X
X

Fact Check: এক সমীক্ষাত অংশগ্ৰহণ কৰিলেই মাৰুতী ছুজুকীয়ে বিনামূলীয়া বাহন দিব বুলি ভাইৰেল পোষ্ট ভুৱা

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। মাৰুতী ছুজুকীয়ে ভাইৰেল পোষ্টত দাবী কৰাৰ দৰে কোনো প্ৰস্তাৱ দিয়া নাই। কোনো সন্দেহজনক লিংক কেতিয়াও ক্লিক অথবা শ্বেয়াৰ কৰিব নালাগে। এইটো ব্যক্তিগত তথ্য চুৰি কৰাৰ প্ৰয়াসো হ’ব পাৰে।

বিশ্বাস নিউজ (নতুন দিল্লী) ।  ফেচবুকত শেহতীয়াকৈ ভাইৰেল হৈ থকা এটা পোষ্টত এখন গ্ৰাফিক্স ছবি দেখুওৱা হৈছে, য’ত কোৱা হৈছে যে মাৰুতী ছুজুকি কোম্পানীয়ে ইয়াৰ ৪০ তম বাৰ্ষিকী উপলক্ষে মাৰুতী বালেনো চিগমা এমটি গাড়ী উপহাৰ হিচাপে আগবঢ়াইছে। ইয়াত কোৱা হৈছে যে এগৰাকী লোকে তেওঁৰ বন্ধুবৰ্গৰ সৈতে লিংক শ্বেয়াৰ কৰি আৰু হোৱাটছএপত কিছুমান প্ৰশ্নৰ উত্তৰ দি তেওঁৰ পুৰস্কাৰটো দাবী কৰিব পাৰিব। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। কোনো সন্দেহজনক লিংক কেতিয়াও ক্লিক অথবা শ্বেয়াৰ কৰিব নালাগে। এইটো আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰাৰ এটা প্ৰয়াসো হ’ব পাৰে।

কি এই ভাইৰেল পোষ্ট

জুন এইড নামৰ এজন ফে’চবুক ব্যৱহাৰকাৰীয়ে তেওঁৰ প্ৰ’ফাইলত শ্বেয়াৰ কৰা এটা পোষ্টত এখন গ্ৰাফিক্স ছবি দেখুওৱা হৈছে, য’ত কোৱা হৈছে যে মাৰুতী ছুজুকীয়ে ইয়াৰ ৪০ তম বাৰ্ষিকী উপলক্ষে এখন মাৰুতী বালেনো চিগমা এমটি উপহাৰ চিহাপে আগবঢ়াইছে। ইয়াত লগতে উল্লেখ কৰা হৈছে যে এগৰাকী লোকে তেওঁৰ বন্ধুবৰ্গৰ সৈতে লিংক শ্বেয়াৰ কৰি আৰু হোৱাটছএপত কিছুমান প্ৰশ্নৰ উত্তৰ দি তেওঁৰ পুৰস্কাৰটো দাবী কৰিব পাৰিব।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে মাৰুতিৰ অফিচিয়েল ৱেবছাইটত আৰু তেওঁলোকৰ ছচিয়েল মিডিয়া হেণ্ডেলত ভাইৰেল পোষ্টত উল্লেখ কৰা প্ৰস্তাৱটো বিচাৰি ইয়াৰ অনুসন্ধান আৰম্ভ কৰিছিল। আমি প্ৰস্তাৱটোৰ বিষয়ে কোনো প্ৰতিবেদন পোৱা নাছিলোঁ।

আমি উল্লেখিত লিংকত ক্লিক কৰি ভাইৰেল দাবীটো পৰীক্ষা কৰিছিলো। আমাক কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ আৰু পেটিএম নম্বৰ, ফোন নম্বৰ আদিকে ধৰি আমাৰ ব্যক্তিগত বিৱৰণ উল্লেখ কৰিবলৈ কোৱা হৈছিল।

আমাৰ অনুসন্ধান কালতে আমি মাৰুতী ছুজুকীৰ মুখপাত্ৰৰ সৈতেও যোগাযোগ কৰিছিলোঁ আৰু তেওঁ কৈছিল: “এইটো এটা ভুৱা পোষ্ট। মাৰুতী ছুজুকীয়ে পোষ্টটোত দাবী কৰাৰ দৰে এনে কোনো প্ৰস্তাৱ দিয়া নাই। ব্যৱহাৰকাৰীসকলে ইয়াক যেন বিশ্বাস নকৰে আৰু ভাইৰেল লিংকত যেন ক্লিক নকৰে। যিকোনো অফিচিয়েল তথ্যৰ বাবে অফিচিয়েল ৱেবছাইট চাব পাৰিব।”

শেষত, এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী জুন এইডৰ প্ৰ’ফাইল স্কেন কৰিছিলো। আমি লাভ কৰা তথ্য অনুসৰি ব্যক্তিগৰাকী বান্দিপোৰাৰ বাসিন্দা।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। মাৰুতী ছুজুকীয়ে ভাইৰেল পোষ্টত দাবী কৰাৰ দৰে কোনো প্ৰস্তাৱ দিয়া নাই। কোনো সন্দেহজনক লিংক কেতিয়াও ক্লিক অথবা শ্বেয়াৰ কৰিব নালাগে। এইটো ব্যক্তিগত তথ্য চুৰি কৰাৰ প্ৰয়াসো হ’ব পাৰে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later