X
X

Fact Check: জাভেদ আখতাৰৰ নাতিনী নহয় উৰ্ফী জাভেদ, ভাইৰেল পোষ্ট ভুৱা

বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। শ্বাবানা আজমীয়ে টুইটযোগে এই কথা নিশ্চিত কৰিছে যে উৰ্ফী জাভেদৰ সৈতে জাভেদ আখতাৰৰ কোনো সম্পৰ্ক নাই।

নতুন দিল্লী (বিশ্বাস নিউজ): ফে’চবুকত শেহতীয়াকৈ ভাইৰেল হৈ থকা এটা পোষ্টত দাবী কৰা হৈছে যে বিগ বছ OTT ত্যাগ কৰা প্ৰথমগৰাকী প্ৰতিযোগী উৰ্ফি জাভেদ প্ৰকৃততে গীতিকাৰ তথা চিত্ৰনাট্যকাৰ জাভেদ আখটাৰৰ নাতিনী। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল পোষ্টটো ভুৱা। শ্বাবানা আজমীয়ে শেহতীয়াকৈ টুইট কৰি নিশ্চিত কৰিছে যে গীতিকাৰ জাভেদ আখটাৰৰ সৈতে উৰ্ফি জাভেদৰ কোনো সম্পৰ্ক নাই।

কি এই ভাইৰেল পোষ্ট?

ৰাণা জীতেশ হিন্দু নামৰ এগৰাকী ছ’চিয়েল মিডিয়া ইউজাৰে ফে’চবুকত উৰ্ফী জাভেদৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে “এইগৰাকী #উৰ্ফীজাভেদ, #জাভেদআখতাৰৰ নাতিনী। #মুম্বাই বিমানবন্দৰত তেওঁক কি সাজ পৰিধান কৰি থকা দেখা গৈছে চাওক। জাভেদ আখতাৰে #শ্বৰিয়ত আৰু ভয়ৰ কথা কয় আৰু সকলোকে জ্ঞান বিলাই ফুৰে। বাকী  উৰ্ফীয়ে সম্পূৰ্ণ #পাকিস্তান দেখুৱাই ফুৰিছে, #শ্বৰিয়তক প্ৰত্যাহ্বান দি আহিছে 🤭🙄🙄 #তালিবানপ্ৰেমী, #এইগৰাকীয়ে শ্বৰিয়ত আইন অনুসৰি শাস্তি পাব লাগে #পোষ্টটোৰ বাবে ক্ষমা বিচাৰিছোঁ🙏🙏”

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে সৰ্বপ্ৰথমে কী-ৱৰ্ডৰ জৰিয়তে এই বিষয়টো বিচাৰিবলৈ আৰমভ কৰিলে। ইয়াতেই অভিনেত্ৰী তথা জাভেদ আখতাৰৰ পত্নী শ্বাবানা আজমীৰ এটা টুইট দেখিবলৈ পাও, য’ত তেওঁ লিখিছে, “উৰ্ফী জাভেদ আমাৰ সৈতে কোনোধৰণে সম্পৰ্কিত নহয়।”

শ্বাবানা আজমীৰ এই টুইটটোৰ ভিত্তিত এটা বাতৰি আমি www.jagran.com/ তো দেখিবলৈ পাও।

ইয়াৰ পিছত আমি উৰ্ফী জাভেদ সন্দৰ্ভত কী-ৱৰ্ড ছাৰ্ছৰ জৰিয়তে বিচাৰিবলৈ লওঁ। theancestory.com অনুসৰি, তেওঁ এগৰাকী লক্ষ্ণৌ নিবাসী টেলিভিছন অভিনেত্ৰী।

বিশ্বাস নিউজে এই সন্দৰ্ভত উৰ্ফী জাভেদৰ সৈতেও যোগাযোগ কৰিছিল। আমাৰ সৈতে ফোনযোগে কথা পাতি তেওঁ কয়, “মই জাভেদ আখটাৰৰ নাতিনী নহয়। তেওঁলোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। “

https://twitter.com/AzmiShabana/status/1435197137076166660?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1435197137076166660%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.vishvasnews.com%2Fviral%2Ffact check urfi javed is not javed akhtars granddaughter the viral post is fake%2F

আমি শেষত এই ভাইৰেল পোষ্ট শ্বেয়াৰ ফে’চবুক ইউজাৰ ৰাণা জীতেশ হিন্দুৰ প্ৰ’ফাইলটো স্কেন কৰোঁ। আমি লাভ কৰা তথ্য অনুসৰি এই ব্যক্তিগৰাকী পাটনাৰ বাসিন্দা আৰু তেওঁৰ ৭১৮ গৰাকী ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। শ্বাবানা আজমীয়ে টুইটযোগে এই কথা নিশ্চিত কৰিছে যে উৰ্ফী জাভেদৰ সৈতে জাভেদ আখতাৰৰ কোনো সম্পৰ্ক নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later