X
X

Fact Check: নেপালৰ পুৰণি ফটোকে অসমৰ ভূমিকম্পৰ বুলি উল্লেখ কৰি ভাইৰেল কৰা হৈছে

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন অসমৰ নহয়, নেপালৰহে। এই ছবিখন ২৫ এপ্ৰিল, ২০১৫ তাৰিখে কাঠমাণ্ডুত হোৱা ভূমিকম্পৰ ফটো।

  • By: Pallavi Mishra
  • Published: May 5, 2021 at 08:56 AM
  • Updated: Mar 8, 2022 at 02:23 PM

নতুন দিল্লী (বিশ্বাস নিউজ) । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে, য’ত ২ টা ভঙা অট্টালিকা দেখা গৈছে। পোষ্টটো অসমত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ ছবি বুলি দাবী কৰা হৈছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই পোষ্টৰ সৈতে কৰা দাবী বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে।

দৰাচলতে, এই ছবিখন অসমৰ নহয়, নেপালৰহে। এই ছবিখন ২৫ এপ্ৰিল, ২০১৫ তাৰিখে কাঠমাণ্ডুত হোৱা ভূমিকম্পৰ ছবি।

কি এই ভাইৰেল পোষ্ট?
ভাইৰেল ছবিখনত ২ টা ভঙা অট্টালিকা দেখা গৈছে। পোষ্টটোৰ সৈতে দাবী কৰা হৈছে, “Morning Today’s A Major Earthquake Measuring 6.4 Richter Scale Hits Assam, Tremors Felt In North Bengal And Meghalya” ইয়াৰ অসমীয়া অনুবাদ হৈছে “আজি পুৱা ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই অসমক জোকাৰি গৈছে। উত্তৰ বংগ আৰু মেঘালয়তো কম্পন অনুভূত হৈছে।”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান
আমি অনুসন্ধানৰ বাবে গুগল ৰিভাৰ্চ ইমেজত এই ছবিখন দাখিল কৰিছিলো। ইয়াৰ পিছতে আমি জানিব পাৰো যে এই ছবিখন ২৩ আগষ্ট, ২০১৬ তাৰিখে প্ৰকাশিত phys.org এটা বাতৰিত প্ৰকাশ হৈছিল। বাতৰি অনুসৰি, ছবিখন ২০১৫ চনত নেপালৰ কাঠমাণ্ডুত হোৱা ভূমিকম্পৰ ছবি।

৩০ এপ্ৰিল, ২০১৫ তাৰিখে প্ৰকাশিত theguardian.com ৰ এক প্ৰতিবেদনতো আমি এই দুটা অট্টালিকাৰ আন এটা এংগলৰ পৰা এখন ছবি দেখিবলৈ পাইছিলো। এয়া আছিল ২৫ এপ্ৰিল, ২০১৫ তাৰিখে নেপালত হোৱা ভূমিকম্পৰ সন্দৰ্ভত পৰিৱেশন কৰা বাতৰি। বাতৰিটোত ব্যৱহৃত ফটোখনৰ কেপশ্বন অনুসৰি, ফটোখন কাঠমাণ্ডুৰ।

এই কথা নিশ্চিত কৰিবলৈ, আমি নেপালৰ বাতৰি কাকত কাঠমাণ্ডু পোষ্টৰ ৰাষ্ট্ৰীয় প্ৰতিবেদক অৰ্পন শ্ৰেষ্ঠৰ সৈতে যোগাযোগ কৰিছিলো। ফোনযোগে তেওঁ আমাক জনায়, “এই ছবিখন কাঠমাণ্ডুৰ। এয়া ২০১৫ চনত নেপালত হোৱা ভূমিকম্পৰ পিছত তোলা ফটো। মই সেই সময়ত কাঠমাণ্ডুত এজন ফ্ৰিলাঞ্চাৰ হিচাপে কৰ্মৰত আছিলো। তেতিয়াও এই ছবিখন ভাইৰেল হৈ পৰিছিল।”

২৮ এপ্ৰিলত দৈনিক জাগৰণে  প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, “আজি ৰাতিপুৱা অসমত তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত কম্পনৰ পৰিমাণ ৬.৪ জোখা হৈছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।

অসমত বিগত ২৮ এপ্ৰিলত সংঘটিত ভুমিকম্পত ভালেমান অট্টালিকা যথেষ্ট ক্ষতিগ্ৰস্থ হৈছিল। এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে ইণ্ডিয়া টুডে ৰ এই বাতৰি পঢ়িব পাৰিব। শেষত এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ ‘চনম থাপা মগৰ’ৰ প্ৰ’ফাইল স্কেন কৰাত আমি দেখিছিলো যে এই ইউজাৰগৰাকী দাৰ্জিলিঙৰ। ইউজাৰজনৰ ফেচবুকত ৪,৯৫৪ গৰাকী বন্ধু আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন অসমৰ নহয়, নেপালৰহে। এই ছবিখন ২৫ এপ্ৰিল, ২০১৫ তাৰিখে কাঠমাণ্ডুত হোৱা ভূমিকম্পৰ ফটো।

  • Claim Review : Morning Today's A Major Earthquake Measuring 6.4 Richter Scale Hits Assam, Tremors Felt In North Bengal And Meghalya
  • Claimed By : सनम थापा मगर
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later