Fact Check: পৰ্যটকৰ শেহতীয়া ভিৰ বুলি মানালীৰ যোৱা বছৰৰ ছবি ভাইৰেল
উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল হৈ থকা মানালীৰ শেহতীয়া ছবিখন ২০২০ চনৰ ডিচেম্বৰৰ।
- By: Umam Noor
- Published: Jul 8, 2021 at 11:40 PM
নতুন দিল্লী (বিশ্বাস বাতৰি)। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এখন ছবি ভাইৰেল হৈ আছে, য’ত মানুহৰ বিশাল ভিৰ দেখা গৈছে। ছবিখন ফে’চবুক আৰু টুইটাৰত ক’ৰোনাৰ তৃতীয় ঢৌৰ সৈতে সংযোগ কৰি শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ছবিখন এতিয়া মানালীৰ। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছিল যে জনতাৰ শেহতীয়া ছবি বুলি ভাইৰেল হৈ থকা ছবিখন এতিয়াৰ নহয়, বৰঞ্চ ২০২০ চনৰ ডিচেম্বৰ মাহৰহে ছবি।
কি এই ভাইৰেল পোষ্ট
ফে’চবুক ইউজাৰ Akshay Katoch এই ভাইৰেল ফটো বিগত ৫ জুলাই, ২০২১ তাৰিখে আপলোড কৰি কৈছে – ‘हर शाख पे उल्लू बैठा है अंजाम -ए-गुलिस्तां क्या होगा हमारा #manali #3rdwave”. ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – ‘প্ৰতিটো ডালতে বহি আছে একো একোটা ফেঁচা, আমাৰ যে কি হ’ব।’
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
আমাৰ অনুসন্ধান আৰম্ভ কৰি, আমি গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে ছবিখন অনুসন্ধান কৰিলোঁ। অনুসন্ধানত আমি দেখিছিলো যে বহুতো সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে একেটা দাবীৰে ভাইৰেল ছবিখন শ্বেয়াৰ কৰি আছে। অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি Amigosblink নামৰ এটা ফেচবুক পৃষ্ঠাই এই ফটোখন প্ৰকাশ কৰিছিল। ফটোখন প্ৰথমবাৰৰ বাবে ২৩ জানুৱাৰী, ২০২১ তাৰিখে শ্বেয়াৰ কৰা হৈছিল, আৰু ইয়াক মানালী বুলি বৰ্ণনা কৰা হৈছিল। এই ব্যৱহাৰকাৰীজনৰ প্ৰ’ফাইল স্কেনিংত, আমি ৫ জুলাই, ২০২১ তাৰিখে এটা পোষ্ট পাইছিলোঁ, যিয়ে ভাইৰেল হৈ থকা ছবিখন শ্বেয়াৰ কৰিছিল, কিন্তু শেহতীয়াকৈ নহয়, সেয়া আছিল ৩১ ডিচেম্বৰ, ২০২০ তাৰিখৰ কথা।
আমি Amigosblink ৰ প্ৰ’ফাইলত একেজন ইউজাৰৰ এটা LIVE ভিডিঅ’ পাইছিলোঁ। মানালীত ২০২০ চনৰ ৩১ ডিচেম্বৰত এই ভিডিঅ’ পোষ্ট কৰা বুলি ইয়াতো জানিব পৰা গৈছে।
ছবিখনৰ সত্যতা নিশ্চিত কৰিবলৈ, আমি ছবিখন তোলা ফেচবুক পেজ Amigosblink ৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে আমাক জনাইছিল, ‘তেওঁ এই ছবিখন ২০২০ চনৰ ৩১ ডিচেম্বৰত মানালীত তুলিছিল। এইখন এখন পুৰণি ছবি যিটো এতিয়া মানুহবোৰে ভাইৰেল কৰি তুলিছে’।
এতিয়ালৈকে আমাৰ তদন্তৰ পৰা লাভ কৰা তথ্য অনুসৰি, এইটো স্পষ্ট হৈ পৰিছে যে মানালীৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰা হৈছে। আমাৰ অনুসন্ধান অধিক গাঢ় কৰি মানালীৰ শেহতীয়া ভিডিঅ’ আৰু ফটো বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। অনুসন্ধানত, আমি ANI ৰ উদ্ধৃতিৰে ৫ জুলাই, ২০২১ তাৰিখে জাগৰণ ইংৰাজীৰ টুইটাৰ হেণ্ডেলত মানালীৰ এটা শেহতীয়া ভিডিঅ’ চাবলৈ পাইছিলোঁ। ভিডিঅ’টোত মানালী ভ্ৰমণ কৰা পৰ্যটকৰ ভিৰো দেখুওৱা হৈছে।
এতিয়া অক্ষয় কাটোচ নামৰ ফেচবুক ব্যৱহাৰকাৰীজনক ছ’চিয়েল স্কেন কৰাত জানিব পাৰিলো যে এই ব্যৱহাৰকাৰীজন হিমাচল প্ৰদেশৰ।
নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল হৈ থকা মানালীৰ শেহতীয়া ছবিখন ২০২০ চনৰ ডিচেম্বৰৰ।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.