Fact Check: অমিত শ্বাহে ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰা হ’ব বুলি ভুৱা দাবীৰে বিবৃতি ভাইৰেল
বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই পোষ্টটো ভুৱা। অমিত শ্বাহে ২০২৫ চনৰ ভিতৰত ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ এনে কোনো মন্তব্য দিয়া নাই।
- By: Pallavi Mishra
- Published: Nov 2, 2021 at 11:46 AM
নতুন দিল্লী (বিশ্বাস নিউজ)। শেহতীয়াকৈ এটা পোষ্ট ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ আছে, ব্ৰেকিং প্লেটৰ লেখীয়া এটা টিভি চেনেলৰ স্ক্ৰীণশ্বট এই পোষ্টৰ সৈতে ভাইৰেল হৈ পৰিছে। ইয়াৰ এফালে অমিত শ্বাহৰ ফটো আৰু আনফালে এখন পত্ৰ আছে, ইয়াত এইদৰে কোৱা হৈছে যে “২০২৫ চনৰ ভিতৰত ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হ’ব।” পোষ্টটোত কোৱা হৈছিল যে বিবৃতিটো অমিত শ্বাহে দিছিল। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে।
কি এই ভাইৰেল পোষ্ট?
এই পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এই পোষ্টটোৰ সৈতে দাবী কৰা হৈছে, “সনাতন ধৰ্মৰ সৈতে জড়িত সকলোকে অভিনন্দন। আমাৰ মোটা ভাইয়ে কৈ দিছে যে এতিয়া প্ৰস্তুতি জোৰদাৰ হ’ব লাগে, যিয়ে ২০২৫ চনৰ আগতে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। “
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ সত্যতা জানিবলৈ কী-ৱৰ্ড অনুসন্ধানৰ আশ্ৰয় লৈছিল। আমি এই সন্দৰ্ভত কোনো প্ৰামাণিক মিডিয়া হাউচৰ দ্বাৰা প্ৰকাশিত কোনো বাতৰি এই অনুসন্ধানত নাপালো, য’ত কোৱা হৈছে যে অমিত শ্বাহে ২০২৫ চনৰ ভিতৰত ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব বুলি এটা বিবৃতি দিছে।
যেতিয়া আমি ভাইৰেল স্ক্ৰীণশ্বটৰ বাবে গুগল ৰিভাৰ্চ ইমেজ অনুসন্ধান কৰিছিলো, আমি থাম্বনেইলৰ সৈতে এটা ইউটিউব ভিডিঅ’ পাইছিলো। ভিডিঅ’টোৱে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বিষয়ে জনমত দেখুৱাইছে। ভিডিঅ’টোত ক’তো কোৱা নাছিল যে অমিত শ্বাহে তেনে কোনো মন্তব্য দিছে।
তদন্তটো আগুৱাই লৈ বিশ্বাস নিউজে বিজেপিৰ মুখপাত্ৰ প্ৰেম শুক্লাৰ সৈতে যোগাযোগ কৰে। তেওঁ কয় যে এই পোষ্টটো ভুৱা আৰু অমিত শ্বাহে তেনে কোনো মন্তব্য দিয়া নাই।
অনুসন্ধানৰ শেষত, বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট কৰা ইউজাৰ বিনিত শুক্লাৰ ছ’চিয়েল স্কেন কৰে। ইয়াতেই আমি জানিব পাৰো যে ব্যৱহাৰকাৰীজনৰ ফেচবুকত ৪৩২৫ জন বন্ধু আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই পোষ্টটো ভুৱা। অমিত শ্বাহে ২০২৫ চনৰ ভিতৰত ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ এনে কোনো মন্তব্য দিয়া নাই।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.