X
X

Fact Check: গুজৰাটৰ চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা ধৰ্মীয় নিৰ্মাণকাৰ্যত চলা উচ্ছেদৰ এখন ফটো উত্তৰ প্ৰদেশৰ বুলি ভাইৰেল

বিশ্বাস নিউজৰ অনুসন্ধান লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী ভুৱা। দৰাচলতে, এই ছবিখন ২০১৪ চনত গুজৰাটৰহে, উত্তৰ প্ৰদেশৰ নহয়।

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোত দেখা গৈছে যে এখন ক্ৰেনে মছজিদসদৃশ এটা অট্টালিকা ভাঙি গৈছে। পোষ্টটো উত্তৰ প্ৰদেশৰ বুলি দাবী কৰা হৈছে, য’ত মছজিদটো ভাঙি পেলোৱা হৈছে। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি এই দাবীটো মিছা। দৰাচলতে, এই ছবিখন ২০১৪ চনত গুজৰাটত হোৱা এক উচ্ছেদ অভিযানৰেহে।

কি আছে ভাইৰেল পোষ্টত?

ভাইৰেল ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীজনে লিখিছে “#हांतोअबलिखोनाइसपिक #उत्तरप्रदेश💪”

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

আমি অনুসন্ধান আৰম্ভ কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজৰ সহায় লৈছিলো। আমি এই ফটোখন ২০১৪ চনত DeshGujarat  নামৰ এটা ফেচবুক পৃষ্ঠাত আপলোড কৰা দেখিছিলো। দেশ গুজৰাট হৈছে এটা News ৱেবছাইট।

ছবিখনৰ সৈতে এটা বাতৰি সংযোজিত আছিল। ৬ আগষ্ট, ২০১৪ ত দাখিল কৰা এক প্ৰতিবেদন অনুসৰি, “আহমেদাবাদ পৌৰ নিগমে কোনো বৃহৎ প্ৰতিবাদ অবিহনে এক ধৰ্মীয় নিৰ্মাণৰ লগতে অন্যান্য অবৈধ নিৰ্মাণ সমূহ সুচাৰুৰূপে উচ্ছেদ কৰিছিল। “

আমি এই সন্দৰ্ভত দৈনিক জাগৰণৰ আহমেদাবাদ সংবাদদাতা শত্ৰুঘ্ন কুমাৰৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ নিশ্চিত কৰিছিল যে ছবিখন ২০১৪ চনত আহমেদাবাদৰ।

দৈনিক জাগৰণৰ লক্ষ্ণৌ সংবাদদাতা অজয় শ্ৰীবাস্তৱেও নিশ্চিত কৰিছিল যে ছবিখন উত্তৰ প্ৰদেশৰ নহয়।

ভাইৰেল পোষ্টটো ৰবি হিন্দু নামৰ এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল। ব্যৱহাৰকাৰীজন লক্ষ্ণৌৰ লোক আৰু ফে’চবুকত তেওঁৰ ১১,৯৬৯ জন অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধান লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবী ভুৱা। দৰাচলতে, এই ছবিখন ২০১৪ চনত গুজৰাটৰহে, উত্তৰ প্ৰদেশৰ নহয়।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later