Fact Check: অসমৰ নাও দুৰ্ঘটনাৰ ছবি বুলি বাংলাদেশৰ নাও দুৰ্ঘটনাৰ ফটো ভাইৰেল
বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য ভাইৰেল ফটোখন অসমৰ নাও দুৰ্ঘটনাৰ সৈতে জড়িত, এয়া বাংলাদেশত ২০২০ চনত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰহে ফটো। গতিকে এই ভাইৰেল ফটো ভুৱা।
- By: Abhishek Parashar
- Published: Sep 14, 2021 at 10:17 PM
গুৱাহাটী (বিশ্বাস নিউজ): ৮ ছেপ্তেম্বৰত অসমৰ নিমাতিঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ বিভিন্ন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ইয়াৰ মাজতে আন এখন শিহৰণকাৰী ফটো এই ঘটনাৰ বুলি ভাইৰেল কৰা হৈছে। ফটোত দেখা গৈছে শাৰী শাৰী মৃতদেহ। ফটোখনৰ সৈতে কেপশ্যনত লিখা হৈছে – “মানুহতকৈ গৰুৰ মূল্য য’ত বেচি সেইখনেই মোৰ দেশ।” পিছে বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি এই ফটোখন অসমৰ নাও দুৰ্ঘটনাৰ সৈতে কোনো সংগতি নাই। এয়া ২০২০ চনত বাংলাদেশত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰহে দৃশ্য। গতিকে অসমৰ নামত ভাইৰেল হোৱা এই পোষ্টটো ভুৱা।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক ব্যৱহাৰকাৰী নন্দন দেৱ নাথে এই ভাইৰেল ফটোখন শ্বেয়াৰ কৰি লিখিছে – “মানুহতকৈ গৰুৰ মূল্য য’ত বেচি সেইখনেই মোৰ দেশ।” ফটোখনত দেখা গৈছে এটা নদীৰ পাৰত একাংশ নৌবাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঠিয় হৈ আছে আৰু তেওঁলোকৰ সমূখত বগা কাপোৰেৰে ঢাকি থোৱা অৱস্থাত বহু সংখ্যক মৃতদেহ শাৰী পাতি ৰাখি থোৱা হৈছে।
অনুসন্ধান
বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই প্ৰথমে এই ভাইৰেল ফটোখন গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ টুলত ৰাখিছিল। ইয়াতেই আমি এই ফটোখন উল্লেখ থকা ভালেমান বাতৰিৰ প্ৰতিবেদন দেখিবলৈ পাও। NDTV ৰ এক প্ৰতিবেদন অনুসৰি এই ঘটনা বাংলাদেশৰ ৰাজধানী ঢাকাৰ। ২৯ জুন ২০২০ তাৰিখে দুখন নাওৰ মাজত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ পিছৰ ফটো আছিল এই ভাইৰেল ফটো। এই ঘটনাৰ বিষয়ে ইয়াত পঢ়িব পাৰিব।
ঘটনা অনুসৰি এই দুৰ্ভাগ্যজনক ঘটনাৰ সময়ত নাওখনে প্ৰায় ৯০ গৰাকী যাত্ৰী লৈ গৈ আছিল। ইয়াৰ ভিতৰত তিনিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু বাকী ৮৭ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে।
বিশ্বাস নিউজে এই ভাইৰেল ফটো সন্দৰ্ভত অসমৰ নাও দুৰ্ঘটনা সংঘটিত হোৱা মাজুলীৰ সাংবাদিক দিগন্ত বৈৰাগীৰ সৈতে যোগাযোগ কৰিছিল আৰু এই ফটো শ্বেয়াৰ কৰিছিল। তেওঁ আমাক কৈছিল যে এয়া সম্পূৰ্ণ ভুৱা। অসমৰ নাও দুৰ্ঘটনাত মাত্ৰ দুগৰাকী লোকৰহে মৃতদেহ উদ্ধাৰ হৈছে, ফটোত দেখাৰ দৰে শাৰী শাৰী মৃতদেহ উদ্ধাৰ হোৱা নাই। এয়া অসমৰ নহয়, বাংলাদেশৰ নাও দুৰ্ঘটনাৰহে ফটো।
ইফালে যেতিয়া আমি ফেচবুকত অসমৰ নাও দুৰ্ঘটনাৰ ফটো বুলি বাংলাদেশৰ ফটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী নন্দন দেৱ নাথৰ ফেচবুক প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে ব্যৱহাৰকাৰীজন বঙাইগাওঁৰ লোক। বাতৰি লিখাৰ সময়লৈ এই ব্যৱহাৰকাৰীগৰাকীক ৪১২৮ গৰাকী লোকে অনুসৰণ কৰি আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য ভাইৰেল ফটোখন অসমৰ নাও দুৰ্ঘটনাৰ সৈতে জড়িত, এয়া বাংলাদেশত ২০২০ চনত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰহে ফটো। গতিকে এই ভাইৰেল ফটো ভুৱা।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.