X
X

Quick Fact Check: এই ছবিখনত দেখা মহিলাগৰাকী হৈছে ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষা সুধা মূৰ্তি, পাৰ্লে জী গাৰ্ল নহয়

আমাৰ অনুসন্ধানত, আমি দেখিছিলো যে এই দাবীটো সম্পূৰ্ণভুল আছিল। ভাইৰেল ছবিখনত দেখা মহিলাগৰাকী হৈছে ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ সুধা মূৰ্তি, পাৰ্লে জি গাৰ্ল নহয়। পাৰ্লে জি প্ৰডাক্টছৰ গ্ৰুপ প্ৰডাক্ট মেনেজাৰ মায়াংক শ্বাহে কয়, “পাৰ্লে জীৰ বেটুপাতত থকা শিশুটো কেৱল 60 ৰ দশকত এভাৰেষ্ট ক্ৰিয়েটিভৰ দ্বাৰা নিৰ্মিত এক চিত্ৰ। এয়া কাৰো ছবি নহয়।”

নতুন দিল্লী (বিশ্বাস নিউজ)। ছচিয়েল মিডিয়াত আকৌ এবাৰ এখন ছবি ভাইৰেল হৈ পৰিছে য’ত এগৰাকী মহিলাৰ সৈতে পাৰ্লে জী বিস্কুটৰ পেকেট দেখা গৈছে। পোষ্টটোত দাবী কৰা হৈছে যে ছবিখনত থকা মহিলাগৰাকী পাৰ্লে জীৰ বেটুপাতত থকা ছোৱালীজনী। আমি এই দাবীটো ইয়াৰ পূৰ্বেও পৰীক্ষা কৰিছিলো। সেই সময়ত, আমাৰ অনুসন্ধানত, আমি দেখিছিলো যে এই দাবীটো ভুল আছিল। ছবিখনত থকা সুধা মূৰ্তি হৈছে ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষা আৰু পাৰ্লে জীৰ কভাৰ গাৰ্লৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

কি এই ভাইৰেল পোষ্ট?

ভাইৰেল ছবিখনত এগৰাকী মহিলাৰ সৈতে পাৰ্লে জি বিস্কুটৰ পেকেট এটা দেখা যায়। পোষ্টটোত দাবী কৰা হৈছে যে ছবিখনত থকা মহিলাগৰাকী পাৰ্লে জি গাৰ্ল। ফটোখন ইয়াৰ সৈতে লিখা হৈছে – “This Parle Ji picture was clicked when she was 3 months old, dont pass without a share।”

পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব।

অনুসন্ধান

আমি ২০১৯ চনতো এই দাবীটো পৰীক্ষা কৰিছিলো। সেই সময়তো, যেতিয়া আমি গুগল ৰিভাৰ্চ ইমেজত এই ছবিখন বিচাৰিছিলো, আমাৰ ওচৰত ভাইৰেল ছবিখনত থকা মহিলাগৰাকীৰ বহুতো ফটো আছিল। ছবিবোৰ আছিল ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ সুধা মূৰ্তিৰ।

অধিক সত্যতা নিশ্চিতিৰ বাবে, আমি পাৰ্লে জি প্ৰডাক্টছৰ গ্ৰুপ প্ৰডাক্ট মেনেজাৰ মায়াংক শ্বাহৰ সৈতে কথা পাতিছিলো, যিয়ে এই সকলোবোৰ কাহিনী অস্বীকাৰ কৰি কৈছিল – “পাৰ্লে জীৰ বেটুপাতত থকা শিশুটো কেৱল এটা চিত্ৰণ, যিটো ৬০ ৰ দশকতে এভাৰেষ্ট ক্ৰিয়েটিভৰ দ্বাৰা সৃষ্টি কৰা হৈছিল। এয়া কাৰো ছবি নহয়।”

এই সন্দৰ্ভত, আমি পাৰ্লেজীৰ ৱিকিপিডিয়া পৃষ্ঠাটো স্কেন কৰিছিলো, য’ত স্পষ্টকৈ কোৱা হৈছে যে এই ছবিখন এভাৰেষ্ট ক্ৰিয়েটিভৰ দ্বাৰা নিৰ্মিত এক সৃষ্টিশীল চিত্ৰণ।

ফটোখন the.earth.fact নামৰ এটা ইনষ্টাগ্ৰাম পৃষ্ঠাৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছিল। এই পৃষ্ঠাটোৰ মুঠ ৯৬৩৯ গৰাকী অনুসৰণকাৰী আছে।

সম্পূৰ্ণ অনুসন্ধান য়াত পঢ়ক।

নিষ্কৰ্ষঃ আমাৰ অনুসন্ধানত, আমি দেখিছিলো যে এই দাবীটো সম্পূৰ্ণভুল আছিল। ভাইৰেল ছবিখনত দেখা মহিলাগৰাকী হৈছে ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ সুধা মূৰ্তি, পাৰ্লে জি গাৰ্ল নহয়। পাৰ্লে জি প্ৰডাক্টছৰ গ্ৰুপ প্ৰডাক্ট মেনেজাৰ মায়াংক শ্বাহে কয়, “পাৰ্লে জীৰ বেটুপাতত থকা শিশুটো কেৱল 60 ৰ দশকত এভাৰেষ্ট ক্ৰিয়েটিভৰ দ্বাৰা নিৰ্মিত এক চিত্ৰ। এয়া কাৰো ছবি নহয়।”

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later