X
X

Fact Check: মল্লযোদ্ধা প্ৰিয়া মালিকে কেডেট বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক জিকিছে, টকিঅ’ অলিম্পিকত নহয়

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। মল্লযোদ্ধা প্ৰিয়া মালিকে টকিঅ’ অলিম্পিকত নহয়, কেডেট বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছে।

নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে য’ত এগৰাকী মহিলা খেলুৱৈক দেখা গৈছে। মল্লযোদ্ধা প্ৰিয়া মালিকে টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জিকা বুলি এই ফটোখনৰ সৈতে দাবী কৰা হৈছে। ফটোখনত প্ৰিয়া মালিকক এগৰাকী লোকে কান্ধত উঠাই লোৱা দেখা গৈছে। বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী মিছা বুলি প্ৰমাণিত হৈছে। মল্লযোদ্ধা প্ৰিয়া মালিকে টকিঅ’ অলিম্পিকত নহয়, কেডেট বিশ্ব চেম্পিয়নশ্বিপতহে স্বৰ্ণপদক জিকিছে। ২২ জুলাই, বৃহস্পতিবাৰে বুদাপেষ্টত অনুষ্ঠিত কেডেট বিশ্ব চেম্পিয়নশ্বিপত প্ৰিয়া মালিকে ৭৩ কিলোগ্ৰাম বিশ্ব খিতাপত স্বৰ্ণপদক অৰ্জন কৰিছে। ইফালে ভাৰতে এতিয়ালৈকে টকিঅ’ অলিম্পিকত দুটা ৰূপৰ পদক আৰু তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। টকিঅ’ অলিম্পিকত ভাৰতে এতিয়ালৈকে কোনো সোণৰ পদক লাভ কৰা নাই।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ జాతి రత్నం এ ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ”Remember the name #PriyaMalik congratulations for winning gold in wrestling #Olympics #Cheer4India #Tokyo2020”

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

ইণ্টাৰনেটত প্ৰিয়া মালিক কীৱৰ্ড বিচাৰি আমি দেখিছিলো যে তেওঁ হাৰিয়ানাৰ এগৰাকী মল্লযোদ্ধা। জাগৰণ কাকতৰ এক প্ৰতিবেদন অনুসৰি, “ভাৰতীয় মল্লযোদ্ধা প্ৰিয়া মালিকে দেওবাৰে বিশ্ব কেডেট কুস্তি চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছিল। মালিকে কেনচিয়া পাটাপোভিচক ৫-০ ত পৰাস্ত কৰে আৰু ইয়াৰ ফলস্বৰূপে হাংগেৰীত অনুষ্ঠিত বিশ্ব কেডেট চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক অৰ্জন কৰে। প্ৰিয়া মালিকে মহিলাৰ ৭৩ কিলোগ্ৰাম ওজনৰ শ্ৰেণীত এই পদক জিকিছে আৰু দেশখনক আনন্দিত কৰাৰ আন এটা সুযোগ দিছে।”

প্ৰিয়া মালিকে বিশ্ব কেডেট কুস্তি চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয় কৰা খবৰ আমি আন ভালেমান নিউজ ৱেবছাইটটো দেখিবলৈ পাইছিলোঁ।

উল্লেখ্য যে কেডেট বিশ্ব চেম্পিয়নশ্বিপ এইবছৰ হাংগেৰীৰ বুডাপেষ্টত আয়োজিত হৈছিল।

অলিম্পিক ৱেবছাইটত উল্লেখ থকা পদক তালিকা মতে, ভাৰতে এতিয়ালৈকে টকিঅ’ অলিম্পিকত পাচটা পদক জিকিবলৈ সক্ষম হৈছে। ভাৰোত্তোলক মীৰাবাই চানুৰ উপৰি শ্বাটলাৰ পি ভি সিন্ধু, বক্সাৰ লাভলীনা বৰগোঁহাই, পুৰুষ হকী দল আৰু মল্লযুঁজাৰু ৰবি দাহিয়াই টকিঅ’ অলিম্পিকত পদক জিকিবলৈ সক্ষম হৈছে।


দৈনিক জাগৰণৰ বাবে ক্ৰীড়া কভাৰ কৰা প্ৰতিবেদক অভিষেক ত্ৰিপাঠীয়েও নিশ্চিত কৰে যে মল্লযোদ্ধা প্ৰিয়া মালিকে টকিঅ’ অলিম্পিকত নহয়, কেডেট বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছে।

ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী Shankar Chiyaan অন্ধ্ৰপ্ৰদেশৰ লোক।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। মল্লযোদ্ধা প্ৰিয়া মালিকে টকিঅ’ অলিম্পিকত নহয়, কেডেট বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later