Fact Check: আটাইতকৈ ডাঙৰ তুলসী গছ বুলি দাবীৰে কৰা পোষ্ট ভুৱা
উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত, কৰ্ণাটকত পৃথিৱীৰ আটাইতকৈ ডাঙৰ তুলসী গছ বিচাৰি পোৱাৰ দাবী ভুৱা বুলি পৰিগণিত হৈছে।
- By: Pallavi Mishra
- Published: Jun 4, 2021 at 10:33 AM
নতুন দিল্লী (বিশ্বাস নিউজ) । ছচিয়েল মিডিয়াত এবিধ গছৰ এখন ফটো ভাইৰেল হৈ আছে। এই ছবিখনৰ সৈতে ইয়াক কৰ্ণাটকত বিশ্বৰ সৰ্ববৃহৎ তুলসী গছডাল থকা বুলি দাবী কৰা হৈছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবীটো ভুৱা। ছবিখনত থকা গছজোপা তুলসী নহয়।
কি এই ভাইৰেল পোষ্ট
এটা ভাইৰেল পোষ্টত এডাল গছৰ এখন ফটো ছচিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। কৰ্ণাটকত পোৱা এইজোপা তুলসী বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ বুলি দাবী কৰা হৈছে। বৰ্ণনাটোত লিখা হৈছে, “পৃথিৱীৰ আটাইতকৈ ডাঙৰ তুলসী গছ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ বিলিগিৰঙ্গানা বেট্টাত আছে! 🙏🙏🙏শুভ ৰাত্ৰি 🙏💐জয় ছিয়াৰাম💐”
এই পোষ্টটোৰ আৰ্কাইভ লিংকটো ইয়াত চাওক।
অনুসন্ধান
আমি এই পোষ্টটো পৰীক্ষা কৰিবলৈ কী-ৱৰ্ড অনুসন্ধানৰ সহায় লৈছিলোঁ। কী-ৱৰ্ডেৰে অনুসন্ধান কৰি আমি তুলসীৰ বিষয়ে guinnessworldrecords.com ত এটা পোষ্ট পাইছিলো। গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ৱেবছাইটৰ মতে, পৃথিৱীৰ আটাইতকৈ ওখ তুলসী উদ্ভিদৰ অভিলেখ হৈছে এগৰাকী গ্ৰীক মহিলাৰ ঘৰত ৰোপণ কৰা এজোপা তুলসী গছ। ই ১০ ফুট ১১.৫ ইঞ্চি ওখ। ৱেবছাইটটোত উদ্ভিদটোৰ এখন ছবিও আছে যিটো ভাইৰেল ছবিখনতকৈ সম্পূৰ্ণ পৃথক।
২০২০ চনত mathrubhumi.com ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, তামিলনাডুৰ এজন লোকৰ ঘৰত থকা তুলসী গছডাল ১১ ফুট ১ ইঞ্চি ওখ। বাতৰি অনুসৰি, এই লোকগৰাকীয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কাষ চাপিবলৈ ওলাইছে। বাতৰিটোত উদ্ভিদটোৰ এখন ছবিও দেখুওৱা হৈছিল, যিখন ভাইৰেল ছবিখনতকৈ সম্পূৰ্ণ পৃথক।
ecoindia.com মতে, তুলসী উদ্ভিদৰ উচ্চতা সাধাৰণতে 75-90 ছেণ্টিমিটাৰৰ ভিতৰত হয়।
আমি অধিক নিশ্চিতিৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰ গীতাৰ সৈতে কথা পাতিছিলোঁ। তেওঁ আমাক জনায়, “অচিমুম টেনুইফ্লোৰাম, যাক সাধাৰণতে তুলসী বুলি জনা যায়, ই হৈছে লামিয়াচি প্ৰজাতিৰ এবিধ উদ্ভিদ।” ইয়াক মূলতঃ ভাৰতীয় উপ-মহাদেশত পোৱা যায় আৰু সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ ক্ৰান্তীয় অঞ্চলত ঔষধি কাৰণত ইয়াৰ খেতি কৰা হয়। ইয়াৰ গড় সৰ্বাধিক উচ্চতা 3 ফুটলৈকে হয়, কিন্তু কেতিয়াবা ই ৬ ফুট বা তাতোধিক বৃদ্ধি হয়। ছবিখনত থকা গছজোপা তুলসী নহয়। এয়া তুলসী গছৰ আকৃতি নহয়। “
বিশ্বাস নিউজে ভাইৰেল পোষ্টটো নিশ্চিত কৰিবলৈ এনডিএমচিৰ সহকাৰী সঞ্চালক (উদ্যানশস্য) নীৰজ কান্তৰ সৈতেও কথা পাতিছিল। তেওঁ কয়, ‘ছবিখনত থকা গছজোপা তুলসী নহয়। তুলসী কেতিয়াও ইমান ডাঙৰ হ’ব নোৱাৰে। এইটো ভুৱা।’
এই পোষ্টটো ফে’চবুকত ‘ৰামভক্ত পণ্ডিত হৰ্ষিত অৱস্থি’ নামৰ এগৰাকী ইউজাৰে ‘श्री रामचरितमानस प्रेमी🚩🚩’ নামৰ এটা পেজত শ্বেয়াৰ কৰিছিল। এই পেজটোত সম্প্ৰতি 754.2K সদস্য আছে।
নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত, কৰ্ণাটকত পৃথিৱীৰ আটাইতকৈ ডাঙৰ তুলসী গছ বিচাৰি পোৱাৰ দাবী ভুৱা বুলি পৰিগণিত হৈছে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.