X
X

Fact Check : প্ৰাক্তন মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ নামত ভুৱা বাতৰি ভাইৰেল

উপসংহাৰঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰমাণ হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ নামত ভাইৰেল হোৱা বাতৰিটো সম্পূৰ্ণৰূপে ভুৱা।

বিশ্বাস নিউজ (নতুন দিল্লী) ||   কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ আলোকচিত্ৰ আৰু নাম ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত এটা ভুৱা বাতৰি ভাইৰেল হৈ পৰিছে। এই ভাইৰেল পোষ্টৰ সৈতে দাবী কৰিছে যে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ভুৱা সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এখন সংবাদমেলত কৈছে। ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমান জয়পুৰৰ সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোৰে বিশ্বাস নিউজক নিজেই ভাইৰেল পোষ্টটো ভুৱা বুলি উল্লেখ কৰিছে। উল্লেখ্য যে ভাইৰেল বাতৰিটো ভূপালৰ ৰতনগড় টাইমছে ২০২১ চনৰ ১৬ জুনতে প্ৰকাশ কৰিছিল। পিছত, ২০২১ চনৰ ২৫ জুনত বাতৰি কাকতখনে ভুৱা বাতৰি প্ৰকাশ কৰাৰ বাবে অনুশোচনা কৰে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ব্যৱহাৰকাৰী ছাইদ মনচুৰ আলীয়ে ১৮ জুনত এখন বাতৰি কাকতৰ নিউজ ক্লিপিং এটা পোষ্ট কৰিছিল। বাতৰিটোৰ শিৰোনাম আছিল: ভুৱা সাংবাদিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, এফআইআৰ আৰু কাৰাগাৰ: ৰাজ্যবৰ্ধন সিং ৰাথোৰ।

ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।

ভুৱা বাতৰিটো আমি ইউটিউবতো লাভ কৰিছিলোঁ।

https://youtu.be/xuWU7SgvFFk

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল হৈ থকা বাতৰিটো পুংখানুপুংখভাৱে পঢ়িছিল। এই বাতৰিত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী বুলি কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰক উল্লেখ কৰিছে, পিছে বৰ্তমানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰহে। সংসদৰ ৱেবছাইট অনুসৰি, ৰাজ্যবৰ্ধন সিং ৰাথোৰ ২৫ মে, ২০১৯ লৈকেহে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল। অৱশ্যে মে’ ২০১৯-ত, তেওঁ পুনৰ জয়ী হয় আৰু সাংসদ হয় যদিও মন্ত্ৰীত্ব লাভ নকৰিলে। ইফালে তেওঁ বৰ্তমান কেইবাখনো সমিতিৰ সদস্য।

ইয়াৰ অৰ্থ হৈছে যে ভাইৰেল বাতৰিটো সম্পূৰ্ণৰূপে ভুৱা। বাতৰিটোত নতুন দিল্লীৰ সৈতে ৰতনগড় টাইমছ লিখা দেখা গৈছিল। গুগল চাৰ্চত প্ৰকাশ পাইছে যে ৰতনগড় টাইমছ হৈছে মধ্য প্ৰদেশৰ ভূপালৰ এটা ৱেবছাইট আৰু বাতৰি কাকত। বিশ্বাস নিউজে বাতৰিটো বিচাৰিবলৈ ৰতনগড় টাইমছৰ ফেচবুক পৃষ্ঠাটো স্কেন কৰা আৰম্ভ কৰিছিল। আমি ১৬ জুনত ফেচবুকত কেইবাখনো বাতৰি কাকতৰ পৃষ্ঠা পাইছিলোঁ। ৰাজ্যবৰ্ধন সিং ৰাথোৰ সম্পৰ্কীয় ভুৱা বাতৰিটো ১৬ জুনৰ সংস্কৰণত বাতৰিত প্ৰকাশিত হৈছিল। আপুনি সেই প্ৰতিবেদন ইয়াত চাব পাৰিব।

অনুসন্ধানৰ সময়ত, আমি জানিব পাৰিছিলোঁ যে ৰতনগড় টাইমছে ২৫ জুনত বাতৰি কাকতত এটা অস্বীকাৰোক্তি প্ৰকাশ কৰি ভাইৰেল বাতৰিটোৰ বাবে দুখ প্ৰকাশ কৰিছিল। এই প্ৰতিবেদন ইয়াত ক্লিক কৰি চাব পাৰিব।

বিশ্বাস নিউজে ইয়াৰ পিছত ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ কৈছিল যে ভুৱা সাংবাদিকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ নামত ভুৱা বাতৰিটো ভাইৰেল হৈ আছে। তেওঁ লগতে কয় যে তেওঁ এতিয়া আনকি এজন মন্ত্ৰীও নহয়। এনে পৰিস্থিতিত, এই বাতৰিটোৰ কোনো অৰ্থ নাই। যি কি নহওঁক, তেওঁ কেতিয়াও এনে কথা কোৱা নাছিল।

অনুসন্ধানৰ শেষত, বিশ্বাস নিউজে ভুৱা বাতৰিটো ভাইৰেল কৰা ব্যৱহাৰকাৰীজনক পৰীক্ষা কৰি জানিব পাৰিছিলো যে ফে’চবুক ব্যৱহাৰকাৰী ছাইদ মনচুৰ আলী উত্তৰ প্ৰদেশৰ মথুৰাৰ বাসিন্দা।

নিষ্কৰ্ষঃ উপসংহাৰঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰমাণ হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ নামত ভাইৰেল হোৱা বাতৰিটো সম্পূৰ্ণৰূপে ভুৱা।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later