X
X

Fact Check: জীয়াই আছে অভিনেত্ৰী মীনাক্ষি শেষাদ্ৰি, ভাইৰেল পোষ্ট ভুৱা

উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশিত তথ্য অনুসৰি ভাইৰেল পোষ্টটোত কৰা দাবী সম্পূৰ্ণৰূপে ভুল। অভিনেত্ৰী মীনাক্ষি শেষাদ্ৰী সুস্থ অৱস্থাত আছে।

  • By: Amanpreet Kaur
  • Published: May 6, 2021 at 12:25 PM
  • Updated: May 6, 2021 at 01:28 PM

নতুন দিল্লী (বিশ্বাস নিউজ) । ছচিয়েল মিডিয়াত শেহতীয়াকৈ এটা পোষ্ট ব্যাপক ৰূপত ভাইৰেল হৈ আছে, য’ত দাবী কৰা হৈছে যে ৯০ ৰ দশকৰ জনপ্ৰিয় বলীউড অভিনেত্ৰী মীনাক্ষি শেষাদ্ৰি ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। পিছে, বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি ভাইৰেল পোষ্টটোত কৰা দাবী সম্পূৰ্ণ ভুল।

দৰাচলতে, অভিনেত্ৰী মীনাক্ষি শেষাদ্ৰি সম্প্ৰতি সম্পূৰ্ণ সুস্থ হৈ আছে আৰু তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰি আছে।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Firoz Rustum Surjapuri এ এই পোষ্ট শ্বেয়াৰ কৰিছিল, আৰু পোষ্টৰ সৈতে তেওঁ কেপশ্যনত লিখিছে – ক’ৰোনাত আক্ৰান্ত হৈ চলচ্চিত্ৰ অভিনেত্ৰী মীনাক্ষি শেষাদ্ৰিৰ অকালমৃত্যু।

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে এই ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীৰ অনুসন্ধানৰ বাবে কী-ৱৰ্ডেৰে ইণ্টাৰনেটত বিচাৰ-খোচাৰ কৰে, কিন্তু আমি অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কথা কোৱা কোনোধৰণৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন লাভ নকৰিলো। মীনাক্ষি শেষাদ্ৰি এগৰাকী বিখ্যাত আৰু জনপ্ৰিয় অভিনেত্ৰী, গতিকে তেওঁৰ এনে এক ঘটনা সংবাদ মাধ্যমত নিশ্চিতৰূপত প্ৰকাশ পালেহেতেন।

অধিক তথ্যৰ বাবে, আমি দৈনিক জাগৰণৰ মুম্বাইস্থিত বলীউড শিতানৰ মুখ্য সংবাদদাতা স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ এই কথা নিশ্চিত কৰে যে ভাইৰেল পোষ্টটোত কৰা দাবীটো ভুল। অভিনেত্ৰী মীনাক্ষি সম্পূৰ্ণ সুস্থ অৱস্থাতে আছে আৰু বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰি আছে।

আমি অভিনেত্ৰীগৰাকীৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্ট মীনাক্ষিৰ এটা পোষ্ট দেখিবলৈ পাইছিলো। ৩ মে’ত, অভিনেত্ৰীগৰাকীয়ে নিজৰ এখন ফটো পোষ্ট কৰিছিল আৰু লিখিছিল – ডান্স পজ। ভাইৰেল পোষ্টটো ২ মে’ত পোষ্ট কৰা হৈছে, আনহাতে অভিনেত্ৰীগৰাকীৰ ইনষ্টা একাউণ্টৰ পোষ্টটো ৩ মে’ত পোষ্ট কৰা হৈছে। অৰ্থাৎ অভিনেত্ৰীগৰাকী সুস্থ হৈ আছে। শেষত ফে’চবুকত এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ ফিৰোজ ৰুস্তম সুৰজাপুৰীৰ প্ৰ’ফাইল স্কেন কৰাত আমি দেখিছিলো যে এই ইউজাৰগৰাকী বিহাৰৰ কিষাণগঞ্জৰ।

নিষ্কৰ্ষঃ উপসংহাৰ: আমাৰ অনুসন্ধানত প্ৰকাশিত তথ্য অনুসৰি ভাইৰেল পোষ্টটোত কৰা দাবী সম্পূৰ্ণৰূপে ভুল। অভিনেত্ৰী মীনাক্ষি শেষাদ্ৰী সুস্থ অৱস্থাত আছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later