Fact Check: এই ভিডিঅ’টোত, কোৰাণ পঢ়ি থকা লোকজন ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো নহয়
উপসংহাৰ: আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই দাবীটো ভুল। ভিডিঅ’টোত থকা ব্যক্তিজন ক্ৰিষ্টিয়ানো ৰোনাল্ডো নহয়, তেওঁৰ মুখমণ্ডলৰ সৈতে মিল থকা আন এগৰাকী লোকহে।
- By: Pallavi Mishra
- Published: Jul 15, 2021 at 12:02 AM
নতুন দিল্লী (বিশ্বাস নিউজ) । শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত এগৰাকী লোকক কোৰাণ পঢ়ি থকা দেখা গৈছে। পোষ্টটোত বিখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো বুলি দাবী কৰা হৈছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবীটো ভুল। ভিডিঅ’টোত থকা ব্যক্তিজন ক্ৰিষ্টিয়ানো ৰোনাল্ডো নহয়, তেওঁৰ দৰে দেখিবলৈ একেই আন এগৰাকী লোকহে।
কি এই ভাইৰেল পোষ্ট?
ভাইৰেল ভিডিঅ’টোৰ সৈতে দাবী কৰা হৈছে যে “#Ronaldo visit Masjid to reading Quran” ইয়াৰ অসমীয়া অনুবাদ হৈছে – “#ৰোণাল্ডোৱে মছজিদত কোৰাণ পঢ়ি থকা অৱস্থাত”
এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।
অনুসন্ধান
আমি এই পোষ্টটো পৰীক্ষা কৰিবলৈ ইয়াক সঠিকভাৱে চাইছিলোঁ। আমি বহুতো মন্তব্য দেখিছিলো য’ত কোৱা হৈছিল যে ভিডিঅ’টোত থকা ব্যক্তিজন ৰোনাল্ডো নহয়, তেওঁৰ দৰে একেই দেখা লোক বেভাৰ আব্দুল্লাহে। শ্বেয়াৰ কৰা ভিডিঅ’টো টিকটক লোগোৰ সৈতে দেখা গৈছে। ভিডিঅ’ প্ৰস্তুত কৰা একাউণ্টটোৰ নাম টিকটকৰ ভিডিঅ’ৰ শেষত আহিছে। এই ভিডিঅ’টোৰ শেষত বেৱাৰ আব্দুল্লাৰ নামটো দেখা গৈছে।
আমি ইণ্টাৰনেটত বেভাৰ আব্দুল্লাৰে কী-ৱৰ্ড বিচাৰিছিলো। আমি ভালেমান প্ৰতিবেদন পাইছিলোঁ য’ত বেৱাৰ আব্দুল্লাক কোৱা হৈছিল যে বেভাৰ আব্দুল্লা হ’ল বিখ্যাত ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দৰে একেই মুখাৱয়ৱৰ লোক আৰু সেইকাৰণে তেওঁ বহুত জনপ্ৰিয়। তেওঁ আমেৰিকাৰ বাৰ্মিংহামত বাস কৰে।
উল্লেখ্য যে ভাৰতত টিকটকৰ ওপৰত প্ৰতিবন্ধকতা আছে, সেয়েহে আমি আমাৰ বিদেশী সহকৰ্মীক বেৱাৰ আব্দুল্লাৰ টিকটক পৰীক্ষা কৰিবলৈ অনুৰোধ কৰিছিলো। বেভাৰ আব্দুল্লাই তেওঁৰ টিকটকত ভাইৰেল ভিডিঅ’টো আপলোড কৰিছিল। ইয়াৰ এটা স্ক্ৰীণশ্বট ইয়াত তলত দেখা যাব।
আমি লিংকডইনৰ জৰিয়তে বিবিচিৰ বাৰ্মিংহামস্থিত সাংবাদিক অড্ৰে ডায়েছৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক কয়, “ভিডিঅ’টোত থকা ব্যক্তিজন ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো নহয়, তেওঁৰ মুখমণ্ডলৰ সৈতে মিলা বেভাৰ আব্দুল্লাহে।” বেভাৰ আব্দুল্লা হ’ল এগৰাকী যথেষ্ট জনপ্ৰিয় লোক আৰু মানুহে প্ৰায়ে তেওঁক দেখি বিচলিত হয়।
আমি এই সন্দৰ্ভত ইনষ্টাগ্ৰাম মেচেঞ্জাৰৰ জৰিয়তে বেৱাৰ আব্দুল্লাৰ সৈতেও যোগাযোগ কৰিছো। তেখেতৰ উত্তৰ অহাৰ লগে লগে কাহিনীটো আপডেট কৰা হ’ব।
এই পোষ্টটো Vision of Islam নামৰ এগৰাকী ইউজাৰে ৯ জুলাই তাৰিখে শ্বেয়াৰ কৰিছিল। এই পেজটোত ১৯১০ গৰাকী ফ’ল’ৱাৰ্ছ আছে।
নিষ্কৰ্ষঃ উপসংহাৰ: আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই দাবীটো ভুল। ভিডিঅ’টোত থকা ব্যক্তিজন ক্ৰিষ্টিয়ানো ৰোনাল্ডো নহয়, তেওঁৰ মুখমণ্ডলৰ সৈতে মিল থকা আন এগৰাকী লোকহে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.