Fact Check : প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভুৱা একাউণ্টৰ টুইট পুনৰ ভাইৰেল
বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত ভাইৰেল হোৱা টুইটটো ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কোনো সামাজিক মাধ্যমত নাই।
- By: Ashish Maharishi
- Published: Aug 27, 2021 at 12:51 AM
বিশ্বাস নিউজ (নতুন দিল্লী)। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত এটা ভুৱা টুইট শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল পৰিছে। ইয়াক ভাইৰেল কৰি দাবী কৰা হৈছে যে মনমোহন সিঙে দেশৰ প্ৰধানমন্ত্ৰীক সমালোচনা কৰি লিখিছিল – বিএছএনএল, ৰে’ল ষ্টেচন আৰু বিমানবন্দৰ চলাব নোৱাৰা ব্যক্তিজনে আন কি চলাব।
বিশ্বাস নিউজ ভাইৰেল এই ভাইৰেল পোষ্টটো পৰীক্ষা কৰিছিল আৰু দেখিছিল যে মনমোহন সিঙৰ নামত এটা ভুৱা একাউণ্টৰ টুইটক কিছুমানে সঁচা বুলি গণ্য কৰি পুনৰ ভাইৰেল হোৱাত উদগনি যোগাই আছে। উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰীজন কোনো সামাজিক মাধ্যমত নাই। ইয়াৰ পূৰ্বেও প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভুৱা টুইট ভাইৰেল হৈ পৰিছিল। যিটো বিশ্বাস নিউজে ইতিমধ্যেই অনুসন্ধান কৰিছিল।
কি এই ভাইৰেল পোষ্ট?
ফেচবুক ইউজাৰ মানসী ছোনীয়ে ১৭ আগষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এটা ভুৱা টুইট পোষ্ট কৰিছিল আৰু লিখিছিল যে যিগৰাকী ব্যক্তিয়ে পত্নীকেই চলাব নোৱাৰিলে তেওঁ কি দেশ চলাব!
টুইটটোৰ বিষয়বস্তু সাইলাখ একেই ৰাখি ইয়াত লিখা হৈছে। ফেচবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণটো ইয়াত পঢ়ক।
অনুসন্ধান
ভাইৰেল পোষ্টটোৰ সত্যতা জানিবৰ বাবে সৰ্বপ্ৰথমে আমি @Dr_manmohan_1 নামৰ টুইটাৰ হেণ্ডেলটো বিচাৰিবলৈ আৰম্ভ কৰিলো। আমি এই নামটোত এটা টুইটাৰ হেণ্ডেল (https://twitter.com/Dr_manmohan_1) দেখিবলৈ পাইছিলোঁ। জুন ২০২১-ত সৃষ্টি কৰা এই একাউণ্টটোত ৪২,০০০ ৰো অধিক লোক আছে। এইটো এটা পেৰোডী একাউণ্ট। সেয়া আপুনি ইয়াত চাব পাৰে। আমি জানিব পাৰিছিলো যে ব্যৱহাৰকাৰীসকলে এই একাউণ্টৰ পৰা টুইটটো মনমোহন সিঙৰ বুলি ভাইৰেল কৰি তুলিছে। ইয়াত আমি বহুতো টুইট পাইছিলো য’ত এক অতি সাধাৰণ ভাষা ব্যৱহাৰ কৰা হৈছিল।
বিশ্বাস নিউজ ভাইৰেল পোষ্টটোক লৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক (মিডিয়া) প্ৰণৱ ঝাৰ সৈতে কথা পাতিছিল। ভাইৰেল পোষ্টটো সন্দৰ্ভত তেওঁক অৱগত কৰাও হৈছিল। তেওঁ আমাক জনাইছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং সামাজিক মাধ্যমত নাই।
অনুসন্ধানৰ অন্তিমটো স্তৰত, বিশ্বাস নিউজে ফেচবুক ইউজাৰ মানসী ছোনিৰ প্ৰ’ফাইল পৰীক্ষা কৰিছিল। আমি গম পাইছিলো যে এই ব্যৱহাৰকাৰীজনৰ ৪৯,০০০ ৰো অধিক বন্ধু আছে। এই ইউজাৰগৰাকী আহমেদাবাদৰ লোক। এই একাউণ্টটো ছেপ্টেম্বৰ ২০১৭ ত সৃষ্টি কৰা হৈছিল। তেওঁ এটা ৰাজনৈতিক দলৰ সৈতেও জড়িত।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত ভাইৰেল হোৱা টুইটটো ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কোনো সামাজিক মাধ্যমত নাই।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.