X
X

Fact Check : প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং টুইটাৰত নাই, ভাইৰেল টুইট ভুৱা

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত ভাইৰেল হোৱা এটা টুইট বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। তেওঁৰ কোনো টুইটাৰ হেণ্ডেল নাই।

নতুন দিল্লী (বিশ্বাস নিউজ) প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত এটা ভুৱা টুইট ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। ব্যৱহাৰকাৰীসকলে ইয়াক সঁচা বুলি নিজ নিজ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা দেখা গৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন  সিঙে কংগ্ৰেছক আক্ৰমণ কৰিছে আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰি টুইট কৰিছে। বিশ্বাস নিউজে ভাইৰেল টুইটটোৰ তদন্ত কৰিছিল আৰু ইয়াক ভুৱা বুলি প্ৰমাণিত কৰিছিল। উল্লেখ্য যে মনমোহন সিঙৰ কোনো টুইটাৰ হেণ্ডেল নাই। এইটো এটা ভুৱা পোষ্ট।

কি ভাইৰেল হৈ আছে

ফেচবুক ব্যৱহাৰকাৰী নৰেন্দ্ৰ গুপ্তাই ২৭ ছেপ্টেম্বৰত তেওঁৰ একাউণ্টত এটা টুইটৰ স্ক্ৰীণ শ্বট শ্বেয়াৰ কৰিছিল। স্ক্ৰীণশ্বটত মনমোহন সিঙৰ ছবি আছে। ইয়াত এইদৰেও কোৱা হৈছে: “মইয়ো ভালেমান ডাঙৰ সিদ্ধান্ত লৈছিলো, কিন্তু কংগ্ৰেছে মোক কেতিয়াও নিজৰ ইচ্ছা অনুসৰি একো কৰিবলৈ দিয়া নাছিল, নৰেন্দ্ৰ মোডীয়ে নিজেই সিদ্ধান্ত লয়, সেয়েহে দেশখনে উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে।”

ফেচবুক পোষ্টটোৰ সমল ইয়াত হুবহু অনুদিত ৰূপটো তুলি দিয়া হৈছে। আন ইউজাৰ সকলেও ইয়াক সঁচা বুলি ভাইৰেল কৰি তুলিছে। পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল টুইটত দেখা @manmohan_5 হেণ্ডেলটো বিচাৰিবলৈ আৰম্ভ কৰিছিল, যাতে মনমোহন সিঙৰ নামত ভাইৰেল পোষ্টটোৰ সত্যতা বিচাৰি উলিয়াব পাৰি। আমি টুইটাৰত এই নামৰ কোনো হেণ্ডেল দেখা নাছিলো। ইয়াতেই এইটো স্পষ্ট হৈ পৰিছিল যে এইটো এটা ভুৱা স্ক্ৰীণশ্বট আছিল। টুইটটো সম্পাদনা সঁজুলিৰ সহায়ত সৃষ্টি কৰা হৈছে। দ্বিতীয়তে, যদি এইটো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ প্ৰকৃত হেণ্ডেল হ’লহেঁতেন, তেন্তে তেওঁৰ একাউণ্টটো ভেৰিফাইড হ’লহেঁতেন।

তদন্তটো আবঢ়াই নি বিশ্বাস নিউজে কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া দলৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী ড০ বিপিন যাদৱৰ সৈতে যোগাযোগ কৰে। ভাইৰেল পোষ্টটোলৈ তেওঁৰ হোৱাটছএপত প্ৰেৰণ কৰা হয়। ইয়াৰ পিছতে তেওঁ আমাক জনায় যে এই পোষ্টটো সম্পূৰ্ণৰূপে ভুৱা। প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ কোনো সামাজিক মাধ্যমৰ একাউণ্ট নাই।

ইয়াৰ পূৰ্বেও কেবাবাৰো ছচিয়েল মিডিয়াত মনমোহন সিঙৰ নামত ভুৱা পোষ্ট ভাইৰেল হৈছিল। সেইবোৰো বিশ্বাস নিউজে সময়ে সময়ে পৰীক্ষা কৰি আহিছে। আপুনি ইয়াত ক্লিক কৰি সেয়া পঢ়িব পাৰে।

তদন্তৰ শেষত, আমি জানিবলৈ বিচাৰিছিলো যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভুৱা টুইটটো ভাইৰেল কৰা ইউজাৰগৰাকী কোন। আমি ফেচবুক ইউজাৰ নৰেন্দ্ৰ গুপ্তাৰ ছ’চিয়েল স্কেনিংৰ পৰা গম পাইছিলো যে ব্যৱহাৰকাৰীজন মুম্বাই নিবাসী। তেওঁৰ ১৬০০ তকৈও অধিক বন্ধু আছে।

নিষ্কৰ্ষঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত ভাইৰেল হোৱা এটা টুইট বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। তেওঁৰ কোনো টুইটাৰ হেণ্ডেল নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later