X
X

Fact Check: টাইম আলোচনীত প্ৰকাশিত নৰেন্দ্ৰ মোডীৰ ফটো সম্বলিত বেটুপাত বিকৃত ৰূপত ভাইৰেল

উপসংহাৰ – আমাৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছে যে টাইম আলোচনীৰ ভাইৰেল কভাৰটো সম্পাদনা কৰা হৈছে। টাইম আলোচনীয়ে বেটুপাতত প্ৰধানমন্ত্ৰী মোডীৰ এই ভাইৰেল ফটো প্ৰকাশ কৰা নাই।

নতুন দিল্লী (বিশ্বাস নিউজ) । শেহতীয়াকৈ বিখ্যাত টাইম আলোচনীৰ বেটুপাতৰ এখন ছবি ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ আছে। ছবিখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বেটুপাতত দেখুওৱা হৈছে, আনহাতে তলৰ ইংৰাজীত লিখা আছে: Super Spreader, Will humanity now have to pay for one man’s hunger for power? পিছে বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুযায়ী ভাইৰেল পোষ্টটোত দেখা ছবিখন ভুৱা বা সম্পাদিত।

দৰাচলতে, ভাইৰেল হোৱা টাইম আলোচনীৰ বেটুপাতটো সম্পাদনা কৰা হৈছে, যিটো এটা ৱেবছাইটৰ সহায়ত ডিজাইন কৰা হৈছে, যিয়ে ভুৱা টাইম আলোচনীৰ কভাৰ সৃষ্টি কৰে।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Shoukat Ali Khan য়ে এই ফটোখন শ্বেয়াৰ কৰি ইংৰাজীত কেপশ্যন লিখিছে, যাৰ অসমীয়া অনুবাদ হৈছে : টাইম আলোচনীৰ বেটুপাতত মোডী। অৱশ্যে, প্ৰধানমন্ত্ৰী মোডীৰ ছবিৰ তলত লিখা পাঠৰ অসমীয়া অনুবাদ এনেধৰণৰ: মানৱতাই এজন চুপাৰস্প্ৰেডাৰ ব্যক্তিৰ ক্ষমতাৰ ক্ষুধাৰ পৰিণাম ভু্গিব লাগিব নেকি?

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পৰা যাব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল পোষ্টত দেখা কভাৰটো পৰীক্ষা কৰিবলৈ ইণ্টাৰনেটত অনুসন্ধান কৰিছিল। যদি টাইম আলোচনীয়ে প্ৰধানমন্ত্ৰী মোডীক এনেদৰে ইয়াৰ বেটুপাতত প্ৰকাশ কৰিছিল, তেন্তে ভাৰতীয় সংবাদ মাধ্যমত ইয়াৰ নিশ্চিত ৰূপত কভাৰেজ হ’লহেঁতেন, কিন্তু আমি ভাইৰেল কভাৰৰ বিষয়ে উল্লেখ কৰা কোনো সংবাদ মাধ্যমৰ প্ৰতিবেদন লাভ নকৰিলো।

ইয়াৰ পিছত টাইম আলোচনীৰ ৱেবছাইটতো এই বিষয়ে আমি বিচাৰ-খোচাৰ কৰিলো। কিন্তু আমি ইয়াতো ২০২১ চনৰ সকলো সংস্কৰণৰ কোনো কভাৰত প্ৰধানমন্ত্ৰী মোডীৰ এখনো ছবি পোৱা নাছিলো।

আমি ভাইৰেল পোষ্টাৰটো জুম ইন কৰিলোঁ আৰু ইয়াৰ ওপৰত “জুলাই 17, 2006” দেখিবলৈ পাও, আনহাতে আমি “www.time.com AOL Keyword: TIME” দেখিছিলো। আমি টাইম আলোচনীখনৰ আৰ্কাইভবোৰ স্কেন কৰিছিলো আৰু ২০০৬ চনৰ ১৭ জুলাইৰ বেটুপাত পৃষ্ঠাটো লাভ কৰিলো। বেটুপাতত কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ নহয়, তাৰ পৰিৱৰ্তে এটা ডাঙৰ টুপীৰহে ফটো আছিল, আৰু শীৰ্ষ খবৰৰ শিৰোনাম আছিল – The End of Cowboy Diplomacy.

যেতিয়া আমি ইণ্টাৰনেটত TIME কভাৰ ক্ৰিয়েটৰ বিষয়ে বিচাৰিছিলো, তেতিয়া আমি  KAPWING নামৰ এটা ৱেবছাইট পাইছিলো যাৰ জৰিয়তে এই ভাইৰেল কভাৰটো সৃষ্টি কৰা হৈছিল। ইয়াৰ ওপৰত আমি এফালে “জুলাই 17, 2006” আৰু আনফালে প্ৰধানমন্ত্ৰী মোডীৰ ছবি অবিহনে “www.time.com AOL কীৱৰ্ড: টাইম”ৰ সৈতে একে সময়ৰ বেটুপাত দেখিবলৈ পাইছিলো। গতিকে এইটো স্পষ্ট আছিল যে ভাইৰেল কভাৰটো এই ৱেবছাইটটোৰ সহায়ত সৃষ্টি কৰা হৈছিল।

অধিক তথ্যৰ বাবে, আমি টাইম আলোচনীৰ উপাধ্যক্ষ (যোগাযোগ) ক্ৰিষ্টিন মেটজানৰ সৈতে ইমেইলযোগে যোগাযোগ কৰিছিলো আৰু ভাইৰেল কভাৰৰ এখন ছবিও প্ৰেৰণ কৰিছিলো। ৰিপ্লাই ই-মেইলত তেওঁ কয় যে ভাইৰেল কভাৰটো সত্য নহয়, আজিলৈ এনে কোনো কভাৰ মুকলি হোৱা নাই। আমি ভাইৰেল হোৱা বেটুপাতত থকা প্ৰধানমন্ত্ৰী মোডীৰ ফটোখন বিশেষভাৱে কাটি লৈ গুগল ৰিভাৰ্ছ ইমেজ টুলত দাখিল কৰোতে এই ফটোখন ANI ৰ এটা টুইটত দেখিবলৈ পাও। ২৫ ফেব্ৰুৱাৰী, ২০২১ তাৰিখৰ এই টুইট অনুসৰি, ছবিখন প্ৰধানমন্ত্ৰীৰ পুডুচেৰী ৰেলীৰ সময়ৰ। ছবিখন পিটিআইৰ আৰ্কাইভতো আছে। এই ফটো পিটিআই ফটোগ্ৰাফাৰ আৰ চেন্থিল কুমাৰে সংগ্ৰহ কৰিছিল।

শেষত ফে’চবুকত এই পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ সৌকত আলী খানৰ প্ৰ’ফাইল স্কেন কৰাত, আমি দেখিছিলো যে ইউজাৰজনে এই ফেচবুক একাউণ্টটো জুন ২০১১ ত সৃষ্টি কৰিছিল আৰু ই ফেচবুকত যথেষ্ট সক্ৰিয়।

নিষ্কৰ্ষঃ উপসংহাৰ – আমাৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছে যে টাইম আলোচনীৰ ভাইৰেল কভাৰটো সম্পাদনা কৰা হৈছে। টাইম আলোচনীয়ে বেটুপাতত প্ৰধানমন্ত্ৰী মোডীৰ এই ভাইৰেল ফটো প্ৰকাশ কৰা নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later