X
X

Fact Check: কাৰাগাৰত বন্দী ম্যানমাৰৰ নেতা আং চান ছ্যু কীৰ ভাইৰেল ফটো ভুৱা

বিশ্বাস নিউজৰ দলে ইয়াৰ তথ্য পৰীক্ষাত জানিব পাৰে যে ছ’চিয়েল মিডিয়াত কাৰাগাৰত বন্দী হৈ থকা আং ছান ছ্যু কীৰ ছবিখন ভাইৰেল কৰা হৈছে। মূল ছবিখনত আন এগৰাকী মহিলা আছে। গতিকে ছ’চিয়েল মিডিয়াত আং ছান ছ্যু কীৰ কাৰাগাৰত ভাইৰেল পোষ্টটো ভুৱা।

নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে এখন ফটো শ্বেয়াৰ কৰি থকা হৈছে, য’ত ম্যানমাৰৰ প্ৰাক্তন পৰামৰ্শদাতা তথা সামাজকৰ্মী আং চান ছ্যু কীক সামৰিক অভ্যুত্থানৰ পাঁচ মাহ পিছত কাৰাগাৰৰ কোষত বন্দী কৰি ৰখা দেখা গৈছে। বিশ্বাস নিউজৰ তদন্তত এই ভাইৰেল পোষ্টটোৰ  ভুৱা বুলি জানিব পৰা গৈছে।

কি এই ভাইৰেল পোষ্ট

উল্লেখ্য যে শ্বৰিফুল ইছলাম নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত কাৰাগাৰৰ কোষত আং চান ছ্যু কী বহি থকা অৱস্থাৰ এখন ফটো শ্বেয়াৰ কৰে আৰু ইয়াক ‘ক্ষমতা চিৰকাল স্থায়ী নহয়’ বুলি শিৰোনাম দিয়ে। Nayabari Naya Drishya নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়েও একেটা শিৰোনামৰ সৈতে আং চান ছ্যু কীৰ একেখন ছবি শ্বেয়াৰ কৰিছিল।

ভাইৰেল পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান
বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোত কৰা দাবীৰ তদন্ত আৰম্ভ কৰিছিল। প্ৰথমে আমি এই ফটোখন গুগল ৰিভাৰ্চ ইমেজ টুলত আপলোড কৰি অনুসন্ধান আৰম্ভ কৰিছিলোঁ। গতিইয়াৰ পিছতে আমি এখন ছবি আৰু সেই ছবিখনত এগৰাকী মহিলাৰ সৈতে বহুতো কাহিনী দেখিছিলো, যিয়ে কাৰাগাৰৰ বন্ধ কুঠৰী এটাত বন্দী অৱস্থাত বহি আছিল। কিন্তু এয়া আন এগৰাকী মহিলাৰ ছবিহে আছিল, আং চান ছ্যু কীৰ নহয়। কাহিনীটো শিৰোনামৰ সৈতে এনেদৰে শ্বেয়াৰ কৰা হৈছিল – ‘য়ৰ্ক ৰিহেবিলিটেশ্যন প্ৰতিষ্ঠানত মহিলা বন্দীসকলক কেনেকৈ তেওঁলোকে তেওঁলোকৰ অতীতত কৰা ভুলবোৰ এৰাই চলিব লাগে। প্ৰশিক্ষণ দিয়া হৈছে।’

ইয়াৰ লিংক ইয়াত চাব পাৰি।

অনুসন্ধানৰ সময়ত, আমি আন এটা কাহিনী পাইছিলো য’ত কোৱা হৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত মহিলা বন্দীৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ লিংক তলত উল্লেখ কৰা হৈছে।

দুয়োটা কাহিনীতে ভিকিমিডিয়াক ছবিখনৰ বাবে কৃতিত্ব দিয়া হৈছিল৷ আমি অলপ অনুসন্ধান কৰি ভিকিমেডিয়াত এই ছবিখন পাইছিলোঁ, যিটো ১২ জুলাই, ২০১৩ তাৰিখে পোষ্ট কৰা হৈছিল আৰু শিৰোনামটোত লিখা আছিল ‘এখন সৰু কাৰাগাৰৰ কোষত বাস কৰা এগৰাকী মহিলা বন্দী।’ কোষটোত বন্দীৰ বাবে এটা শৌচালয় আৰু এখন বিচনাও আছে। কোষটো বাকী বন্দীসকলৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে। ‘

ইয়াৰ লিংক ইয়াত উল্লেখ আছে।

আমাৰ অনুসন্ধান আগবঢ়াই আমি আং ছান ছ্যু কীৰ এখন ছবি পাইছিলো আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ভিন মিণ্টক দেখিবলৈ পাইছিলো। ছবিখন মে’ মাহত ৰাজধানী নেপিডোৰ আদালতত তেওঁৰ প্ৰথম উপস্থিতিৰ সময়ত তোলা হৈছিল। ইয়াৰ লিংক ইয়াত চাব পাৰিব। আং ছান ছ্যু কীৰ ভাইৰেল ছবি আৰু মূল ছবিখন একত্ৰিত কৰিলে স্পষ্টকৈ দেখা গৈছে যে মূল ছবিখনত আন এগৰাকী মহিলাহে আছে আৰু তেওঁ আং ছান ছ্যু কী নহয়।

এই সন্দৰ্ভত আমি প্ৰতিৰক্ষা অধ্যয়ন আৰু বিশ্লেষণ প্ৰতিষ্ঠানৰ গৱেষক আৰু বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞ সঞ্জীৱ কুমাৰ শ্ৰীবাস্তৱৰ সৈতে সবিশেষ জানিবৰ বাবে কথা পাতিছিলো। তেওঁ কয় যে ম্যানমাৰৰ অভ্যুত্থানৰ পিছত আং চান ছ্যু কীক গৃহবন্দী কৰা হৈছিল যদিও তেওঁক কাৰাগাৰলৈ নিয়া হোৱা নাছিল। এই ভাইৰেল ছবিখন ভুৱা।

আমি শ্বৰিফুল ইছলামৰ ফেচবুক প্ৰফাইল স্কেন কৰিছিলোঁ আৰু তেওঁ ক’ৰ বাসিন্দা সেই বিষয়ে কতো উল্লেখ নাই।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ দলে ইয়াৰ তথ্য পৰীক্ষাত জানিব পাৰে যে ছ’চিয়েল মিডিয়াত কাৰাগাৰত বন্দী হৈ থকা আং ছান ছ্যু কীৰ ছবিখন ভাইৰেল কৰা হৈছে। মূল ছবিখনত আন এগৰাকী মহিলা আছে। গতিকে ছ’চিয়েল মিডিয়াত আং ছান ছ্যু কীৰ কাৰাগাৰত ভাইৰেল পোষ্টটো ভুৱা।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later