ পূৰ্বৰ বাৰ্চিলোনা দলৰ সতীৰ্থ তথা তাৰকা খেলুৱৈ ছেমুৱেল এটোৱে কেমেৰুণ ফুটবল এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই মেছিয়ে কেমেৰুণৰ Bafut বিমানবন্দৰত উপস্থিত হোৱা বুলি এখন ফটো ভাইৰেল হৈ পৰিছে। পিছে বিশ্বাস নিউজৰ  অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি এই ফটোখন ২০১৫ চনৰ। লিঅ’নেল মেছিয়ে ২০১৫ চনত গেবনৰ এখন ষ্টেডিয়ামৰ আধাৰশিলা মুকলি কৰিবলৈ অহা সময়ত তোলা এই ফটোখন এতিয়া কেমেৰুণৰ বুলি ভাইৰেল কৰা হৈছে। গতিকে এই ভাইৰেল ফটোৰ সৈতে কৰা পোষ্টটো ভুৱা।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক পেজ Ghetto Youth TV য়ে এই পোষ্ট’টো শ্বেয়াৰ কৰি লিখিছে “Welcome Messi To Cameron Samuel Eto’o promise Cameroonian that if he wins the election he will invite Messi to Comeron. Messi just landed at the Bafut international airport.” ইয়াৰ অসমীয়া অনুবাদ – মেছিক কেমেৰুনলৈ স্বাগতম💥💪 ছেমুৱেল এটোৱে কেমেৰুনিয়ানক প্ৰতিশ্ৰুতি দিছিল যে যদি তেওঁ নিৰ্বাচনত জয়ী হয় তেন্তে তেওঁ মেছিক কেমেৰুণলৈ আমন্ত্ৰণ জনাব। মেছিয়ে এইমাত্ৰ বুফেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে।”

ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।

অনুসন্ধান
বিশ্বাস নিউজে সৰ্বপ্ৰথমে এই ভাইৰেল পোষ্টটোৰ সৈতে থকা ফটোখন Yandex ছাৰ্ছ টুল ব্যৱহাৰ কৰি পৰীক্ষা কৰে। ইয়াতেই আমি এই ভাইৰেল ফটোখন সন্নিৱিষ্ট হৈ থকা ভালেসংখ্যক প্ৰতিবেদন দেখিবলৈ পাও। Sports.fr ত ১৮ জুলাই, ২০১৫ তাৰিখে প্ৰকাশ পোৱা এই প্ৰতিবেদনত লিখা হৈছে – (অসমীয়া অনুবাদ) – বৰ্তমান ছুটিত থকা লিঅ’নেল মেছি ৰাষ্ট্ৰপতি আলী বংগোৰ আমন্ত্ৰণত গেবনলৈ গৈছিল। মেছিৰ গেবন ভ্ৰমণৰ বিভিন্ন ফটো এই প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত ক্লিক কৰি এই প্ৰতিবেদন পঢ়িব পাৰিব –

23 জুলাই 2015 তাৰিখে, প্ৰতিবেদনটো অনুষ্ঠানটোৰ সময়ত মেছিৰ পোছাকক লৈ হোৱা সমালোচনাৰ বিষয়ে আছিল। প্ৰতিবেদনঅনুসৰি “বাৰ্চিলোনা ফৰৱাৰ্ড আৰু আৰ্জেণ্টিনাৰ তাৰকা, লিঅনেল মেছিয়ে গেবনত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় অনুষ্ঠানত তেওঁৰ নৈমিত্তিক পোছাক মোডক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে যিটো আছিল AFCON 2017-ৰ বাবে দেশৰ পোৰ্ট-জেণ্টিল ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা।”

আমি এই সন্দৰ্ভত Niyomiya Barta বাতৰি কাকতৰ ক্ৰীড়া সম্পাদক মুকুট শৰ্মাৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিছিলো আৰু ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰিছিলো। তেওঁ কয় যে এয়া বহু পুৰণি ফটো। মেছি বাৰ্চিলোনাত থকা দিনৰে ফটো এয়া। শেহতীয়াকৈ মেছিয়ে কেমেৰুণ ভ্ৰমণ কৰা নাই।

শেষত, আমি ফে’চবুক পেজ Ghetto Youths TV ৰ প্ৰ’ফাইল স্কেন কৰিছিলোঁ। এই পেজটো ২২০০০ লোকে ফলো কৰে। ইফালে এই ভাইৰেল পোষ্টটো ৩৬০০ লোকে শ্বেয়াৰ কৰিছে। পেজটো ২০১৭ চনৰ ২৮ জানুৱাৰীত সৃষ্টি কৰা হৈছিল।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি মেছিয়ে শেহতীয়াকৈ কেমেৰুণলৈ যোৱা নাই। মেছিয়ে ২০১৫ চনত গেবন ভ্ৰমণ কৰা সময়ত তোলা ফটো কেমেৰুণৰ বুলি ভাইৰেল হৈছে। ভাইৰেল পোষ্টটো ভুৱা।

  • Claim Review : “Welcome Messi To Cameron Samuel Eto'o promise Cameroonian that if he wins the election he will invite Messi to Cameroon. Messi just landed at the Bafut international airport.”
  • Claimed By : Ghetto Youth TV
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later