X
X

Fact Check: ভূমিকম্পৰ এই ভিডিঅ’ ২০১৮ চনৰ আলাস্কাৰ, অসমৰ নহয়

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত আমি লাভ কৰা তথ্য অনুসৰি এই দাবীটো ভুৱা আছিল। দৰাচলতে, ভিডিঅ’টো আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাৰহে, ভাৰতৰ নহয়। ভিডিঅ’টো তাত হোৱা ২০১৮ ৰ ভূমিকম্পৰ।

  • By: Pallavi Mishra
  • Published: Apr 30, 2021 at 03:04 PM
  • Updated: Apr 30, 2021 at 04:26 PM

নতুন দিল্লী (Vishvas News)। এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে য’ত সকলোবোৰ কোঠাত কঁপি থকা দেখা গৈছে। ভিডিঅ’টো ভূমিকম্পৰ দৰে দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি অসমত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ এটা ভিডিঅ’ বুলি দাবী কৰা হৈছে। পিছে আমাৰ অনুসন্ধানত, দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, ভিডিঅ’টো আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাৰহে, ভাৰতৰ নহয়। ভিডিঅ’টো তাত সংঘটিত হোৱা ২০১৮ ৰ ভূমিকম্পৰ।

কি এই ভাইৰেল পোষ্ট?

ভাইৰেল ভিডিঅ’টোত এটা কোঠাত সকলোবোৰ কঁপি থকা দেখা যায়। পোষ্টটোৰ সৈতে দাবী কৰা হৈছে, “#earthquake in
Northeast Assam. see d video Richter Scale reading was 6.4”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

আমি অনুসন্ধানৰ বাবে গুগল ৰিভাৰ্চ ইমেজত এই ভিডিঅ’টোৰ কীফ্ৰেমবোৰ অনুসন্ধান কৰিছিলো। আমি ২০১৮ চনত Sarit Fumjan নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ’টো পাইছিলো। ভিডিঅ’টোৰ লগত ইয়াত লিখা হৈছিল “8:30 a.m. local time, A 7.0 magnitude earthquake hit anchorage Alaska, look how scary sound in my house close to the Ted Stevens Airport.” ইয়াৰ অসমীয়া অনুবাদ হৈছে, ‘“যাৰ অৰ্থ হৈছে হিন্দী” স্থানীয় সময় অনুসৰি পুৱা ৮:৩০ বজাত, এংকৰেজ আলাস্কাত ৭.০ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। টেড ষ্টিভেনছ বিমানবন্দৰৰ ওচৰত থকা মোৰ ঘৰত থকা ভয়ানক শব্দটো চাওক।”

আমাৰ নিজস্ব অনুসন্ধানত, আমি BBC ৰ এটা বাতৰি লাভ কৰিছিলো, এই বাতৰি অনুসৰি বিগত ১ ডিচেম্বৰ, ২০১৮ তাৰিখে আলাস্কাত ৭.০ প্ৰাবল্যৰ ভূমিকম্প হৈছিল।

এই সন্দৰ্ভত আমি Sarit Phumjan ৰ সৈতে ফে’চবুক মেছেঞ্জাৰযোগে যোগাযোগ কৰিছিলো। তেওঁ আমাক নিশ্চিতি দিয়ে যে এই ভিডিঅ’টো তেওঁৰেই আলাস্কাস্থিত ঘৰৰ আৰু এয়া ২০১৮ চনৰ ভিডিঅ’।

২৮ এপ্ৰিলত দৈনিক জাগৰণে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, “আজি ৰাতিপুৱা অসমত তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত কম্পনৰ পৰিমাণ ৬.৪ জোখা হৈছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।

শেষত, টুইটাৰত পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰ ‘@smartsunny’ৰ প্ৰ’ফাইল স্কেন কৰিছিলো। প্ৰ’ফাইলটো স্কেন কৰাৰ পিছত, আমি দেখিছিলো যে ইউজাৰগৰাকীৰ ১৭০ গৰাকী টুইটাৰ ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত আমি লাভ কৰা তথ্য অনুসৰি এই দাবীটো ভুৱা আছিল। দৰাচলতে, ভিডিঅ’টো আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাৰহে, ভাৰতৰ নহয়। ভিডিঅ’টো তাত হোৱা ২০১৮ ৰ ভূমিকম্পৰ।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later