X
X

Fact Check: আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিয়োনেল মেছিৰ এই ছবিখন সম্পাদনা কৰা হৈছে

উপসংহাৰ : বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি পৰিগণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ছবিখনত, মেছিয়ে তেওঁৰ হাতত ধৰা বেনাৰত আন বেলেগ কথা লিখিছিল। প্ৰকৃত বেনাৰটো এডিডাছৰ “ৰান ফৰ দ্য অচেন্স” অভিযানৰ অংশ আছিল, যিয়ে মানুহক সাগৰত প্লাষ্টিকৰ ফলত হোৱা প্ৰদূষণৰ বিষয়ে অৱগত কৰিছিল।

বিশ্বাস নিউজ (নতুন দিল্লী) । আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিৰ এখন ছবি পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ মাজত ভাইৰেল হৈ আছে য’ত তেওঁক পেলেষ্টাইনৰ সমৰ্থনত এখন বেনাৰ ধৰি থকা দেখা গৈছে। ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ইউজাৰসকলে দাবী কৰিছে যে লিঅ’নেল মেছিয়ে পেলেষ্টাইনক সমৰ্থন কৰিছে। বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি পৰিগণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ছবিখনত, মেছিয়ে তেওঁৰ হাতত ধৰা বেনাৰত আন বেলেগ কথাহে লিখিছিল।

প্ৰকৃত বেনাৰখনত এডিডাছৰ ” RUN FOR THE OCEANS ” অভিযানৰ অংশ আছিল, যিয়ে মানুহক সাগৰত প্লাষ্টিকৰ ফলত হোৱা প্ৰদূষণৰ বিষয়ে অৱগত কৰিছিল।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Mohammad Manik এ ১৯ মে’ ২০২১ তাৰিখে এই ভাইৰেল ফটো শ্বেয়াৰ কৰি লিখিছে, “Save Palestinians 👈 Save Palestine 👈 Pray For muslims 👈 #LeoMessi #messi #LM10”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ টো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে ভাইৰেল ফটোখনৰ সত্যতা নিৰ্ণয় কৰিবলৈ আৰম্ভ কৰা অনুসন্ধানত প্ৰথমে গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰে। আমি এই ভাইৰেল ফটোখনৰ সৈতে সংগতি থকা এখন ফটো ফুটবলাৰ লিঅ’নেল মেছিৰ ভেৰিফাইড ইনষ্টাগ্ৰাম একাউণ্টতো দেখিবলৈ পাইছিলোঁ। ইয়াত ১৮ মে’ তাৰিখে আপলোড কৰা এই ফটোখনত ফুটবলাৰ লিঅ’নেল মেছিয়ে এখন বেনাৰ ধৰি আছে, যিখন ফটো ভাইৰেল হোৱা ফটোখনত সম্পূৰ্ণ পৃথক আছিল, প্ৰকৃত ফটোখনত লিখা আছিল “adidas, Parley RUN FOR THE OCEANS”, এই পোষ্টটোৰ বিৱৰণীত লিখা আছিল “#RunForTheOceans is back and bigger than ever! This is our opportunity to bring together our love for running and our love for our oceans, hit the streets to help make a difference and help End Plastic Waste. For every kilometer you run that’s tracked in the app, adidas and Parley will clean up the equivalent weight of 10 plastic bottles, up to 500,000 pounds from beaches and islands. Download the adidas Running app and sign up for the challenge, it’s us vs Plastic Waste! #adidasParley @adidasrunning @parley.tv @adidasruntastic”

ইয়াৰ অসমীয়া অনুবাদ হৈছে “#RunForTheOceans উভতি আহিছে আৰু আগতকৈও ডাঙৰকৈ উভতি আহিছে! দৌৰাৰ প্ৰতি আমাৰ হেঁপাহ আৰু মহাসাগৰৰ প্ৰতি থকা আমাৰ প্ৰেমক একত্ৰিত কৰাৰ এইটো আমাৰ বাবে এক সুযোগ। পৰিৱেশ পৰিষ্কাৰ কৰাত আৰু প্লাষ্টিকৰ আৱৰ্জনা আঁতৰ কৰাত সহায় কৰিবলৈ সকলো ওলাই আহক। আপুনি এপ্পটোত ট্ৰেক কৰা প্ৰতি কিলোমিটাৰৰ বাবে, এডিডাছ আৰু পাৰ্লে সমুদ্ৰ তীৰ আৰু দ্বীপবোৰৰ পৰা 500,000 পাউণ্ডলৈকে প্লাষ্টিকৰ বটলৰ সমান ওজন পৰিষ্কাৰ কৰিব। এডিডাছ ৰানিং এপ্পটো ডাউনলোড কৰক আৰু প্ৰত্যাহ্বানটোৰ বাবে ছাইন আপ কৰক, এয়া হৈছে প্লাষ্টিকৰ আৱৰ্জনা বনাম আমি! #adidasParley @adidasrunning @parley.tv @adidasruntastic”

sport.es ৰ এক খবৰ অনুসৰি, মেছি এই এডিডাছ অভিযানৰ অংশ। এই অভিযানৰ বিষয়ে অধিক তথ্য ইয়াত পঢ়িব পাৰিব।

আমি এই সন্দৰ্ভত জাগৰণৰ ক্ৰীড়া সংবাদিক অভিষেক ত্ৰিপাঠীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কয়, “প্ৰকৃত ছবিখনত মেছিয়ে হাতত লৈ থকা পোষ্টাৰখনত পেলেষ্টাইনক সমৰ্থন কৰা নাছিল।” প্ৰকৃত ছবিখনত, তেওঁ এডিডাছৰ ৰান ফৰ দ্য অ’ছেনছৰ বেনাৰ ধৰিছিল। ছবিখন এডিডাছৰ ৰান ফৰ দ্য অচেনছ অভিযানৰ বাবে তোলা হৈছিল, যাক মেছিয়ে সম্প্ৰতি প্ৰচাৰ কৰি আছে। পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত চলি থকা হিংসাত্মক সংঘৰ্ষ সন্দৰ্ভত মেছিয়ে এতিয়ালৈকে কোনো বিবৃতি দিয়া নাই। “

শেষত আমি এই পোষ্ট শ্বেয়াৰ কৰা ইউজাৰ ‘Mohammad Manik’ ৰ প্ৰ’ফাইল স্কেন কৰো, ইয়াতেই আমি জানিব পাৰো যে ইউজাৰগৰাকী বাংলাদেশৰ নিবাসী।

নিষ্কৰ্ষঃ উপসংহাৰ : বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি পৰিগণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ছবিখনত, মেছিয়ে তেওঁৰ হাতত ধৰা বেনাৰত আন বেলেগ কথা লিখিছিল। প্ৰকৃত বেনাৰটো এডিডাছৰ “ৰান ফৰ দ্য অচেন্স” অভিযানৰ অংশ আছিল, যিয়ে মানুহক সাগৰত প্লাষ্টিকৰ ফলত হোৱা প্ৰদূষণৰ বিষয়ে অৱগত কৰিছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later