X
X

Fact Check : গোৱালপাৰাৰ পুৰণি ভিডিঅ’ ভাইৰেল কৰা হৈছে ভুৱা দাবীৰে

উপসংহাৰ : ভাইৰেল ভিডিঅ’টোৰ সৈতে থকা দাবীবোৰক লৈ বিশ্বাস নিউজে কৰা তদন্তত এয়া মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো ২০১৭ চনৰ আৰু এই ভিডিঅ’টোত কোনেও কেতিয়াও পৃথক দেশৰ দাবী উত্থাপন কৰা নাই।

  • By: Rangman Das
  • Published: Jun 12, 2021 at 05:03 PM
  • Updated: Jun 12, 2021 at 05:06 PM

বিশ্বাস নিউজ (গুৱাহাটী):  প্ৰতিবাদকাৰীৰ এটা দলক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ  এটা ভিডিঅ’ শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখা হৈছে যে প্ৰতিবাদকাৰীসকল হৈছে অসমত থকা ‘বাংলাদেশী মুছলমান’, আৰু তেওঁলোকে এখন পৃথক দেশৰ দাবী কৰি আছে। পিছে আমাৰ অনুসন্ধানত এই ভিডিঅ’টোৰ সৈতে কৰা দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। এই ভিডিঅ’টো হৈছে ২০১৭ বৰ্ষৰ আৰু অসমৰ গোৱালপাৰা জিলাৰ একাংশ স্থানীয় লোকে মুছলমান লোকসকলৰ হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপনেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াত তেওঁলোকে কোনো পৃথক ৰাষ্ট্ৰৰ দাবী কৰা নাছিল।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Pankaj Kairwal এ এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিছিছে *परम आदरणीय असम के मुख्यमंत्री हिंदू हृदय सम्राट हेमंत विश्व शर्मा जी ने बांग्लादेशियों की तबीयत से ठुकाई करवाई। क्यों??? ये जानने के लिए वीडियो देखें”। ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – অসমৰ মুখ্যমন্ত্ৰী হিন্দু হৃদয় সম্ৰাট হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবাদকাৰীসকলক প্ৰহাৰ কৰোৱাইছে। কিয়??? সেয়া জানিবৰ বাবে এই ভিডিঅ’টো চাওক।”

ভিডিঅ’টোৰ আৰম্ভণিতে লিখা হৈছে (অনূদিত ৰূপ) – বাংলাদেশী মুছলমানসকলে পৃথক ৰাষ্ট্ৰৰ দাবী জনাইছে।”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ভিডিঅ’টো InVID টুলত ৰাখিছিল আৰু ইয়াৰ কী-ফ্ৰেমবোৰ উলিয়াইছিল। কী-ফ্ৰেমৰ সৈতে গুগল ৰিভাৰ্চ ইমেজ চাৰ্চে আমাক একে ধৰণৰ বহুতো ফলাফল দিছিল। আমি Facebook ত ভাইৰেল ভিডিঅ’ৰ কীফ্ৰেমৰ পৰা এটা বিশেষ দৃশ্য বিচাৰি পাইছিলো। Hussain Ahmed Madani নামৰ এগৰাকী ইউজাৰে তেওঁৰ নিজস্ব ফে’চবুক একাউণ্টত মূল ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। ৩০ জুন, ২০১৭ তাৰিখে শ্বেয়াৰ কৰা এই মূল ভিডিঅ’টোৰ সৈতে কেপশ্যন দিয়া হৈছে এনেদৰে – গোৱালপাৰা জিলাৰ খাৰবুজাত উত্তপ্ত পৰিস্থিতি ৷ প্ৰতিবাদ কাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ, আৰক্ষীৰ গুলীত নিহত এজন আহত এজন।” এই কথাই প্ৰমাণ কৰে যে এই ভিডিঅ’টো ২০১৭ চনৰ।

আমি এই ভিডিঅ’টো ভালদৰে পৰীক্ষা কৰাত দেখিবলৈ পালো এখন বেনাৰ, য’ত লিখা আছে – ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী। এই প্ৰতিবাদৰ দাবীসমূহ লিখা হৈছে এনেদৰে – ‘ডি’ ভোটাৰৰ স্থায়ী সমাধান, প্ৰকৃত ভাৰকতীয় নাগৰিক বাদ নপৰাকৈ NRC প্ৰদান, ৪০ হাজাৰ লোকক ডি ভোটাৰ ঘোষণা কৰা প্ৰক্ৰিয়া বন্ধ কৰা আৰু জনসংখ্যা অনুপাতে চাকৰি প্ৰদান কৰা। এই লোকসকলৰ শ্লোগানত শুনা গৈছে বেনাৰত লিখা থকা কথাখিনি। অৰ্থাৎ এই ভিডিঅ’টোত কোনেও কেতিয়াও পৃথক দেশৰ দাবী উত্থাপন কৰা নাই। উল্লেখ্য যে এই বেনাৰৰ তলভাগত লিখা আছে – স্থান – খাৰুবচা। তাৰিখ – ৩০ জুন, ২০১৭। সময় – পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ।

আমি এই সন্দৰ্ভত জানিবৰ বাবে জ্যেষ্ঠ সাংবাদিক তথা ইয়েৰশ্বটৰ নামনি অসমৰ ব্যুৰ ৰাজীৱ অগস্তিলৈ এই ভিডিঅ’টো প্ৰেৰণ কৰিছিলোঁ। তেওঁ আমাক জনায়, “এই ঘটনাটো ২০১৭ চনতে গোৱালপাৰাৰ নৰনাৰায়ণ সেঁতু আউটপোষ্টৰ সমূখত সংঘটিত হৈছিল, যিটো এতিয়া ভাইৰেল হ’বলৈ লৈছে। এয়া আছিল ডি ভোটাৰ আৰু এন আৰ চি সংক্ৰান্তীয় প্ৰতিবাদহে। পৃথক ৰাষ্ট্ৰ তথা বাংলাদেশীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। এই ভাইৰেল দাবীটো ভুৱা।”

বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী Pankaj Kariwal ৰ প্ৰ’ফাইল স্কেন কৰিছিল। বাতৰি লিখাৰ পৰলৈকে ব্যৱহাৰকাৰীজনক ২০১ গৰাকী লোকে অনুসৰণ কৰে আৰু ৯৮৮ গৰাকী বন্ধু আছে। ব্যৱহাৰকাৰীজন শ্ৰী গংগানগৰৰ বাসিন্দা।  

নিষ্কৰ্ষঃ উপসংহাৰ : ভাইৰেল ভিডিঅ’টোৰ সৈতে থকা দাবীবোৰক লৈ বিশ্বাস নিউজে কৰা তদন্তত এয়া মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো ২০১৭ চনৰ আৰু এই ভিডিঅ’টোত কোনেও কেতিয়াও পৃথক দেশৰ দাবী উত্থাপন কৰা নাই।

  • Claim Review : परम आदरणीय असम के मुख्यमंत्री हिंदू हृदय सम्राट हेमंत विश्व शर्मा जी ने बांग्लादेशियों की तबीयत से ठुकाई करवाई। क्यों??? ये जानने के लिए वीडियो देखें
  • Claimed By : Pankaj Khariwal
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later